মায়ে প্ৰায়েই মোক কৈছিল, "কুমাৰ, মই সেই মাছৰ চৰিয়াটো তুলি নোলোৱা হ'লে আজি আমি ইমান দূৰ নাপালোঁহেঁতেন।" মোৰ জন্মৰ পিছৰ বছৰৰ পৰাই মায়ে মাছ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে মোৰ জীৱনটো মাছকেন্দ্ৰিক হৈ পৰিছে।
আমাৰ পাকঘৰটো মাছৰ গোন্ধেৰে ভৰি পৰিছিল। এটা চুকত সদায় ওলমি আছিল শুকান মাছৰ মোনা এটা। প্ৰথম বৰষুণৰ পিছত মায়ে কাৰ্প মাছৰ আঞ্জা ৰান্ধিছিল। মাছৰ এই আঞ্জাই পানীলগা জ্বৰ দূৰ কৰাত সহায় কৰে। মায়ে যেতিয়া মাগুৰ মাছ ৰান্ধে, তেতিয়া গোটেই ঘৰখন ভাললগা গোন্ধেৰে ভৰি পৰে।
সৰুতে মই কেতিয়াবা স্কুল এৰি মাছ ধৰিবলৈ গৈছিলো। সেই সময়ত মাদুৰাইৰ জৱাহৰলালপুৰম অঞ্চলৰ চাৰিওফালে পানী আছিল। জিলাখনৰ বিভিন্ন প্ৰান্তত বহু খাল, নদী, বিল, পুখুৰী আছিল। আগতে দাদাৰ লগত এটা পুখুৰীৰ পৰা আনটো পুখুৰীলৈ গৈছিলো। আমি এটি পাচিসদৃশ যতনো লৈ ফুৰিছিলো আৰু সেইটোৰেও মাছ ধৰিছিলো। তাৰোপৰি আমি নদীৰ পাৰলৈ গৈ জালো পাতিছিলোঁ।
পানীলৈ গৈ যাতে দুষ্টামি নকৰো তাৰ বাবে মায়ে আমাক ভূতৰ কাহিনী কৈ ভয় খুৱাইছিল, কিন্তু পানীয়ে সদায়েই আমাক হাতবাউলি মাতিছিল আৰু সুযোগ পালেই আমি পানীৰ ওচৰ পাইছিলো। মই গাঁৱৰ আন ল’ৰাবোৰৰ লগত মাছ ধৰিছিলো। মই দশম শ্ৰেণী পাছ কৰা বছৰটোত পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল আৰু ওফন্দি উঠা পানীয়ে পথাৰসমূহ বুৰাই পেলাইছিল।
আমাৰ গাঁও জৱাহৰলালপুৰমত তিনিখন বিল আছে — এখন ডাঙৰ বিল, এখন সৰু বিল আৰু মৰুথানকুলাম বিল। আমাৰ ঘৰৰ ওচৰতে থকা ডাঙৰ আৰু সৰু বিল দুখন গাঁৱৰ মানুহক লীজলৈ দিয়া হৈছিল। লীজলৈ লোৱাসকলে তাত মাছ পালন কৰিছিল আৰু সেয়াই আছিল তেওঁলোকৰ জীৱন-জীৱিকা। মাছৰ পোনা এৰাৰ বাবে উপযুক্ত সময় বুলি ধৰা হোৱা থাই মাহত (অসমীয়া মাঘ মাহ, ইংৰাজী কেলেণ্ডাৰ মতে জানুৱাৰী মাহৰ মাজভাগ আৰু ফেব্ৰুৱাৰী মাহৰ মাজভাগ) দুয়োখন বিলতে মাছ এৰি দিয়া হৈছিল।
দেউতাই মাছ কিনিবলৈ গ’লে ময়ো তেওঁৰ পিছে পিছে গৈছিলোঁ। চাইকেলখনৰ পিছফালে আছিল মাছ কঢ়িয়াব পৰা এটা বাকচ। দেউতাই মাছ কিনিবলৈ গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল, প্ৰতিদিনে ২০-৩০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিছিল।


































