কোনোবাই জীৱবিজ্ঞানৰ এমএছচি কৰিছে, কোনোবাজন আকৌ সেনা জোৱান। কোনোবা আকৌ ঘৰখন চম্ভালা মহিলা, কোনোবাজনে ভুগোল বিষয়ত গ্ৰেজুৱেচন কৰিছে।
গ্ৰীষ্মকাল পৰিছে। ৰাঁচীৰ ব্যস্ত এলেকা এটাত বিশেষভাবে বিপন্ন জনজাতীয় গোট (পিভিটিজি)ৰ লোকসকল আহি ঝাৰখণ্ড জনজাতীয় গৱেষণা কেন্দ্ৰ (টিআৰআই)ত আদিম জনজাতীসমূহৰ ভাষাৰ সৈতে জৰিত কৰ্মশালাত যোগ দিবলৈ আহিছে।
মাল পাহাৰীয়া জনজাতিৰ মাৱনো ভাষী জগন্নাথ গিৰহি (২৪)য়ে কয়, “আমি বিচাৰো যে আমাৰ ঘৰৰ ল’ৰা-ছোৱালীবোৰে নিজৰ ভাষাত পঢ়ক।” তেওঁ দুমলা জিলাস্থিত নিজ গাঁৱৰ পৰা ২০০ কিলোমিটাৰ বাট অতিক্ৰম কৰি ৰাঁচীলৈ আহিছে আৰু টিআৰআইত নিজৰ লুপ্ৰপ্ৰায় ভাষা মাৱনোৰ ব্যাকৰণ লিখি আছে।
জগন্নাথে কয়, “আমাৰো মন যায় যে আমাৰ ভাষাত কিতাপ ছপা হওঁক।” তেওঁ জীৱবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গাওঁখনৰ প্ৰথমগৰাকী ছাত্ৰ, যিয়ে সিমানখিনিলৈ অধ্যয়ন কৰিছে। তেওঁ কয়, “যিটো সম্প্ৰদায়ৰ শিক্ষাৰ্থী বেছি, সেইটো ভাষাতে বিশ্ববিদ্যালয়বোৰত পঢ়োৱা হয়। ঝাৰখণ্ড কৰ্মচাৰী চয়ন আয়োগ (জেএচএচচি)ৰ পাঠ্যসূচী খোৰঠা, চাওঁতালি আদি ভাষাত সহজে পাই যাব, কিন্তু আমাৰ ভাষাত (মাৱনো)ত নাপাব।”
“এনেকৈয়ে চলি থাকিলে আমাৰ ভাষাটো এদিন শেষ হৈ যাব।” ঝাৰখণ্ডৰ মাল পাহাৰীয়া ভাষী লোকৰ জনসংখ্যা প্ৰায় ১৫ শতাংশ, বাকীখিনি চুবুৰীয়া ৰাজ্যবোৰত থাকে।
তেওঁলোকৰ ভাষা মাৱনো দ্ৰাবিড়ীয় প্ৰভাৱ থকা ইণ্ডো-আৰ্য্য মূলৰ ভাষা। এই ভাষাটো ৪,০০০ৰো কম মানুহে কয় আৰু সেইটো কাৰণতে ইয়াক বিপন্ন বুলি ধৰা হয়। ই চৰকাৰী ভাষাৰ মৰ্য্যাদা পোৱা নাই। ঝাৰখণ্ডৰ ভাৰতীয় ভাষা সমীক্ষা (এলএছআই) অনুসৰি, মাৱনো ভাষাৰ স্কুলত প্ৰয়োগ নাই আৰু নিজাকৈ ভাষাটোৰ সুকীয়া লিপিও নাই।









