ঝাৰখণ্ডৰ চেচাৰিয়া গাৱঁৰ সবিতা দেৱীৰ মাটিৰ ঘৰটোৰ বেৰৰ পৰা ড. বি আৰ আম্বেদকাৰৰ ফটোখনে তললৈ হাউলি চাই আছে। “বাবাচাহেবে আমাক দিছে (ভোট দিয়াৰ অধিকাৰ), সেইবাবেই আমি ভোট দিব পাৰিছোঁ,” সবিতাই ক’লে।
সবিতাৰ এবিঘা (০.৭৫ একৰ) মাটি আছে, য’ত খাৰিফ শস্যৰ ঋতুত তেওঁ ধান আৰু মাকৈৰ খেতি কৰে আৰু ৰবি শস্যৰ ঋতুত ঘেঁহু, বুট আৰু তেলগুটিৰ খেতি কৰে। তেওঁ ভাবিছিল যে পিছ চোতালৰ মাটিখিনিত শাক-পাচলিৰ খেতি কৰিবৰ বাবে ঠিক-ঠাক কৰি ল’ব। “কিন্তু যোৱা দুবছৰ ধৰি পানীয়েই নাই।” একেধাৰে হোৱা খৰাং বতৰৰ ফলত তেওঁৰ পৰিয়ালটো ধাৰত পোত গৈছে।
পালামু জিলাৰ এই গাওঁখনত ৩২ বছৰ বয়সীয়া সবিতা তেওঁৰ চাৰিটা সন্তানৰ স’তে থাকে, তেওঁৰ স্বামী ৩৭ বছৰ বয়সীয়া প্ৰমোদ ৰাম এগৰাকী প্ৰব্ৰজিত শ্ৰমিক, তেওঁ ২০০০ কিলোমিটাৰ দূৰৈৰ বেংগালুৰুত শ্ৰমিক হিচাপে কাম কৰে। দিনহাজিৰা কৰা দলিত শ্ৰমিকগৰাকীয়ে ক’লে, “চৰকাৰে আমাক কাম নিদিয়ে। ল’ৰা-ছোৱালীকেইটাক খুৱাবলৈ নাটেই।”
নিৰ্মাণ ক্ষেত্ৰত কাম কৰি প্ৰমোদে মাহে প্ৰায় ১০,০০০-১৫,০০০ টকা উপাৰ্জন কৰে। মাজে সময়ে তেওঁ ট্ৰাক চালক হিচাপেও কাম কৰে, কিন্তু সেই সুবিধাটো গোটেই বছৰ জুৰি নাথাকে।‘মানুহজনে যদি চাৰি মাহ ঘৰত বহি থাকে, আমি ভিক্ষা মাগিব লাগিব। আমি আৰু কি কৰিব পাৰো (প্ৰব্ৰজনৰ বাদে)?” সবিতাই প্ৰশ্ন কৰিলে।
৯৬০ জন বাসিন্দাৰে (২০১১ চনৰ লোক পিয়ল) চেচাৰিয়া গাঁৱৰ বেছিভাগ পুৰুষেই কামৰ সন্ধানত গাওঁ এৰিব লাগে। “ইয়াত কাম পোৱাৰ একো সুবিধা নাই। কৰিবলৈ কাম পালে মানুহ কিয় বাহিৰলৈ যাব?” সবিতাৰ ৬০ বছৰ বয়সীয়া শাহুৱেক সুৰপতি দেবীয়ে উনুকিয়ালে।












