এয়া মহীশূৰৰ দ্বিতীয় গৌৰৱ যাত্ৰা। ২০২৪ৰ ১৮ মাৰ্চৰ প্ৰখৰ ৰ’দত আবেলি ৩ বজাৰ পৰা ৰং-বিৰঙী পোচাকেৰে প্ৰায় ৪০০ জন অংশগ্ৰহণকাৰীয়ে চবৰৰ পৰা মহীশূৰ টাউন হললৈ প্ৰাইড মাৰ্চত ভাগ লৈছে।

“এই যাত্ৰাত ভাগ ল’বলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। মহীশূৰখন সলনি হৈছে,” চহৰখনত ডাঙৰ-দীঘল হোৱা শ্বেইকজাৰাই কয়। মই যোৱা ৫-৬ বছৰ ধৰি ক্ৰছ-ড্ৰেছিং কৰি আহিছো, কিন্তু মানুহে সদায় মোক জাজ কৰিছিল, কৈছিল, ‘ল’ৰা হৈ কিয় ছোৱালীৰ পোচাক পিন্ধিছা?’ কিন্তু মানুহে এতিয়া কথাবোৰ বুজি পোৱা হৈছে। মই যি, তাৰবাবে নিজক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিছো,” বেংগালুৰুৰ কল চেণ্টাৰ এটাত কাম কৰা ২৪ বৰ্ষীয় শ্বেইকজাৰাই কয়। তেওঁৰ দৰে কৰ্ণাটক, গোৱা, তামিলনাডুৰ বহুতেই তেওঁলোকৰ সমৰ্থন ব্যক্ত কৰিবলৈ এই যাত্ৰাত ভাগ লৈছে।

য়েলাম্মা (ৰেণুকা দেৱী বুলিও জনা যায়) দেৱীৰ সোণালী মূৰ্তিটো এই গৌৰৱ যাত্ৰাৰ যেন নয়নৰ মণি। দহ কিলোগ্ৰাম ওজনৰ মূৰ্তিটো মূৰত লৈ অংশগ্ৰহণকাৰীসকলে ঢোল-খোল বজাই নাচি-বাগি আগবাঢ়িছিল।

PHOTO • Sweta Daga
PHOTO • Sweta Daga

বাওঁফালে: চাকিনা (বাওঁফালে) আৰু কুনাল (সোঁফালে)ৰ সৈতে শ্বেইকজাৰাই (সোঁমাজত) গৌৰৱ যাত্ৰাত ভাগ লৈছে। ‘ইয়াত (গৌৰৱ যাত্ৰাত) ভাগ লৈ মই গৌৰৱ অনুভৱ কৰিছো। মহীশূৰখন সলনি হৈছে,’ শ্বেইকজাৰাই কয়। সোঁফালে: থিপেছ আৰ, গাৰাগৰ এজন শিক্ষাৰ্থীক ২০২৪ৰ ১৮ মাৰ্চৰ গৌৰৱ যাত্ৰাত দেখা গৈছে

PHOTO • Sweta Daga

য়েলাম্মা দেৱীৰ ১০ কিলোগ্ৰাম ওজনৰ সোণালী মূৰ্তিটো অংশগ্ৰহণকাৰীয়ে মূৰত লৈ আগবাঢ়িছে

এই মাৰ্চ নম্মা প্ৰাইড আৰু চেভেন ৰেইনব’জ নামে ৰূপান্তৰকামী লোকৰ হৈ কাম কৰা সংস্থা দুটাৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল। “এইবছৰ আমি দ্বিতীয়বাৰৰ বাবে ওলাই আহিছো আৰু এদিনতে পুলিচৰ পাৰ্মিচন পাইছো, যোৱাবাৰ দুসপ্তাহ লাগিছিল,” সম্প্ৰদায়টোৰ মাজত সন্মানেৰে সম্বোধিত প্ৰণতি আম্মাই কয়। তেওঁ চেভেন ৰেইনব’জৰ প্ৰতিস্থাপক আৰু যোৱা ৩৭ বছৰ ধৰি লিংগ তথা যৌনতা বিষয়ক কাম-কাজত জড়িত।

“আমি পুলিচৰ সৈতে ভালদৰে যোগাযোগ ৰক্ষা কৰিবলৈ শিকিছো। অৱশ্যে মহীশূৰতে এতিয়াও এনে বহু মানুহ আছে যিয়ে আমাক ভাল নাপায় আৰু আমি নাইকিয়া হৈ যোৱাটো বিচাৰে। কিন্তু আমি ভাবো যে এই প্ৰাইড মাৰ্চ ডাঙৰ হওঁক আৰু প্ৰতিবছৰে ই আৰু বৈচিত্ৰময় হৈ উঠক,” তেওঁ কয়।

এক কিলোমিটাৰ এই মাৰ্চ চহৰৰ ব্যস্ততাভৰা পথেৰে আগবাঢ়িছিল। স্থানীয় আৰক্ষীয়ে ট্ৰেফিক নিয়ন্ত্ৰণ কৰিছিল যাতে অনুষ্ঠানটো সুকলমে হৈ যায়। “এইসকল লোকক আমি সন্মান কৰোঁ। একো বাধা-বিঘিনি নহওঁক বুলি আমি তেওঁলোকক সহায় কৰিছো। আমি এইসকল লোকক (ৰূপান্তৰকামী) সমৰ্থন কৰোঁ,” সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক বিজয়েন্দ্ৰ সিঙে কয়।

“ৰূপান্তৰকামী মহিলাই ভাৰতত এক জটিল স্থান অধিকাৰ কৰি আছে। কিংবদন্তি আৰু আলৌকিক শক্তিৰ ইতিহাস থকা বাবে তেওঁলোকক কিছু সাংস্কৃতিক সুৰক্ষা দিয়া হৈছে যদিও সততে তেওঁলোক বৈষম্যৰ চিকাৰ হয় আৰু হাৰাশাস্তিৰ সন্মুখীন হয়,” কুইয়াৰ ব্যক্তি হিচাপে নিজকে চিনাকি দিয়া মানসিক স্বাস্থ্য বিষয়ক পেছাদাৰী দীপক ধনঞ্জয়ে কয়। “স্থানীয় সম্প্ৰদায়টোৱে মানুহক এইবিষয়ত সজাগ-সচেতন কৰাৰ কাম কৰি আছে। একে ৰাতিতে মানুহৰ মানসিকতা সলনি কৰিব পৰা নাযায়, কিন্তু যেতিয়া এই যাত্ৰাবোৰ দেখো, বিশেষকৈ সৰু চহৰত, কোনো হিংসা-বিদ্বেষৰ ঘটনা নোহোৱাকৈ, তেতিয়া মোৰ মনত আশা জাগে,” তেওঁ কয়।

গৌৰৱ যাত্ৰাত ভাগ লোৱা ৩১ বৰ্ষীয় প্ৰিয়াংক আশা সুখনন্দে কয়, “ইউনিভাৰ্ছিটিত থাকোতে মই বৈষম্য আৰু আতিশয্যৰ সন্মুখীন হৈছিলো। তেতিয়াই সিদ্ধান্ত লৈছিলো যে মই মোৰ অধিকাৰৰ বাবে যুঁজিম। প্ৰতিবাৰ এই প্ৰাইড মাৰ্চে মোৰ দৰে পৰিস্থিতিত থকা লোকসকলৰ অধিকাৰৰ এই সংগ্ৰামখন মনত পেলাই দিয়ে। সেয়ে মই এই যাত্ৰাত তেওঁলোকৰ কথা ভাবি ভাগ লওঁ।” বেংগালুৰুৰ এগৰাকী বিশেষ শিক্ষক আৰু চেফ প্ৰিয়াংক লগতে কয়, “আমি মহীশূৰৰ এলজিবিটি সম্প্ৰদায়ৰ প্ৰকৃত শক্তি দেখিছো আৰু ই আমাক মনোবল দিছে।”

PHOTO • Sweta Daga

ৰূপান্তৰকামীসকলৰ পতাকা দাঙি নন্দিনীয়ে কয়, ‘মই বেংগালুৰুৰ পৰা আহিছো কিয়নো মই ক’ত থাকিব লাগে, সেয়া দেখুৱাব খোজো। আমিও ফুৰ্তি কৰিব পাৰো’

PHOTO • Sweta Daga

স্থানীয় আৰক্ষীয়ে ট্ৰেফিক নিয়ন্ত্ৰণ কৰি বাট উলিয়াই দিছে। এইসকল লোকক আমি সন্মান কৰোঁ। একো বাধা-বিঘিনি নহওঁক বুলি আমি তেওঁলোকক সহায় কৰিছো। আমি এইসকল লোকক (ৰূপান্তৰকামী) সমৰ্থন কৰোঁ, সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক বিজয়েন্দ্ৰ সিঙে কয়

PHOTO • Sweta Daga

নাম্মা প্ৰাইড আৰু চেভেন ৰেইনব জে অনুষ্ঠিত কৰা এই প্ৰাইড মাৰ্চ সকলোৰে বাবে মুকলি – সকলো সম্প্ৰদায় আৰু সহযোগীয়ে ইয়াত ভাগ ল ব পাৰে

PHOTO • Sweta Daga

চহৰখনত অটোচালক হিচাপে কাম কৰা আজাৰ (বাওঁফালে) আৰু দীপক ধনঞ্জয়া, মানসিক স্বাস্থ্যৰ পেছাদাৰী ব্যক্তি – দুয়োজনে নিজকে কুইয়াৰ হিচাপে পৰিচয় দিয়ে। এনে হোৱা আগতে কেতিয়াও দেখা নাই, আজাৰে কয়

PHOTO • Sweta Daga

বাওঁফালৰ পৰা সোঁফাললৈ : প্ৰিয়াংক, দীপক, জামীল, আদিল পাচা আৰু আক্ৰাম জান। জামীল, আদিল পাচা আৰু আক্ৰাম জান স্থানীয় ব্যৱসায়ী, তেওঁলোকে তাত কাপোৰৰ দোকান চলায়। আমি তেওঁলোকক বুজি নাপাও (ৰূপান্তৰকামী লোকসকলক), কিন্তু তেওঁলোকক বেয়াও নাপাও। তেওঁলোকৰো আমাৰ দৰে অধিকাৰ আছে

PHOTO • Sweta Daga

য়েলাম্মা দেৱী (ৰেণুকা বুলিও জনা যায়) আছিল এই উৎসৱৰ নয়নৰ মণি

PHOTO • Sweta Daga

ৰং-বিৰঙী পোচাক পিন্ধা অংশগ্ৰহণকাৰীসকলে চবৰৰ পৰা মহীশূৰ টাউল হললৈ সমদল উলিয়াইছে

PHOTO • Sweta Daga

গৌৰৱ যাত্ৰাত ভাগ লোৱা বেংগালুৰুৰ মনোজ পূজাৰীয়ে নাচিছে

PHOTO • Sweta Daga

চহৰখনৰ ব্যস্ততাভৰা বজাৰ এলেকাৰ মাজেৰে এক কিলোমিটাৰ বাট এই গৌৰৱ যাত্ৰাই অতিক্ৰম কৰে

PHOTO • Sweta Daga

গৌৰৱ যাত্ৰাত ভাগ লোৱা অংশগ্ৰহণকাৰীসকল

PHOTO • Sweta Daga

অংশগ্ৰহণকাৰীসকল টাউন হলৰ দিশে আগবাঢ়িছে

PHOTO • Sweta Daga

বেগম সোণিয়ে নিজেই নিজৰ পোচাকযোৰ চিলাইছে, এগৰাকী কুইয়াৰ ব্যক্তি হিচাপে মুক্তিৰ প্ৰতীক বুজাবলৈ তেওঁ ডেউকা দুখন দেখুৱাইছে

PHOTO • Sweta Daga

প্ৰাইড পতাকাখন

PHOTO • Sweta Daga

ঢোল বজাই, নাচি-বাগি সকলোৱে আগবাঢ়িছে। আমাৰ সম্প্ৰদায়ত বহু আক্কা (ভনী) আছে, যিসকল ৰূপান্তৰকামী, মোৰ ভনীজনীও। তেওঁলোক আমাৰ মাজৰে। সেয়ে আমি তেওঁলোকলৈ সমৰ্থন আগবঢ়াইছোঁ, নন্দিশ আৰ.য়ে কয়

PHOTO • Sweta Daga

মহীশূৰ টাউন হলত এই গৌৰৱ যাত্ৰাৰ সামৰণি পৰে

অনুবাদ: পংকজ দাস

Sweta Daga

ਸਵੇਤਾ ਡਾਗਾ ਬੰਗਲੁਰੂ ਦੀ ਇੱਕ ਲੇਖਕ ਅਤੇ ਫੋਟੋਗ੍ਰਾਫਰ ਹਨ ਅਤੇ 2015 ਦੀ ਪਾਰੀ ਦੀ ਫ਼ੈਲੋ ਹਨ। ਉਹ ਮਲਟੀਮੀਡੀਆ ਪਲੇਟਫਾਰਮਾਂ ਵਿੱਚ ਕੰਮ ਕਰਦੀ ਹਨ ਅਤੇ ਜਲਵਾਯੂ ਪਰਿਵਰਤਨ, ਲਿੰਗ ਅਤੇ ਸਮਾਜਿਕ ਅਸਮਾਨਤਾ ਬਾਰੇ ਲਿਖਦੀ ਹਨ।

Other stories by Sweta Daga
Editor : Siddhita Sonavane

ਸਿੱਧੀਤਾ ਸੋਨਾਵਨੇ ਪੀਪਲਜ਼ ਆਰਕਾਈਵ ਆਫ ਰੂਰਲ ਇੰਡੀਆ ਵਿਖੇ ਇੱਕ ਪੱਤਰਕਾਰ ਅਤੇ ਸਮੱਗਰੀ ਸੰਪਾਦਕ ਹਨ। ਉਨ੍ਹਾਂ ਨੇ 2022 ਵਿੱਚ ਐੱਸਐੱਨਡੀਟੀ ਮਹਿਲਾ ਯੂਨੀਵਰਸਿਟੀ, ਮੁੰਬਈ ਤੋਂ ਆਪਣੀ ਮਾਸਟਰ ਡਿਗਰੀ ਪੂਰੀ ਕੀਤੀ ਅਤੇ ਉਨ੍ਹਾਂ ਦੇ ਹੀ ਅੰਗਰੇਜ਼ੀ ਵਿਭਾਗ ਵਿੱਚ ਇੱਕ ਵਿਜ਼ਿਟਿੰਗ ਫੈਕਲਟੀ ਹਨ।

Other stories by Siddhita Sonavane
Translator : Pankaj Das

ਪੰਕਜ ਦਾਸ ਪੀਪਲਸ ਆਰਕਾਈਵ ਆਫ਼ ਦਿ ਰੂਰਲ ਇੰਡੀਆ ਵਿਖੇ ਅਸਾਮੀ ਅਨੁਵਾਦ ਦੇ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਗੁਹਾਟੀ ਦੇ ਰਹਿਣ ਵਾਲ਼ੇ ਹਨ ਅਤੇ ਲੋਕਾਲਾਈਜੇ਼ਸ਼ਨ ਦੇ ਮਾਹਰ ਵੀ ਹਨ ਅਤੇ ਯੂਨੀਸੈਫ਼ ਨਾਲ਼ ਰਲ਼ ਕੇ ਕੰਮ ਕਰ ਰਹੇ ਹਨ। ਉਨ੍ਹਾਂ ਨੂੰ idiomabridge.blogspot.com.‘ਤੇ ਸ਼ਬਦਾਂ ਨਾਲ਼ ਖੇਡਣਾ ਪਸੰਦ ਹੈ।

Other stories by Pankaj Das