ফেনৰ বা লৈ নিশাই মাটিতে বহিছে। জুন মাহৰ দুপৰীয়াৰ গৰম বাঢ়িছে। ইফালে ধঁপাত আৰু শুকান পাতৰ গোন্ধে বতাহ গধুৰ কৰি তুলিছে। ১৭টাকৈ বাণ্ডিলত মেৰিয়াই থোৱা প্ৰায় ৭০০টা বিডিৰ মুঠা দেখুৱাই তেওঁ কয়, “এইটো সপ্তাহত মই মাত্ৰ ইমানখিনি বিড়ি বনাব পাৰিলোঁ। এইখিনিৰ দাম ১০০ টকাৰ বেছি নহয়,” ৩২ বছৰীয়া বিড়ি শ্ৰমিকগৰাকীয়ে নিজৰ সপ্তাহটোৰ কামৰ খতিয়ান দি কয়। মধ্যপ্ৰদেশৰ দামোহ জিলাত এনেদৰে তেওঁলোকে এহেজাৰ বিড়ি নুৰিয়াই ১৫০ টকা পায়।
বিড়ি শ্ৰমিকসকলে প্ৰতি বুধবাৰ আৰু শুকুৰবাৰে তেওঁলোকে বনোৱা বিড়িবোৰ আনে, লগতে পৰৱৰ্তী সপ্তাহটোৰ বাবে কেঁচামালো সংগ্ৰহ কৰে। দামোহ চহৰৰ উপকণ্ঠ অঞ্চলত ভালেমান কাৰখানা আছে। কাৰখানাই নিয়োগ কৰা ঠিকাদাৰে ঘাইকৈ মহিলাসকলক এই কামত লগায়।
মহিলাসকলে কেঁচামাল সংগ্ৰহ কৰে আৰু গোটেই সপ্তাহটো তেন্দু পাত কাটি তাত ধঁপাত মেৰিয়াই সূতাৰে গাঁঠে আৰু বিড়িৰ বাণ্ডিল বনায়। ঘৰৰ কাম-কাজ শেষ হোৱাৰ পিছত তেওঁলোকে এই কামটো কৰে। তেওঁলোকৰ ঘৰৰ ৮-১০ জনীয়া পৰিয়ালৰ মুঠ ১০ৰ পৰা ২০ হাজাৰ আয়ত এনেকৈ সামান্য ধন যোগ হয়। প্ৰায়ভাগ মহিলাই কৃষি শ্ৰমিক বা সামান্য পৰিমাণৰ মাটিৰ মালিক।
“শুকান তেন্দুৰ পাতবোৰৰ সিৰাবোৰ দেখা নোহোৱালৈকে পানীত তিয়াই থ’ব লাগে। তাৰ পিছত ফাৰ্মা [লোহাৰ ষ্টেনচিল] ব্যৱহাৰ কৰি পাতবোৰ সৰু সৰু আয়তক্ষেত্ৰ আকৃতিত কাটি লোৱা হয়। ভিতৰত জৰ্দা [স্বাদযুক্ত ধঁপাত] দি পাতবোৰ নুৰিয়াই বিড়ি বনোৱা হয়,” নিশাই বুজাই কয়। প্ৰতিটো বিড়ি বিশেষ ৰঙীন সূতাৰে বান্ধিব লাগে, সূতাৰ ৰঙেই ব্ৰেণ্ডৰ পৰিচিতি। এই ৰঙেই বেলেগ বেলেগ কোম্পানীৰ চিন।
তাৰ পিছত বিড়িৰ বাণ্ডিলবোৰ বিড়ি কাৰখানালৈ বিক্ৰীৰ বাবে অনা হয়। কাৰখানা মানে বিড়ি বনোৱা ব্ৰেণ্ডৰ প্ৰচেছিং আৰু পেকেজিং ইউনিট আৰু ষ্ট’ৰহাউচ। তেওঁলোকে বনোৱা বাণ্ডিলবোৰ ঠিকাদাৰক গতাই দিয়ে যিয়ে তেওঁলোকৰ লগত কাৰখানালৈ যায় বা পোনপটীয়াকৈ ধন দিয়ে। কাৰখানাৰ ভিতৰত সেইবোৰ ভাগ ভাগ কৰি পেক কৰি মজুত কৰা হয়।









