বুটে মাঝিয়ে নিজৰ নাতি-পুতিৰ ভৰণ-পোষণক লৈ চিন্তিত হৈ পৰে। তেওঁৰ নাতিল’ৰা ছটা, নাতিনী দুজনী। আটাইতকৈ সৰুজনীৰ বয়স ছবছৰ। “সিহঁতক কেনেকৈ ডাঙৰ-দীঘল কৰিম, ভাবি উৱাদিহ নাপাও,” ওড়িশাৰ বালাংগীৰ জিলাৰ হিয়াল গাঁৱৰ বাসিন্দী ৭০ বৰ্ষীয় গোণ্ড আদিবাসী সম্প্ৰদায়ৰ মহিলাগৰাকীয়ে কয়।
তেওঁৰ ল’ৰা নৰূপা মাঝিৰ ৫০ বছৰ বয়সত মৃত্যু হয়, তেওঁলোকে বৃক্ক বিকল হৈ মৃত্যু হোৱা বুলি কয়। প্ৰব্ৰজিত শ্ৰমিক হিচাপে নৰূপাই তেওঁৰ পত্নী নমানি (৪৭)ৰ লগত তেলাংগনা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ ইটাৰ ভাতীত কাম কৰিবলৈ গৈছিল।
“২০১৯ৰ নৱেম্বৰত আমি চেন্নাইৰ এটা ইটাৰ ভাতীত কাম কৰিবলৈ গৈছিলো,” নমানিয়ে কয়। পৰিয়ালটোৰ ১০ জন সদস্য গৈছিল। তেওঁৰ স্বামী নৰূপা, তেওঁলোকৰ ডাঙৰজন ল’ৰা যুধিষ্ঠিৰ (বয়স ২৪), তেওঁৰ পত্নী প্ৰমীলা, লগতে পুৰ্ণামী (১৯) আৰু সজনে (১৬, কুমাৰী (১৫) আৰু তেওঁৰ স্বামী দীনেশ (২১)। “আমাৰ প্ৰত্যেককে ২৫ হাজাৰ টকা আগধন হিচাপে স্থানীয় ঠিকাদাৰজনে দিছিল,” তেওঁ যোগ দিয়ে। পৰিয়ালটোৰ লগত ১০ বছৰীয়া সাবিত্ৰী আৰু ছবছৰীয়া জানকীও গৈছিল, তেওঁলোকক একো পইচা দিয়া হোৱা নাছিল।
২০২০ৰ জুনত তেওঁলোক আটায়ে ক’ভিড-১৯ লকডাউনৰ কাৰণে ঘৰলৈ উভতি আহে। চৰকাৰে উভতি অহা প্ৰব্ৰজিত শ্ৰমিকৰ কাৰণে স্কুল আৰু সামূহিক কেন্দ্ৰ আদিত অস্থায়ী চিকিৎসা সাহায্য আৰু কোৱাৰেইণ্টাইনৰ বাবে সুবিধা কৰি দিছিল। “আমি গাঁৱৰ স্কুলখনত ১৪ দিনৰ বাবে আছিলো। তাত থকাৰ বাবে মোৰ স্বামী আৰু মই গাইপতি ২,০০০ টকা পাইছিলো (ওড়িশা চৰকাৰৰ পৰা),” নমানিয়ে কয়।












