ডেকা ল’ৰাজন ৰংগমঞ্চলৈ উঠি গ’ল আৰু তাত নাচি থকা মহিলাসকলৰ মাজত থকা ১৯ বৰ্ষীয় মুস্কানৰ হাতত ধৰিলে। “অভিয়ে গ’লি মাৰ দেংগে তৌ তুৰন্ত নাচনে লগোগী (এতিয়াই গুলি মাৰি দিলে নাচিবলৈ ধৰিবি),” ডেকা ল’ৰাজনে ক’লে।
তেওঁ মুস্কানক ভাবুকি দিয়া দেখি দৰ্শকে আকৌ কিৰিলি পাৰিবলৈ ধৰিলে। তৰুণ নৃত্যশিল্পীগৰাকীয়ে দৰাচলতে হাজাৰৰ ঘৰত থকা লালায়িত দৰ্শকৰ সন্মুখত সেই সস্তীয়া যৌনগন্ধী ভোজপুৰী গানটোত নাচিবলৈ অমান্তি হৈছিল। বিহাৰৰ পূৱ চম্পাৰন জিলাত সেই অনুষ্ঠান চলি আছিল।
ৰুণালী অৰ্কেষ্ট্ৰা গ্ৰুপৰ সাতগৰাকী নৃত্যশিল্পীৰ এগৰাকী মুস্কান। তেওঁলোকে স্থানীয়ভাবে অৰ্কেষ্ট্ৰা বুলি কোৱা নাচ-গানৰ দল এটাৰ লগত গৈছিল। চিৰাইয়া ব্লকৰ দূৰ্গা পূজাৰ অংশ হিচাপে এই নৃত্য-গীতৰ অনুষ্ঠানটো আয়োজন কৰা হৈছিল।
“এনেকুৱা ভয়-ভাবুকিভৰা চাৱনি আৰু আচৰণ নৃত্যশিল্পীসকলৰ বাবে কোনো নতুন কথা নহয়,” অৰ্কেষ্ট্ৰাত কাম কৰাৰ তিনি বছৰৰ অভিজ্ঞতা হ’বৰ হোৱা মুস্কানে কয়।
কিন্তু চকুৰ পচাৰতে তেনে অভব্য আচৰণ যৌন-আতিশয্যৰ ৰূপ লয়গৈ। “কঁকালত হাত দিয়া, ব্লাউজৰ ভিতৰলৈ হাত সুমোৱাই দিয়াৰ চেষ্টা কৰা আদি ইয়ালৈ অহা পুৰুষৰ বাবে তেনেই সাধাৰণ কথা। প্ৰতিদিনে এনেকুৱা ঘটনা ঘটে,” এগৰাকী নৃত্যশিল্পী ৰাধাই আমাৰ আগত কয়।
বিহাৰত অৰ্কেষ্ট্ৰা অনুষ্ঠান সাধাৰণতে উচৱৰ সময়ত, ব্যক্তিগত পাৰ্টি বা বিয়া-সবাহত আয়োজন কৰা হয়। নৃত্যশিল্পীসকলক তেওঁলোকৰ প্ৰদৰ্শনৰ ভিত্তিত ১,৫০০ৰ পৰা ২,০০০ টকা দিয়া হয়। আনকি আটাইতকৈ ভাল নাচিব পৰা নৃত্যশিল্পীকো ৫,০০০তকৈ অধিক টকা দিয়া নহয়। পইচা বেছি উপাৰ্জন কৰিবলৈ তেওঁলোকে সেয়ে একাধিক অৰ্কেষ্ট্ৰা আয়োজকৰ সৈতে যোগাযোগ ৰাখে।
“সোণেপুৰ মেলাত আয়োজিত অৰ্কেষ্ট্ৰা অনুষ্ঠানত নাচিবলৈ ভাৰত আৰু নেপালৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২০০ গৰাকী ছোৱালী আহে,” মুস্কানে কয়। মুস্কানে বিহাৰৰ সাৰণ জিলাত প্ৰতি বছৰে আয়োজন কৰা সোণেপুৰ মেলাত অৰ্কেষ্ট্ৰা অনুষ্ঠানৰ আয়োজকৰ সৈতে চিনাকি হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ নৃত্যশিল্পী হিচাপে কাম কৰি আহিছে। দিন বাগৰাৰ লগে লগে তেওঁ কামতো দক্ষ হৈ পৰিল।
এনে অৰ্কেষ্ট্ৰা অনুষ্ঠানসমূহৰ বাবে প্ৰায়ে ১৫-৩৫ বছৰৰ ভিতৰৰ ছোৱালীক নৃত্যশিল্পী হিচাপে লোৱা হয়। “কিছুমান ছোৱালী এতিয়াও পৰিয়ালৰ সৈতে সংস্পৰ্শত আছে। বছৰত তেওঁলোকে এবাৰ-দুবাৰ ঘৰলৈ যায়,” মুস্কানে লগতে কয়। “তেওঁলোকৰ পৰিয়ালে তেওঁলোকে কৰা কামৰ বিষয়ে জানে,” মুস্কানে কয় আৰু পৰিয়ালে কিয় এনে কামৰ বাবে ছোৱালীক সমৰ্থন কৰে, সেয়া বুজায়, “তেওঁলোককো চলিবলৈ পইচাৰ প্ৰয়োজন, পেট প্ৰৱৰ্তাবলৈ পইচা লাগিবই।”
নাচৰ মাজত যৌন হাৰাশাস্তিৰ সন্মুখীন হোৱা স্বত্ত্বেও মুস্কানে অৰ্কেষ্ট্ৰা অনুষ্ঠানত কাম কৰিবই লাগিব, কিয়নো সেইৰেই তেওঁ নিজৰ আৰু জীয়াৰীৰ পেট পুহিব পাৰিছে, আৰু সেয়ে তেওঁ নিৰন্তৰ কাম কৰি গৈছে, নাচিছে। মাত্ৰ ১৩ বছৰ বয়সতে কলকাতাৰ ২৯ বছৰীয়া যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মুস্কানে। তিনি বছৰীয়া নিৰ্যাতনৰ পৰিক্ৰমা সহ্য কৰাৰ অন্তত তেওঁ তাই শহুৰেকৰ ঘৰৰ পৰা পলায়ন কৰে।
“ কন্যা সন্তান জন্ম দিয়াটো তেওঁ ভাল পোৱা নাছিল আৰু আমাৰ সন্তানটো বিক্ৰী কৰিব বিচাৰিছিল ,” নিজৰ এবছৰীয়া কন্যাক লৈ বিহাৰৰ পৰা ৰেলত কি কাৰণত , কেনেকৈ তেওঁ পলায়ন কৰিছিল , সেই কাহিনী মুস্কানে কয়। ইয়াত আহি সোণেপুৰ মেলাত তেওঁ কাম বিচাৰি পালে।
মৌলিক প্ৰয়োজনীয়তাখিনিৰ পৰাও অৰ্কেষ্ট্ৰা নৃত্যশিল্পীসকল বঞ্চিত হয়, তেওঁলোকৰ বিৰুদ্ধে চলি থকা বৈষম্যৰ সীমা নাই, মুস্কানে কয়। “আনকি থকা ঠাই বিচাৰি পোৱাটোও আমাৰ বাবে কঠিন হৈ পৰে,” মুস্কান আৰু তেওঁৰ কন্যাজনী পাটনাৰ উপকণ্ঠ অঞ্চল দীঘাত এটা ভাড়াঘৰত থাকে। দুটা বেডৰুমৰ পকী ঘৰটোত তেওঁৰ সৈতে আন ছয়গৰাকী ছোৱালী থাকে। তেওঁলোকেও নৃত্যশিল্পী হিচাপেই কাম কৰে। “ইয়াত ছোৱালীবোৰৰ লগত থাকি ভাল লাগে। এই ঠাইখন সস্তীয়া আৰু ভাড়া আৰু অন্যান্য খৰচ আমি ভাগ কৰি লওঁ,’ মুস্কানে কয়।
মুস্কানে অত্যাচাৰী স্বামীৰ লগত থকাতকৈ ইয়াত সন্মুখীন হোৱা হাৰাশাস্তি আৰু বৈষম্যৰ সহ্য কৰি থকাটোৱে ঠিক বুলি ভাবি বুলি ভাবি লৈছে।“যহা তৌহ ৰৌজ চু কে ছ’ৰ দেতে হ্যে, কম্ চে কম্ পেহলে কি তৰহ ৰৌজ ৰাত কৌ ৰেপ তৌ নহী হৌতা (ইয়াততো সিহঁতে স্পৰ্শ কৰি এৰি দিয়ে, আগৰ দৰে সদায় ৰাতি ধৰ্ষণ অন্ততঃ কোনোৱে নকৰে)। সদায় ধৰ্ষিত হোৱাতকৈ ইয়াত এনেকৈ থকাই ভাল।”
অৰ্কেষ্ট্ৰাত নিজে ইমান অত্যাচাৰৰ সন্মুখীন হোৱা মুস্কানে নিজৰ কন্যাজনীক নৃত্যশিল্পী হিচাপে গঢ়িব নিবিচাৰে। তেওঁ তাই পঢ়ি-শুনি নিজা কেৰিয়াৰ গঢ়াটো বিচাৰে, “ভাল জীৱন এটা পাওঁক, সিমানেই বিচাৰো।” মুস্কানে প্ৰাথমিক শিক্ষা শেষ কৰাৰ পিছতেই তেওঁক বিয়া দি দিয়া হৈছিল।
মুস্কানে কয়, “ইয়াত আমাৰ বহুতৰে হাতত কোনো পৰিচয় পত্ৰ নাই, সেয়ে বিদ্যালয়ত নামভৰ্তি কৰাটো বহু সময়ত কঠিন হৈ পৰে। লগতে তেওঁ কয়, “কাগজ-পাতি নথকাকৈ মই কেনেকৈ তাইক স্কুললৈ পঠিয়াম, নাজানে। কাৰ ওচৰত সহায়ৰ বাবে হাত পাতিম, সেয়াও নাজানো।”
অৰ্কেষ্ট্ৰা অনুষ্ঠানৰ বাবে পাটনালৈ যোৱাৰ সময়ত মুস্কানক সংগ দিয়া প্ৰিয়াই অৰ্কেষ্ট্ৰাৰ গ্ৰুপত ডুৱেট ডান্সাৰ হিচাপে কাম কৰে। প্ৰিয়াই মাত্ৰ ১৬ বছৰ বয়সতে স্বামীৰ সৈতে নৃত্যশিল্পী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল।
এতিয়া কুৰি বছৰ হোৱা প্ৰিয়াই কয়, “এই কামকে সদায় কৰি থাকিব নোৱাৰো। স্বামীৰ সৈতে সাধাৰণ সামগ্ৰীৰ দোকান এখন খোলাৰ তেওঁ পৰিকল্পনা কৰিছে। “মই অতি সোনকালে এটা সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰিছো। আমাৰ সন্তানৰ অৰ্কেষ্ট্ৰাৰ সৈতে কিবা সম্পৰ্ক থাকক, সেয়া আমি নিবিচাৰো,’’ তেওঁ কয়।
মনীষা আন এগৰাকী নৃত্যশিল্পী, তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই অৰ্কেষ্ট্ৰা অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছিল। পিতৃৰ মৃত্যুৰ পিছত মনীষাৰ ঘৰখন মাকে চলোৱাত বহুত অসুবিধা পাইছিল। তেওঁ কয়, “সদায় এই কাম কৰি নাথাকো, অস্থায়ীভাবেহে ইয়াত আছো। পইচা অলপ গোটাব পাৰিলে মই উভতি গৈ এজন ভাল মানুহৰ সৈতে বিয়াত বহিম।”
বিহাৰৰ সাৰণ জিলাৰ চাপ্ৰা চহৰৰ স্থানীয় বজাৰ জনতা বাজাৰৰ অৰ্কেষ্ট্ৰা অনুষ্ঠানৰ আয়োজকসকলৰ অফিছবোৰ আছে। অৰ্কেষ্ট্ৰা অনুষ্ঠানৰ এজন আয়োজক বিকিয়ে কয়, “জনতা বাজাৰ অৰ্কেষ্ট্ৰা নাচনীৰ পাইকাৰী বজাৰৰ দৰে।”
নৃত্যশিল্পীসকলে সন্মুখীন হোৱা হাৰাশাস্তিৰ বিষয়ে জ্ঞাত বিকিয়ে কয়, “নৃত্যশিল্পীসকলক প্ৰায়ে ‘বেয়া মহিলা’ বুলি ভবা হয় আৰু হাৰাশাস্তি কৰা হয়। তেওঁলোকক হাৰাশাস্তি কৰা মানুহবোৰৰ কথা অৱশ্যে কোনেও নকয়।” তেওঁ খৰধৰকৈ আৰু কয়, “মই এজন বিবাহিত মানুহ আৰু এটা পৰিয়াল আছে। নৃত্যশিল্পীসকলক মই মোৰ পৰিয়ালৰ দৰে ভাবো।” ডাঙৰ অনুষ্ঠান থাকিলে তেওঁলোকে নিৰাপত্তাৰক্ষী নিয়োগ কৰিবলগীয়া হয় বুলি তেওঁ কয়।
বিকিয়ে কয়, “পি.পি.বোৰত হাৰাশাস্তি বহু বেছি। পি.পি. মানে তেওঁ বুজাই দিয়ে, প্ৰাইভেট পাৰ্টি, যিবোৰ সাধাৰণতে হাই-প্ৰ’ফাইল লোকে পাতে। আয়োজক ৰাজুৱেও কয়, “প্ৰায়ে আৰক্ষীৰ সন্মুখতে নৃত্যশিল্পীসকলক হাৰাশাস্তি কৰা হয়।”
প্ৰতিবেদনত আটাইবোৰ নাম সলনি কৰা হৈছে।
অনুবাদ: পংকজ দাস