মৃত অশোক যাদৱ খোজকাঢ়ি গৈ আছে! আচৰিত যেন লাগিলেও এয়াই সঁচা।
৪৫ বছৰীয়া ব্যক্তিজনে প্ৰতিদিনে পুৱা আন দহজনৰ দৰে সাৰ পাই শেতেলী এৰে। আন যিকোনো শ্ৰমিকৰ দৰেই কাম কৰিবলৈ ঘৰৰ পৰা ওলাই যায়, গোটেই দিনটো খেতিপথাৰত মূৰৰ ঘাম মাটিত পেলায়। সন্ধিয়া ভাগৰত লেবেজান শৰীৰটো চোঁচৰাই আন শ্ৰমিকৰ দৰেই ঘৰলৈ ওভতে তেওঁ। তেওঁৰ আৰু আন শ্ৰমিকসকলৰ মাজত বৰ বিশেষ কোনো পাৰ্থক্য নাই, কেৱল এটাই মাথো পাৰ্থক্য যে অশোকৰ ইতিমধ্যে আনুষ্ঠানিকভাৱে মৃত্যু হৈছে!
খোৰঘৰৰ নিবাসী অশোক যাদৱে ২০২৩ চনৰ জুলাই মাহত এই কথা অনুভৱ কৰে যে তেওঁ একেৰাহে দুবছৰ ধৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত প্ৰাপ্য ৬০০০ টকা লাভৰ পৰা বঞ্চিত হৈছে। দৰাচলতে ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা এই আঁচনিৰ জৰিয়তে দেশৰ কৃষক সকলে নূন্যতম উপাৰ্জন সমৰ্থন হিচাপে বছৰি সৰ্বাধিক ৬ হাজাৰ টকালৈকে লাভ কৰিবলৈ সক্ষম হৈছিল। চৰকাৰী আঁচনিৰ এই ধন লাভৰ বাবে যোগ্য আছিল অশোক যাদৱো।
প্ৰথম দুবছৰমান নিয়মিতভাৱেই অশোকৰ বেংক একাউণ্টত জমা হৈছিল এই আঁচনিৰ জৰিয়তে প্ৰাপ্য ধন। কিন্তু আঁচনিৰ ধন লাভ কৰাটো হঠাৎ বন্ধ হৈ যোৱাত অশোকে প্ৰথমে ভাবিছিল যে এয়া কোনো বিসংগতিৰ বাবেই ঘটিছে। অশোক যাদৱে এই বিসংগতি দূৰ হোৱাৰ বাবে অপেক্ষা কৰিছিল। কিন্তু দূৰ নহ’ল। খা-খবৰ কৰাৰ পিছত অশোকে জানিব পাৰিলে যে এই বিসংগতি দৰাচলতে তেওঁ ভবাতকৈ বহুত বেছি ডাঙৰ আৰু আশ্বৰ্যজনক।
আঁচনিৰ ধন লাভ কৰাটো বন্ধ হোৱাৰ কাৰণ জানিবলৈ যেতিয়া অশোক যাদৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছিল, তেতিয়া তাত কম্পিউটাৰৰ সন্মুখত বহি থকা ব্যক্তিজনে তথ্য পৰীক্ষা কৰি অতি শান্তভাবেই অশোকক জনাইছিল- ২০২১ চনত কোভিড-১৯ মহামাৰীৰ সময়তে মৃত্যু ঘটিছে তেওঁৰ। সেইবাবেই দুবছৰৰ পৰা অশোকে লাভ কৰা নাই আঁচনিৰ ধন। উপায়ুক্ত কাৰ্যালয়ৰ কম্পিউটাৰ সহায়কগৰাকীৰ এই কথা শুনি স্তম্ভিত হৈ পৰিছিল অশোক। ক্ষন্তেক পৰ শিলৰ মূৰ্তি এটাৰ দৰে জঠৰ হৈ পৰিছল শৰীৰ। অশোকে কয়, “এই কথা শুনি মই কি ক’ম ভাবিয়েই পোৱা নাছিলো।''







