"এদিন মই অলিম্পিকত ভাৰতৰ হৈ পদক জয় কৰিব বিচাৰো," ক্ৰীড়া একাডেমিৰ কাষেৰে পাৰ হৈ যোৱা পকী পথত এটা দীঘলীয়া দৌৰৰ কচৰৎ ড্ৰিল সম্পূৰ্ণ কৰাৰ পিছত চুটি চুটি উশাহ টানি তেওঁ এইদৰে কয়। তেওঁৰ ভাগৰুৱা আৰু আঘাতপ্ৰাপ্ত খালী ভৰিদুখনে চাৰি ঘণ্টাৰ কষ্টকৰ প্ৰশিক্ষণৰ পিছত অৱশেষত মাটিত জিৰণি লৈছে।
এই তেৰ বৰ্ষীয়া দীৰ্ঘ দূৰত্বৰ দৌৰবিদগৰাকীয়ে আধুনিক যুগৰ কোনো ফেডত খালী ভৰিৰে খোজ কাঢ়ি পোৱা নাই । তেওঁ কয়, "মই এনেদৰে দৌৰাৰ কাৰণ হ’ল মোৰ মা-দেউতা দামী দৌৰা জোতা কিনিবলৈ অসমৰ্থ।"
বৰ্ষা কদম হৈছে বিষ্ণু আৰু দেৱশালাৰ কন্যা ৷ বৰ্ষাৰ পিতৃ-মাতৃ খৰাংপ্ৰৱণ মাৰাঠৱাড়াৰ ৰাজ্যখনৰ আটাইতকৈ দৰিদ্ৰ জিলাবোৰৰ ভিতৰত অন্যতম পাৰভানিৰ কৃষি শ্ৰমিক। তেওঁৰ পৰিয়ালটো মাতংগ সম্প্ৰদায়ৰ, যাক মহাৰাষ্ট্ৰত অনুসূচীত জাতি হিচাপে তালিকাভুক্ত কৰা হৈছে।
"মই দৌৰি ভাল পাওঁ," এইখিনি কওঁতে তেওঁৰ চকুহাল জিলিকি উঠে। "২০২১ চনত পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ বুলদানা আৰ্বান ফৰেষ্ট মাৰাথন আছিল মোৰ প্ৰথম দৌৰ। যেতিয়া মই দ্বিতীয় স্থান লাভ কৰিছিলো আৰু মোৰ প্ৰথম পদকটোও জয় কৰিছিলো, অত্যন্ত মধুৰ অনুভৱ হৈছিল তেতিয়া। মই অধিক প্ৰতিযোগিতা জয় কৰিব বিচাৰো," দৃঢ় প্ৰতিজ্ঞ কিশোৰীগৰাকীয়ে এইদৰে কয়।
পিতৃ-মাতৃয়ে তেওঁৰ আঠ বছৰ হওঁতেই সেই আবেগক চিনাক্ত কৰিছিল। "মোৰ মামা [মাকৰ ককায়েক] পাৰাজী গায়কোৱাড় এজন ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ আছিল। তেওঁ এতিয়া সেনাবাহিনীত কৰ্মৰত। তেওঁক দেখি মইও দৌৰিবলৈ আৰম্ভ কৰিছিলো," তেওঁ লগতে কয়। ২০১৯ চনত তেওঁ আন্তঃবিদ্যালয় ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত চাৰি কিলোমিটাৰ ক্ৰছ-কাণ্ট্ৰীত দ্বিতীয় স্থান লাভ কৰিছিল আৰু, "ই মোক দৌৰিবলৈ অধিক আত্মবিশ্বাস প্ৰদান কৰিছিল।"
















