চন্দ্ৰপুৰৰ উপকণ্ঠ অঞ্চল, চাৰিওফালে গুল্মজাতীয় শুষ্ক ঘন অৰণ্য। তাৰ মাজতে এফালে ২৯২৯ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প, আনফালে শাৰী শাৰী কয়লা-শোধানাগাৰ। তাৰে ছাঁই-ধূলিৰ বাধা নেওচি গাওঁখনৰ ব্যস্ত চ’কটোত এখন গাড়ী আহি ৰ’ল। গাড়ীখন মডিফাই কৰা মহিন্দা কোম্পানীৰ মালবাহী গাড়ী, নম্বৰ MH34AB6880।
গাড়ীখনৰ দুয়োকাষ ৰঙীন আৰু চকুত লগা পোষ্টাৰ, শ্লোগান আৰু ফটোৰে ভৰি আছে। ২০২৩ৰ অক্টোবৰৰ আৰম্ভণিৰ ভাগৰ দেওবাৰটোত তেনেকুৱা গাড়ী এখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাটো স্বাভাৱিক। ডেকা-বুঢ়া সকলোৱে কিনো আহিছে চাবলৈ তালৈ ঢাপলি মেলিছে।
গাড়ীখনৰ পৰা নামিল ভিত্থাল বদখল নামৰ চৰ্চিত লোকজন। লগত তেওঁৰ এজন চালক আৰু সহায়ক। সপ্ততিপৰ লোকজনৰ এহাতে মাইক্ৰ’ফোন, আনখন হাতত মুগা বৰণৰ এখন ডায়েৰী। পিন্ধনত বগা ধুতি-কুৰ্তা, মুৰত এটা নেহৰু টুপি। তেওঁ মাইক্ৰ’ফোনত সমবেত মানুহখিনিক উদ্দ্যেশী ক’বলৈ ধৰিলে, গাড়ীখনৰ আগফালে লগোৱা মাইকেৰে তেওঁৰ দূৰ-দুৰণিলৈ শব্দ বিয়পি পৰিল।
তেওঁ গাওঁখনলৈ অহাৰ উদ্দেশ্য প্ৰথমে ব্যাখ্যা কৰিলে। ঘাইকৈ কৃষিকৰ্ম কৰা আৰু আশে-পাশে কয়লা খনিত নাইবা সৰু সৰু উদ্যোগত দিনহাজিৰা কৰা ৫,০০০ জনসংখ্যাৰ এই গাওঁখনৰ চুকে-কোণে তেওঁৰ মাত বিয়পি পৰে। তেওঁ পাঁচ মিনিটৰ বাবে ভাষণ দিয়ে আৰু দুজন বয়সস্থ গঞাই তেওঁক হাঁহিৰে সম্ভাষণ জনাই কয়:
“আৰে মামা, নমস্কাৰ, য়া বচা (সম্ভাষণ মামা, নমস্কাৰ জনাইছো! অনুগ্ৰহ কৰি ইয়াতে বহক,” ৬৫ বৰ্ষীয় খেতিয়ক, গাঁৱৰ চ’কটোত সৰুকৈ শাক-পাচলিৰ দোকান এখন দিয়া হেমৰাজ মহাদেৱ দিৱসে আগবাঢ়ি আহে।
“নমস্কাৰ জী,” বদখল মামাই দুহাত জোৰ কৰি প্ৰতি সম্ভাষণ জনায়।


















