ফেব্ৰুৱাৰী মাহৰ তপত ৰ’দ, ক’লহাপুৰ জিলাৰ ৰাজাৰাম চুগাৰ ফেক্টৰিত আবেলিটো নিজম পৰিছে। ফেক্টৰিটোৰ চৌহদত থকা কুঁহিয়াৰ কটা শ্ৰমিকৰ শ-ডেৰশ খপয়া (জুপুৰী)বোৰত কোনো নাই। শ্ৰমিকবোৰ আছে বডানাগে গাঁৱত কুঁহিয়াৰ কাটি আছে, তালৈকে ইয়াৰ পৰা খোজকাঢ়ি এঘণ্টাৰ বাট।
কাহি-বাতিৰ খুট-খাট শব্দৰ পৰা বুজিব পাৰি যে কেইগৰাকীমান শ্ৰমিক হয়তো তম্বুলৈ উভতিছে। ক’ৰপৰানো শব্দ আহিছে, সেয়া চাবলৈ গৈ লগ পালো ১২ বছৰীয়া স্বাতিক, তাই পৰিয়ালটোৰ ৰাতিৰ আহাৰৰ প্ৰস্তুতি চলাই আছিল। শেতা পৰা ভাগৰুৱা ছোৱালীজনীয়ে তাইলোকৰ জুপুৰীটোৰ এচুকত অকলে বহি আছিল, তাইৰ আশে-পাশে আছিল পাকঘৰৰ ইটো-সিটো বাচন-বৰ্তন।
“পুৱা ৩ বজাৰ পৰা সাৰে আছো,” হামিয়াই থকা স্বাতিয়ে কয়।
মহাৰাষ্ট্ৰৰ বাৱৰা তালুকৰ কুঁহিয়াৰ খেতিত স্বাতিয়ে মাক-দেউতাক, তাইৰ সৰু ভায়েক আৰু ককাদেউতাকক সহায় কৰিবলৈ পুৱাই গৰুগাড়ীত উঠি গৈছিল। দিনে ২৫ মলি (বাণ্ডিল) কুঁহিয়াৰ কটাৰ বাবে পৰিয়ালটোক দায়িত্ব দিয়া হৈছিল, সেই লক্ষ্য পূৰণ কৰিবলৈ হ’লে পৰিয়ালৰ আটায়ে কাম কৰিবই লাগিব। ৰাতিয়ে ৰান্ধি থোৱা ভাখৰি আৰু বেঙেনাৰ আঞ্জা তাইলোকে দুপৰীয়াৰ আহাৰৰ বাবে টোপোলা কৰি নিছিল।
আবেলি ১ বজাত ফেক্টৰিৰ চৌহদত থকা তম্বুলৈ ছয় কিলোমিটাৰ বাট খোজকাঢ়ি কেৱল স্বাতি ঘূৰি আহে। “বাবা (ককাদেউতাক)য়ে মোক থৈ আকৌ পথাৰলৈ যায়।” ১৫ ঘণ্টা কাম কৰি অৱশ আৰু ভোকে-পিয়াহে আতুৰ হৈ পৰা পৰিয়ালটোৰ বাবে তাই ৰাতিৰ আহাৰ ৰান্ধিবলৈ আনকেইজনতকৈ সোনকালে তম্বুলৈ উভতে। “ৰাতিপুৱাৰ পৰা আমাৰ পেটত কেৱল একাপ চাহ পৰিছে,” স্বাতিয়ে কয়।
এনেকৈ ২০২২ৰ নবেম্বৰত বীড় জিলাৰ ছাকুণ্ডৱাড়ি গাঁৱৰ পৰা ক’লহাপুৰ জিলালৈ স্বাতিৰ পৰিয়ালটোৱে প্ৰব্ৰজন কৰাৰ দিন ধৰি পথাৰৰ পৰা ঘৰলৈ অহা-যোৱা, কুঁহিয়াৰ কটা আৰু ৰন্ধা-বঢ়া কৰা- যোৱা পাঁচমাহ ধৰি এয়া স্বাতিৰ প্ৰাত্যাহিক জীৱন হৈ পৰিছে। এই দিনকেইটাত তাইলোক থাকে ফেক্টৰিৰ চৌহদত থকা তম্বুত। অক্সফাম প্ৰকাশিত হিউমেন ক’ষ্ট অৱ ছুগাৰ শীৰ্ষক ২০২০ৰ এক প্ৰতিবেদনত কৈছে যে মহাৰাষ্ট্ৰৰ প্ৰব্ৰজিত শ্ৰমিকে প্ৰায়ে তিৰ্পালৰ চালি তৰি চুবুৰী পাতি থাকে। এনে চুবুৰীবোৰত পানী, শৌচাগাৰ কিম্বা বিদ্যুতৰ সুবিধা প্ৰায়ে নাথাকে।










