কোনোবাই জীৱবিজ্ঞানৰ এমএছচি কৰিছে, কোনোবাজন আকৌ সেনা জোৱান। কোনোবা আকৌ ঘৰখন চম্ভালা মহিলা, কোনোবাজনে ভুগোল বিষয়ত গ্ৰেজুৱেচন কৰিছে।

গ্ৰীষ্মকাল পৰিছে। ৰাঁচীৰ ব্যস্ত এলেকা এটাত বিশেষভাবে বিপন্ন জনজাতীয় গোট (পিভিটিজি)ৰ লোকসকল আহি ঝাৰখণ্ড জনজাতীয় গৱেষণা কেন্দ্ৰ (টিআৰআই)ত আদিম জনজাতীসমূহৰ ভাষাৰ সৈতে জৰিত কৰ্মশালাত যোগ দিবলৈ আহিছে।

মাল পাহাৰীয়া জনজাতিৰ মাৱনো ভাষী জগন্নাথ গিৰহি (২৪)য়ে কয়, “আমি বিচাৰো যে আমাৰ ঘৰৰ ল’ৰা-ছোৱালীবোৰে নিজৰ ভাষাত পঢ়ক।” তেওঁ দুমলা জিলাস্থিত নিজ গাঁৱৰ পৰা ২০০ কিলোমিটাৰ বাট অতিক্ৰম কৰি ৰাঁচীলৈ আহিছে আৰু টিআৰআইত নিজৰ লুপ্ৰপ্ৰায় ভাষা মাৱনোৰ ব্যাকৰণ লিখি আছে।

জগন্নাথে কয়, “আমাৰো মন যায় যে আমাৰ ভাষাত কিতাপ ছপা হওঁক।” তেওঁ জীৱবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গাওঁখনৰ প্ৰথমগৰাকী ছাত্ৰ, যিয়ে সিমানখিনিলৈ অধ্যয়ন কৰিছে। তেওঁ কয়, “যিটো সম্প্ৰদায়ৰ শিক্ষাৰ্থী বেছি, সেইটো ভাষাতে বিশ্ববিদ্যালয়বোৰত পঢ়োৱা হয়। ঝাৰখণ্ড কৰ্মচাৰী চয়ন আয়োগ (জেএচএচচি)ৰ পাঠ্যসূচী খোৰঠা, চাওঁতালি আদি ভাষাত সহজে পাই যাব, কিন্তু আমাৰ ভাষাত (মাৱনো)ত নাপাব।”

“এনেকৈয়ে চলি থাকিলে আমাৰ ভাষাটো এদিন শেষ হৈ যাব।” ঝাৰখণ্ডৰ মাল পাহাৰীয়া ভাষী লোকৰ জনসংখ্যা প্ৰায় ১৫ শতাংশ, বাকীখিনি চুবুৰীয়া ৰাজ্যবোৰত থাকে।

তেওঁলোকৰ ভাষা মাৱনো দ্ৰাবিড়ীয় প্ৰভাৱ থকা ইণ্ডো-আৰ্য্য মূলৰ ভাষা। এই ভাষাটো ৪,০০০ৰো কম মানুহে কয় আৰু সেইটো কাৰণতে ইয়াক বিপন্ন বুলি ধৰা হয়। ই চৰকাৰী ভাষাৰ মৰ্য্যাদা পোৱা নাই। ঝাৰখণ্ডৰ ভাৰতীয় ভাষা সমীক্ষা (এলএছআই) অনুসৰি, মাৱনো ভাষাৰ স্কুলত প্ৰয়োগ নাই আৰু নিজাকৈ ভাষাটোৰ সুকীয়া লিপিও নাই।

Members of the Mal Paharia community in Jharkhand rely on agriculture and forest produce for their survival. The community is one of the 32 scheduled tribes in the state, many of whom belong to Particularly Vulnerable Tribal Groups (PVTGs)
PHOTO • Ritu Sharma
Members of the Mal Paharia community in Jharkhand rely on agriculture and forest produce for their survival. The community is one of the 32 scheduled tribes in the state, many of whom belong to Particularly Vulnerable Tribal Groups (PVTGs)
PHOTO • Ritu Sharma

মাল পাহাৰীয়া সম্প্ৰদায়ৰ লোকৰ জীৱিকা ঘাইকৈ খেতি-বাতি আৰু বনজ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। এই সম্প্ৰদায় ৰাজ্যখনৰ ৩২ টা জনজাতীয় সম্প্ৰদায়ৰ মাজৰ এটা। তাৰে কেবাটাও বিশেষভাবে বিপন্ন জনজাতীয় সম্প্ৰদায় (পিভিটিজি)ত পৰে

মাল পাহাৰীয়া সম্প্ৰদায়ৰ লোকসকলৰ জীৱিকা ঘাইকৈ খেতি-বাতি আৰু বনজ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। ঝাৰখণ্ডত এই সম্প্ৰদায়ক পিভিটিজি হিচাপে তালিকাবদ্ধ কৰা হৈছে আৰু তেওঁলোকৰ ঘাই বসতিস্থল হৈছে দুমকা, গোদ্দা, সাহিবগঞ্জ আৰু পাকুড় জিলা। সম্প্ৰদায়টোৰ লোকে কেৱল ঘৰতহে নিজৰ মাৱনো ভাষাত কথা পাতে। তেওঁলোকে কয় যে ঘৰৰ বাহিৰত আৰু চৰকাৰী অফিছ-কাছাৰীত হিন্দী আৰু বাংলা আদি ভাষাৰে প্ৰভুত্ব বেছি, সেয়ে তেওঁলোকৰ ভাষাটো নাইকিয়া হৈ যোৱাৰ সম্ভাৱনাই দেখা দিছে।

কৰ্মশালাত ভাগ লোৱা আন এগৰাকী মাৱনো ভাষী মনোজ কুমাৰ দেহৰী জগন্নাথৰ বক্তব্যৰ সৈতে একমত। ভুগোল বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা পাকুড় জিলাৰ সহৰপুৰ গাওঁ নিবাসী মনোজ (২৩)য়ে কয়, “স্কুলত হিন্দী আৰু বাংলা ভাষাত পঢ়োৱা হয়, যাৰ প্ৰভাৱত আমি নিজৰ ভাষাটো পাহৰি যাবলৈ ধৰিছো।” ঝাৰখণ্ডৰ বেছিভাগ স্কুল-কলেজত পঢ়োৱাৰ মাধ্যম হিন্দী আৰু শিক্ষকবৰ্গও হিন্দীভাষী।

এই প্ৰভাৱশালী ভাষাবোৰৰ উপৰিও ‘সংযোগী ভাষা’ৰো সমস্যা আছে, যিটো জনজাতীয় লোকে নিজৰ মাজত ভাৱৰ আদান-প্ৰদানৰ বাবে ব্যৱহাৰ কৰে। এই সংযোগী ভাষাই অঞ্চল এটাৰ প্ৰভাৱশালী ভাষা আৰু জনজাতীয় ভাষাৰ মাজত সেতুৰ কাম কৰে।

সেৱানিবৃত্ত শিক্ষক আৰু কৰ্মশালাৰ জনজাতীয় সম্প্ৰদায়ৰ অংশগ্ৰহণকাৰীসকলক সহায়ৰ বাবে টিআৰআইৰ দ্বাৰা নিযুক্ত প্ৰমোদ কুমাৰ শৰ্মাই কয়, “আনে বুজিব পৰা ভাষাতে কথা পতাটো ল’ৰা-ছোৱালীৰ পৰা আশা কৰা হয়। এইটো কাৰণতে ল’ৰা-ছোৱালীয়ে নিজৰ মাতৃভাষাৰ পৰা আঁতৰি আহে।”

মাৱনোৰ ক্ষেত্ৰত খোৰঠা আৰু খেতড়ীৰ দৰে সংযোগী ভাষাই মাৱনো ভাষাটোৰ গুৰুতৰ ক্ষতি কৰিছে। মনোজে কয়, “শক্তিশালী ভাষাৰ প্ৰভাৱত আমি নিজৰ ভাষা পাহৰি গৈ আছো।”

PVTGs such as the Parahiya, Mal-Paharia and Sabar communities of Jharkhand are drawing on their oral traditions to create grammar books and primers to preserve their endangered mother tongues with the help of a writing workshop organized by the Tribal Research Institute (TRI) in Ranchi
PHOTO • Devesh

ঝাৰখণ্ডৰ পৰহিয়া, মাল পাহাৰীয়া আৰু সবৰ আদিবাসীসকল ভাষিক পৰম্পৰাৰ পৰা লিখিত শব্দৰ দিশে আগবাঢ়িছে আৰু সংকটাপন্ন নিজৰ ভাষাটো ৰক্ষা কৰিবলৈ বৰ্ণমালা আৰু ব্যাকৰণৰ কিতাপ প্ৰস্তুত কৰিবলৈ লৈছে

দুমাহ চলিবলগীয়া এই কৰ্মশালাত শেষত বিপন্ন ভাষাৰ বুনিয়াদী পৰ্য্যায়ৰ ব্যাকৰণ প্ৰস্তুত কৰা হ’ব। এয়া এনে প্ৰথমখন কিতাপ, যিখন ভাষাবিদে নহয়, সম্প্ৰদায়ৰ লোকে নিজে লিখি উলিয়াব। তেওঁলোকৰ প্ৰচেষ্টাৰে ভাষাটোৰ অৱস্থা কিছু উন্নত হ’ব পাৰে বুলি তেওঁলোকে আশা কৰিছে।

জগন্নাথে কয়, “আন সম্প্ৰদায়বোৰৰ (যিবোৰ পিভিটিজিত নপৰে) নিজা ভাষাৰ কিতাপ-পত্ৰ আছে। তেওঁলোকে নিজৰ ভাষাত পঢ়ে আৰু কাম কৰে।” কিন্তু তেওঁলোকৰ ভাষাৰ ক্ষেত্ৰত এয়া তেতিয়াহে সম্ভৱ, যেতিয়া তেওঁলোকৰ সম্প্ৰদায়ৰ লোকে নিজৰ ভাষা কোৱাটো অব্যাহত ৰাখিব। “গাঁৱত ককা-আইতা বা বয়োজ্যেষ্ঠ মা-দেউতাৰ মুখতহে এই ভাষা চলি আছে। আমাৰ ল’ৰা-ছোৱালীয়ে ঘৰত এই ভাষা শিকিব, তেতিয়াহে এই ভাষাত কথা ক’ব পাৰিব।”

*****

২০১১ৰ লোকপিয়ল অনুসৰি ভাৰতত ১৯,০০০ৰো অধিক মাতৃভাষা আছে। ইয়াৰে কেৱল ২২ টা ভাষাই চৰকাৰী স্বীকৃতি লাভ কৰিছে আৰু অষ্টম অনুসূচীত অন্তৰ্ভুক্ত। লিপিৰ অভাৱত বা মূল ভাষা কোৱা লোকৰ সংখ্যা তীব্ৰ হাৰত কমি অহাত বহু মাতৃভাষাই ‘ভাষা’ৰ স্বীকৃতি নাপায়।

মন কৰিবলগীয়া যে ঝাৰখণ্ডত ৩২টাৰো অধিক ভাষা আছে, যিয়ে চৰকাৰী স্বীকৃতি লাভ কৰা নাই আৰু অষ্টম অনুসূচীত অন্তৰ্ভুক্ত দুই ভাষা বাংলা আৰু হিন্দীৰ তাত প্ৰভুত্ব চলে। এই ভাষাতে স্কুলত পঢ়োৱা হয় আৰু চৰকাৰী পৰ্য্যায়তো এই দুটা ভাষাই ব্যৱহাৰ কৰা হয়। চাওঁতালি ঝাৰখণ্ডৰ একমাত্ৰ জনজাতীয় ভাষা যিটো অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে।

ৰাজ্যৰ অন্য মাতৃভাষা, বিশেষকৈ পিভিটিজি সম্প্ৰদায়ৰ ভাষাসমূহ বিলুপ্ত হোৱাৰ আশংকাই দেখা দিছে।

সেনাবাহিনীত নিযুক্ত সবৰ সম্প্ৰদায়ৰ জোৱান মহাদেৱ (নাম সলনি কৰা হৈছে)য়ে কয়, “আমাৰ ভাষাটো (সবৰ) মিশ্ৰিত ভাষা হ’বলৈ গৈ আছে।”

PHOTO • Devesh

ঝাৰখণ্ডত ৩২টাৰো অধিক ভাষা আছে, যিয়ে চৰকাৰী স্বীকৃতি লাভ কৰা নাই আৰু অষ্টম অনুসূচীত অন্তৰ্ভুক্ত দুই ভাষা বাংলা আৰু হিন্দীৰ তাত প্ৰভুত্ব অক্ষুণ্ণ আছে

তেওঁ কয় যে গাওঁ পঞ্চায়তৰ দৰে স্তৰত সম্প্ৰদায়টোৰ লোকৰ প্ৰতিনিধিত্ব নথকাৰ বাবেও তেওঁলোকৰ ভাষা উপান্ত পৰ্য্যায় পাইছে। “আমি সবৰ সম্প্ৰদায়ৰ লোকসকল ইমানেই সিঁচৰতি হৈ আছো যে যিখন গাঁৱত (জমছেদপুৰৰ নিকটৱৰ্তী) আমি থাকো, তাত খুব বেছি ৯-১০ ঘৰহে আমাৰ মানুহ আছে।” প্ৰায়ভাগ লোকেই অন্য জনজাতিৰ আৰু কিছু অ-জনজাতীয় সম্প্ৰদায়ৰ লোকো আছে। তেওঁ পাৰিক কয়, “নিজৰ ভাষাটো শেষ হৈ অহা দেখি বৰ দুখ লাগে।”

মহাদেবে কয় যে তেওঁৰ মাতৃভাষা সবৰক এলাগি কৰা হৈছে আৰু কাচিৎহে ভাষা বুলি গণ্য কৰা হয়। “কেৱল লিখিত ভাষাৰহে কথা মানুহে প্ৰথমে বিবেচনা কৰে।”

*****

ৰাঁচীৰ জনজাতীয় গৱেষণা প্ৰতিষ্ঠানটো ১৯৫৩ত প্ৰতিষ্ঠান কৰা হৈছিল। উদ্দেশ্য জনজাতীয় জনগোষ্ঠীসমূহৰ সামাজিক, আৰ্থিক, সাংস্কৃতিক আৰু ঐতিহাসিক দিশসমূহৰ ওপৰত গৱেষণা কৰি সেয়া দেশ-দুনীয়াৰ সৈতে সংযোগ ঘটোৱা।

টিআৰআই-য়ে ২০১৮ত প্ৰাচীন জনজাতীয় ভাষাসমূহৰ বৰ্ণমালা আৰু ব্যাকৰণ প্ৰস্তুত কৰাৰ কাৰ্য্যসূচী হাতত লয় আৰু অসুৰ তথা বিৰজিয়াৰ দৰে ভাষাত কিতাপ প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও বিপন্ন ভাষাত উপলব্ধ ফকৰা-যোজনা, জতুৱা ঠাঁচ, লোককথা আৰু কবিতাও কিতাপ আকাৰে প্ৰকাশ কৰিছে।

অৱশ্যে এনে প্ৰয়াসে বিশেষ সফলতা লাভ নকৰাক লৈ সম্প্ৰদায়সমূহৰ লোকসকল হতাশ। জগন্নাথে কয়, “টিআৰআইৰ কিতাপসমূহ স্কুলত দিয়াহেঁতেন আমাৰ ল’ৰা-ছোৱালীয়ে নিজৰ ভাষাত পঢ়িবলৈ পালেহেঁতেন।”

টিআৰআইৰ প্ৰাক্তন সঞ্চালক ৰণেন্দ্ৰ কুমাৰে নিজৰ কাৰ্য্যকালত এই কৰ্মশালাসমূহৰ আৰম্ভণি কৰিছিল। তেঁৱো জগন্নাথৰ মতত হয়ভৰ দিয়ে। “যি যি ঠাইত পিভিটিজি স্কুল আছে, তাত এই কিতাপ প্ৰৱৰ্তন কৰিব লাগে। তেতিয়াহে এই কামৰ আচল উদ্দেশ্য পুৰণ হ’ব।”

The TRI had launched the initiative of publishing the language primers of several endangered and vulnerable Adivasi languages of Jharkhand since 2018 including Asur, Malto, Birhor and Birjia. The series of books further includes proverbs, idioms, folk stories and poems in the respective languages
PHOTO • Devesh

টিআৰআই-য়ে ২০১৮ত প্ৰাচীন জনজাতীয় ভাষাসমূহৰ বৰ্ণমালা আৰু ব্যাকৰণ প্ৰস্তুত কৰাৰ কাৰ্য্যসূচী হাতত লয় আৰু অসুৰ তথা বিৰজিয়াৰ দৰে ভাষাত কিতাপ প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও বিপন্ন ভাষাত উপলব্ধ ফকৰা-যোজনা, জতুৱা ঠাঁচ, লোককথা আৰু কবিতাও কিতাপ আকাৰে প্ৰকাশ কৰিছে

এই কৰ্মশালাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছিল মূল ভাষা জনা লোকৰ সন্ধান। প্ৰমোদ কুমাৰ শৰ্মাই কয়, “মূল ভাষাটো জনাসকলে প্ৰায়ে লিখিব নাজানে।” সেয়ে যিসকলে মিশ্ৰিতভাষীয়েই হওঁক, যিয়ে ভাষাটো জানে আৰু লিখিব পাৰে, তেওঁলোকক টিআৰআইলৈ মাতি আনি বৰ্ণমালাৰ কিতাপ লিখা হয়।

“এই কামৰ বাবে ভাষাৰ বিদ্বান হ’ব লাগিব বুলি কোনো কথা নাই।” কৰ্মশালাত ভাগ লোৱাৰ বাবে ভাষাটো জানিলেই হ’ল। ঝাৰখণ্ড শৈক্ষিক গৱেষণা পৰিষদৰ প্ৰাক্তন ফেকাল্টি প্ৰমোদে এইক্ষেত্ৰত কেনেকৈ আগবাঢ়িব লাগে সেইবিষয়ে কয়, “আমি ভাবো যে কথিত ভাষাৰ পৰা ব্যাকৰণ প্ৰস্তুত কৰাটো ব্যৱহাৰিক দিশৰ পৰা ভাল হ’ব।”

বিড়ম্বনাৰ কথা যে পিভিটিজি ভাষাসমূহত বৰ্ণমালা, ব্যাকৰণৰ কিতাপ আৰু অন্য সামগ্ৰী তৈয়াৰ কৰিবলৈ দেৱনাগৰী লিপি ব্যৱহাৰ কৰা হয়। ব্যাকৰণ লিখি উলিয়াওতে হিন্দী ব্যাকৰণক আধাৰ হিচাপে লোৱা হয়। আৰু যিবিলাক আখৰ আদিম ভাষাত নাই, সেইবোৰ আঁতৰাই দিয়া হয় আৰু তেওঁলোকৰ ভাষাত উপলব্ধ বৰ্ণমালাৰ আধাৰত ব্যাকৰণ প্ৰস্তুত কৰা হয়। প্ৰমোদে কয়, “এই ধৰক ‘ण’ আখৰটো মাৱনো ভাষাত আছে, কিন্তু সবৰ ভাষাত নাই। তেতিয়া সবৰ বৰ্ণমালাত ‘ण’ নাথাকিব, কেৱল ‘न’ লিখা হ’ব।” একেদৰে কোনো স্বৰ বা বৰ্ণ হিন্দীত নাই, কিন্তু আদিবাসী ভাষাত আছে, তেতিয়া তাক চামিল কৰা হয়।

“কিন্তু আমি কেৱল লিপিহে ধাৰলৈ লওঁ, বৰ্ণ বা শব্দৰ উচ্চাৰণ তেওঁলোকৰ ভাষাৰ উচ্চাৰণৰ আধাৰত লিখা হয়,” ষাঠি বৰ্ষীয় প্ৰমোদে কয়।

*****

Left: At the end of the workshop spanning over two months, each of the speakers attending the workshop at the TRI will come up with a primer — a basic grammar sketch for their respective mother tongues. This will be the first of its kind book written by people from the community and not linguists.
PHOTO • Devesh
Right: Rimpu Kumari (right, in saree) and Sonu Parahiya (in blue shirt) from Parahiya community want to end the ‘shame’ their community face when they speak in their mother tongue
PHOTO • Devesh

বাওঁফালে: দুমাহ চলিবলগীয়া এই কৰ্মশালাৰ শেষত লুপ্তপ্ৰায় ভাষাৰ বুনিয়াদী পৰ্য্যায়ৰ ব্যাকৰণ লিখি উলিওৱা হ’ব। এয়া এনে প্ৰথম কিতাপ হ’ব যিখন কোনো বিদ্বান লোকে লিখা নাই, সম্প্ৰদায়ৰ মানুহে নিজে লিখিছে। সোঁফালে: পৰহিয়া সম্প্ৰদায়ৰ ৰিম্পু কুমাৰী (শাড়ী পৰিহীতা) আৰু চনু পৰহিয়া (নীলা চোলা পৰিহীত)য়ে সেই দ্বিধাবোধ আঁতৰাব বিচাৰিছে যিটো তেওঁলোকৰ সম্প্ৰদায়ৰ লোকে নিজৰ ভাষা কওঁতে অনুভৱ কৰে

বেলি ভাতি দিলে। জগন্নাথ, মনোজ আৰু মহাদেৱে অন্য অংশগ্ৰহণকাৰীৰ সৈতে মৌৰাবাদী চকলৈ চাহ খাবলৈ আহিছে। ভাষাৰ চৰ্চাই আন আন দিশো এতিয়া চুবলৈ ধৰিছে, তেওঁলোকে নিজৰ মাতৃভাষাত কথা পতাক লৈ থকা দ্বিধাবোধ আৰু লাজভাৱৰ ওপৰত চৰ্চা আৰম্ভ কৰিছে।

জনজাতীয় লোকে ভাবে যে তেওঁলোকে নিজৰ মন্তব্য দাঙি ধৰিলেও সন্মুখত থকাজনে সেয়া বুজি নাপায়। পৰহিয়া সম্প্ৰদায়ৰ ৰিম্পু কুমাৰীৰ অনুভৱো এনেকুৱাই। তেওঁ গোটেই দিনটো শান্ত হৈ বহি আছিল আৰু কথা-বতৰাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ ক্ষেত্ৰত সংকোচবোধ কৰিছিল। তেওঁ বৰ সংকোচ ভাৱত কথা আৰম্ভ কৰিলে। “মই পৰহিয়াত (ভাষা) কথা পাতিলে মানুহে মোক ঠাট্টা কৰে।” আন সম্প্ৰদায়ৰ ব্যক্তিৰ সৈতে বিয়া হোৱা ৰিম্পু (২৬)য়ে কয়, “শহুৰৰ ঘৰতে যেতিয়া ঠাট্টা কৰে, দুনীয়াৰ আগত কেনেকৈনো নিজৰ ভাষাত কথা কম।”

নিজৰ ভাষা কোৱাৰ ক্ষেত্ৰত তেওঁ আৰু তেওঁৰ সম্প্ৰদায়ে সন্মুখীন হোৱা এই সংকোচবোধৰ পৰা তেওঁ পৰিত্ৰাণ বিচাৰে। সৰু সৰুকৈ তেওঁ এই কথা কৈ বিদায় লয়, “আমাৰ সৈতে আৰু যদি কথা পাতিবলগীয়া আছে, তেন্তে আমাৰ গাঁৱলৈ আহক। ইয়াত কিনো কথা পাতিম।”

এই প্ৰতিবেদকে প্ৰতিবেদন যুগুতোৱাত সহায় কৰাৰ বাবে ৰণেন্দ্ৰ কুমাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।

পাৰিৰ বিপন্ন ভাষা প্ৰকল্পৰ উদ্দেশ্য হৈছে এনে ভাষা ব্যৱহাৰ কৰা সাধাৰণ লোকৰ কণ্ঠ আৰু অভিজ্ঞতাৰ জৰিয়তে বিলুপ্তিৰ দিশে আগবঢ়া ভাৰতীয় ভাষাসমূহ সংৰক্ষণ আৰু নথিভুক্তকৰণ।

অনুবাদ: পংকজ দাস

ਦੇਵੇਸ਼ ਇੱਕ ਕਵੀ, ਪੱਤਰਕਾਰ, ਫ਼ਿਲਮ ਨਿਰਮਾਤਾ ਤੇ ਅਨੁਵਾਦਕ ਹਨ। ਉਹ ਪੀਪਲਜ਼ ਆਰਕਾਈਵ ਆਫ਼ ਰੂਰਲ ਇੰਡੀਆ ਵਿਖੇ ਹਿੰਦੀ ਅਨੁਵਾਦ ਦੇ ਸੰਪਾਦਕ ਹਨ।

Other stories by Devesh
Editor : Ritu Sharma

ਰਿਤੂ ਸ਼ਰਮਾ ਪਾਰੀ ਵਿਖੇ ਖ਼ਤਰੇ ਵਿੱਚ ਪਈਆਂ ਭਾਸ਼ਾਵਾਂ ਦੀ ਸਮੱਗਰੀ ਸੰਪਾਦਕ ਹਨ। ਉਨ੍ਹਾਂ ਨੇ ਭਾਸ਼ਾ ਵਿਗਿਆਨ ਵਿੱਚ ਐਮ.ਏ. ਕੀਤੀ ਹੈ ਅਤੇ ਭਾਰਤ ਦੀਆਂ ਬੋਲੀਆਂ ਜਾਣ ਵਾਲ਼ੀਆਂ ਭਾਸ਼ਾਵਾਂ ਨੂੰ ਸੁਰੱਖਿਅਤ ਅਤੇ ਮੁੜ ਸੁਰਜੀਤ ਕਰਨ ਦੀ ਦਿਸ਼ਾ ਵਿੱਚ ਕੰਮ ਕਰਨਾ ਚਾਹੁੰਦੀ ਹਨ।

Other stories by Ritu Sharma
Translator : Pankaj Das

ਪੰਕਜ ਦਾਸ ਪੀਪਲਸ ਆਰਕਾਈਵ ਆਫ਼ ਦਿ ਰੂਰਲ ਇੰਡੀਆ ਵਿਖੇ ਅਸਾਮੀ ਅਨੁਵਾਦ ਦੇ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਗੁਹਾਟੀ ਦੇ ਰਹਿਣ ਵਾਲ਼ੇ ਹਨ ਅਤੇ ਲੋਕਾਲਾਈਜੇ਼ਸ਼ਨ ਦੇ ਮਾਹਰ ਵੀ ਹਨ ਅਤੇ ਯੂਨੀਸੈਫ਼ ਨਾਲ਼ ਰਲ਼ ਕੇ ਕੰਮ ਕਰ ਰਹੇ ਹਨ। ਉਨ੍ਹਾਂ ਨੂੰ idiomabridge.blogspot.com.‘ਤੇ ਸ਼ਬਦਾਂ ਨਾਲ਼ ਖੇਡਣਾ ਪਸੰਦ ਹੈ।

Other stories by Pankaj Das