এয়া বাবলু কৈৱৰ্তৰ সাধাৰণ নিৰ্বাচনত ভোট দিয়াৰ দ্বিতীয় সুযোগ।
যোৱাবাৰ নিৰ্বাচনত বাবলুৱে ভোট দিবলৈ যাওতে বিষয়া-বৰ্গই তেওঁক সোমাবলৈ দিছিল। তেওঁ শাৰী পাতি থাকিবলগীয়া হোৱা নাছিল। কিন্তু তেওঁ পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ পলমা গাঁৱৰ ভোটকেন্দ্ৰটোৰ ভিতৰত সোমাই গ’ল ঠিকেই, কিন্তু ভোটটো কেনেকৈ দিব তেওঁ ভাবি পোৱা নাছিল।
দৃষ্টিহীন ২৪ বছৰীয়া বাবলুৰ বাবে সেই স্থানীয় প্ৰাথমিক বিদ্যালয়খনত ২০১৯ত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে আশা কৰা চৰকাৰে ব্ৰেইল বেলট পেপাৰ নাইবা ব্ৰেইল ইভিএম (ইলেট্ৰনিক ভোটিং মেচিন)ৰ ব্যৱস্থা কৰা নাছিল।
“কি কৰিম ভাবি পোৱা নাছিলো। মোক যদি সহায় কৰা ব্যক্তিজনে প্ৰতীকচিহ্ন সম্পৰ্কে মিছা কথা কয়?” স্নাতক ডিগ্ৰীৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত বাবলুৱে কয়। কোনোবাই সঁচা ক’লেও তেওঁ ভোট দিয়াৰ ক্ষেত্ৰত গোপনীয়তা ৰক্ষা নোহোৱাটো গণতান্ত্ৰিক অধিকাৰ উলংঘা হ’ব, তেওঁ যুক্তি দিয়ে। বিব্ৰতবোধ কৰা বাবলুৱে তেওঁক দেখুৱাই দিয়া চিহ্নত ভোট দি সত্যাপন কৰাই ওলাই আহিল। “ভাগ্যে সেইজন ব্যক্তিয়ে মোক মিছা কোৱা নাছিল,” তেওঁ কয়।
ভাৰতৰ নিৰ্বাচন আয়োগে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে ভোটকেন্দ্ৰত ব্ৰেইল বেলট পদ্ধতি ব্যৱহাৰৰ লগতে ভোটকেন্দ্ৰটো তেওঁলোকৰ বাবে সুচল কৰি তোলাৰ বাবে নিৰ্দেশ দিছে। “বহু ব্যৱস্থা কেৱল কাগজতে আছে, ৰূপায়ণ খুবেই শোচনীয়,” কলকাতাৰ শ্ৰুতি ডিজেবিলিটি ৰাইটচ্ চেণ্টাৰৰ সঞ্চালক চম্পা সেনগুপ্তাই কয়।
সাধাৰণ নিৰ্বাচন আকৌ আহি পালে। কিন্তু ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ ষষ্ঠ পৰ্য্যায়ত ভোট দিবলৈ নিজ ঘৰলৈ যাব নে নাই, তাকে লৈ তেওঁ নিশ্চিত হ’ব পৰা নই। পুৰুলিয়া জিলাত বাবলু ভোটাৰ হিচাপে তালিকাভুক্ত, তাত ২৫ মে’ত নিৰ্বাচন আছে।
বিশেষভাবে সক্ষম ব্যক্তিৰ বাবে সুবিধাৰ অভাবেই কেৱল তেওঁ ভোট দিবলৈ যোৱাৰ দোধোৰ-মোধোৰ অৱস্থাৰ কাৰণ নহয়। তেওঁ বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা কলকাতাৰ পুৰুলিয়ালৈ ৰেলেৰে ছয়ৰ পৰা সাত ঘণ্টা লাগে।
“মই পইচাৰ কথা ভাবিবলগীয়া হৈছে। ৰেলৰ টিকট আৰু বাছৰ ভাৰা দিব লাগে,” বাবলুৱে কয়। ভাৰতৰ ২.৬৮ কোটি বিশেষভাবে সক্ষম ব্যক্তিৰ ১.৮ লাখ গ্ৰামাঞ্চলত থাকে আৰু তাৰে ১৯ শতাংশই দৃষ্টিহীন (২০১১ৰ লোকপিয়ল)। ৰূপায়ণ ঘাইকৈ নগৰাঞ্চলতে সীমাবদ্ধ, চম্পাই কয়। লগতে যোগ দিয়ে, “নিৰ্বাচন আয়োগে পদক্ষেপ গ্ৰহণ কৰিলেহে সজাগতা সৃষ্টি হ’ব আৰু ৰেডিঅ’ বিশেষকৈ এইক্ষেত্ৰত অন্যতম মাধ্যম হ’ব লাগে।”
“কাক ভোট দিম তাকে লৈ খেলিমেলিত পৰিছো,” কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ পিপল ৱিথ ডিজেবিলিটিজত বাবলুৰ সৈতে কথা পাতোতে তেওঁ কয়।
“কোনোবা প্ৰাৰ্থীৰ দলটোৱে নাইবা নেতৃত্বধাৰীসকলে ভাল কাম কৰি আছে বুলি ভোট দিম। পিছত দেখিম যে নিৰ্বাচন যোৱাত সিহঁতে দল বাগৰি আন পক্ষ ল’লে,” বাবলুৱে অভিযোগ কৰে। যোৱা কেইটামান বছৰত, বিশেষকৈ ২০২১ৰ বিধানসভা নিৰ্বাচনত পশ্চিমবংগত বহু ৰাজনৈতিক নেতাই প্ৰায়ে কেবাবাৰো পক্ষ সলোৱা পৰিলক্ষিত হৈছে।
*****
বাবলুৱে স্কুল নাইবা কলেজ শিক্ষক হ’ব বিচাৰিছে - ভাল চৰকাৰী চাকৰি থাকিলে আয়ো সুস্থিৰ হ’ব।
ৰাজ্যিক স্কুল চাৰ্ভিচ কমিচন (এচএছচি) বিভিন্ন আসোঁৱাহৰ কাৰণে বাৰে বাৰে বাতৰি কাকতৰ শিৰোনাম হৈ পৰিছে। “এই আয়োগখনে (ডেকাচামৰ বাবে) নিয়োগৰ ভাল প্ৰতিষ্ঠান আছিল,” গোপা দত্তই কয়। তেওঁ ৰাজ্যৰ উচ্চতৰ মাধ্যমিক পৰিষদৰ সভাপতি আৰু প্ৰাক্তন অধ্যাপক। “গাঁৱে-চহৰে, ডাঙৰ চহৰবোৰত, সকলোতে স্কুল আছে, স্কুল শিক্ষক হোৱাটো বহুতৰে আশা,” তেওঁ কয়।
যোৱা সাত কি আঠ বছৰত বাচনি প্ৰক্ৰিয়া সন্দেহৰ আৱৰ্তত আহি পৰিছে। এপাৰ্টমেণ্টৰ পৰা বাণ্ডিলে বাণ্ডিলে টকা পোৱাৰ পিছত মন্ত্ৰী জেললৈ গৈছে, চাকৰি প্ৰত্যাশীয়ে কেবামাহো ধৰি শান্তিপূৰ্ণ ধৰ্ণাত অৱতীৰ্ণ হৈছে আৰু স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ বাবে দাবী জনাইছে। শেহতীয়াকৈ কলকাতা উচ্চ ন্যায়ালয়ে প্ৰায় ২৫ হাজাৰ প্ৰাৰ্থীৰ নিযুক্তি বাতিল কৰিছে। মে’ মাহটোৰ প্ৰথমটো সপ্তাহত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত স্থগিতাদেশ জাৰি কৰি কৈছে যে যোগ্য আৰু অযোগ্য প্ৰাৰ্থীৰ মাজত পাৰ্থক্য বিচাৰ কৰিব লাগিব।
“মোৰ মনত শংকা জাগে,” ৰাজ্যৰ এনে পৰিস্থিতি দেখি বাবলুৱে কয়। “শুনিছো যে তাত ১৯৪ গৰাকী দৃষ্টিহীন প্ৰাৰ্থী আছে। সিহঁতো কিজানি যোগ্য আছিল। কোনোবাই সিহঁতৰ কথা চিন্তা কৰিছেনে?”
কেৱল এছএছচি নিযুক্তিৰ ক্ষেত্ৰতে নহয়, বাবলুৱে কয় যে বিশেষভাবে সক্ষম ব্যক্তিৰ ক্ষেত্ৰত চৰকাৰী কৰ্তৃপক্ষই উপেক্ষা কৰি চলে। “পশ্চিমবংগত দৃষ্টিহীন লোকৰ বাবে পৰ্য্যাপ্ত স্কুল নাই। মজবুত স্থিতি এটা গঢ়িবলৈ আমাক বিশেষ বিদ্যালয় লাগে,” তেওঁ কয়। পঢ়া-শুনাৰ সুযোগ-সুবিধাৰ অভাৱত তেওঁ ঘৰ এৰিছিল যদিও তেওঁ ঘৰতে থকাৰ কথা ভাবিছিল। কলেজৰ পঢ়াৰ বাবে তেওঁ ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হ’ল। “বিশেষভাবে সক্ষম লোকৰ কথা ভবা চৰকাৰ মই দেখা নাই।”
কিন্তু বাবলুৱে আশা এৰি দিয়া নাই। “কাম পোৱাৰ বাবে কেইটামান বছৰ ৰ’ব লাগিব, তেতিয়ালৈ কিজানি পৰিস্থিতি সলনি হ’ব,” তেওঁ আশা কৰে।
১৮ বছৰ বয়সৰ পৰা বাবলুৱে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য হৈ পৰিছে। তেওঁৰ ভনী বুনুৰাণী কৈৱৰ্ত কলকাতা দৃষ্টিহীন স্কুলৰ নৱম মানৰ ছাত্ৰী। তেওঁৰ মাক সন্ধ্যা পলমাত থাকে। পৰিয়ালটো কৈবৰ্ত সম্প্ৰদায়ৰ (অনুসূচিত জাতি হিচাপে ৰাজ্যখনত স্বীকৃত)। তেওঁলোকৰ পৰম্পৰাগত জীৱিকা মৎস্যপালন। বাবলুৰ পিতৃয়ে মাছ ধৰি সেয়া বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু তেওঁৰ কৰ্কট ৰোগ ধৰা পৰাত চিকিৎসাৰ নামতে আটাইখিনি সঞ্চয় খৰছ হ’ল।
২০১২ত তেওঁৰ পিতৃ ঢুকোৱাৰ পিছত বাবলুৰ মাকে কিছুবছৰ বাহিৰত কাম কৰিবলৈ ল’লে। “তেওঁ শাক-পাচলি বিক্ৰী কৰিছিল,” বাবলুৱে কয়। “কিন্তু তেওঁৰ পঞ্চাশৰ দেওনা পাৰ কৰিছে, বেছি কষ্ট কৰিব নোৱাৰে।” সন্ধ্যা কৈৱৰ্তই মাহে ১,০০০ টকা বিধবা পেঞ্চন পায়। “তেওঁ যোৱাবছৰৰ আগষ্ট কি ছেপ্টেম্বৰৰ পৰা পেঞ্চন পাইছে,” বাবলুৱে কয়।
‘বিশেষভাবে সক্ষম লোকৰ কথা চিন্তা কৰা চৰকাৰ মই দেখা নাই’
তেওঁৰ উপাৰ্জনৰ উৎস হৈছে টিউছন আৰু পুৰুলিয়াৰ স্থানীয় ষ্টুডিঅ’ৰ কাৰণে সুৰ ৰচনা কৰা। তেওঁ মানবিক পেঞ্চন আঁচনিৰ অধীনত মাহে ১,০০০ টকা পায়। বাবলু এগৰাকী প্ৰশিক্ষিত গায়ক আৰু চিন্থেচাইজাৰ আৰু বাঁহী বজায়। তেওঁৰ ঘৰত সদায়ে সাংস্কৃতিক পৰিৱেশ এটা বিৰাজ কৰিছিল, বাবলুৱে কয়। “আমাৰ ঠাকুৰদা (দেউতাকৰ ফালৰ ককা), ৰবি কৈৱৰ্ত পুৰুলিয়াৰ এগৰাকী প্ৰখ্যাত লোকশিল্পী। তেওঁ বাঁহী বজাইছিল।” বাবলু জন্ম পোৱাৰ বহু আগেয়ে তেওঁ ঢুকাইছিল যদিও তেওঁৰ নাতিল’ৰাই নিশ্চয়কৈ তেওঁৰ সংগীতপ্ৰীতি আহৰণ কৰিছিল। “মোৰ পিতাইও এই কথাকে কৈছিল।”
বাবলুৱে প্ৰথমবাৰৰ বাবে ৰেডিঅ’ত বাঁহীৰ মাত যেতিয়া শুনিছিল, তেতিয়া তেওঁ ঘৰতে আছিল। “তেওঁ বাংলাদেশৰ বাতৰি শুনিছিল, খুলনা কেন্দ্ৰত। বাতৰিৰ আগেয়ে বাঁহীৰ সুৰ বাজিছিল। সেয়া কিহৰ মাত আছিল, মাক সুধিছিলো।” মায়ে কৈছিল সেয়া বাঁহীৰ মাত। তেওঁ বুজাত খেলিমেলি হৈছিল। তেওঁৰ হাতত তেতিয়া ভেঁপু এটাহে আছিল। বাঁহীৰ লেখীয়া এবিধ বাদ্যযন্ত্ৰ, বৰ ডাঙৰকৈ টাঁট টাঁট শব্দ তাৰ পৰা ওলাইছিল। সৰুতে সেইটোকে তেওঁ বজাই ফুৰিছিল। এসপ্তাহ পিছত মাকে স্থানীয় বজাৰ এখনৰ পৰা তেওঁক ২০ টকীয়া বাঁহী এটা আনি দিলে। কিন্তু তেওঁক শিকাবলৈ কোনো নাছিল।
২০১১ত বাবলুৱে কলকাতাৰ উপকণ্ঠ অঞ্চলৰ নৰেন্দ্ৰপুৰৰ ব্লাইণ্ড বয়জ একাডেমিলৈ আহে। সেইখন স্কুলত ঘটা এটা আপদীয়া ঘটনা এটাই তেওঁক স্কুল এৰি দুবছৰ ঘৰতে থাকিবলৈ বাধ্য কৰালে। “সেইদিনাৰ ঘটনা এটাৰ পৰা মোৰ মনত ভয় সোমাই গৈছিল স্কুলখনৰ আন্তঃগাঁথনি বৰ শোচনীয় আছিল। ৰাতি স্কুলত ল’ৰাবোৰক অকলে থৈ দিয়া হৈছিল। সেই ঘটনাৰ পিছত মই মোৰ মা-দেউতাক তাৰপৰা ঘৰলৈ লৈ অহাৰ বাবে ক’লো,” বাবলুৱে কয়।
নতুন স্কুলখনত বাবলুক বাদ্যযন্ত্ৰ বজোৱাৰ বাবে উৎসাহ যোগালত, তেওঁ বাঁহী আৰু চিন্থেচাইজাৰ বজোৱা শিকিবলৈ ল’লে। সেয়া স্কুলখনৰ অৰ্কেষ্ট্ৰাৰ অংশ আছিল. এতিয়া তেওঁ পুৰুলিয়াৰ শিল্পীৰ বাবে অন্তৰালৰ বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও অনুষ্ঠান আদিত বাদ্যযন্ত্ৰ পৰিৱেশন কৰে। ষ্টুডিঅ’ত বাণীবদ্ধকৰণৰ বাবে তেওঁ ৫০০ টকা পায়। কিন্তু সেয়া উপাৰ্জনৰ স্থিৰ স্ৰোত নহয়, বাবলুৱে কয়।
“সংগীতক মোৰ কেৰিয়াৰ হিচাপে লৈ আগবাঢ়িব নোৱাৰো,” তেওঁ কয়। “সংগীতত ইমান সময় দিবলৈ নোৱাৰো। আৰ্থিক দিশত দুৰ্বল বাবে মই ভালদৰে সংগীতৰ শিক্ষা লোৱা নহ’ল। এতিয়া পৰিয়ালৰ দায়িত্বভাৰ লোৱাৰ সময়।”
অনুবাদ: পংকজ দাস