১৯৪৭ৰ ৰক্তাক্ত দেশ বিভাজনৰ সময়ত ৰেডক্লিফ ৰেখাই কেৱল দেশ দুখনৰ মাজতেই সীমা নিৰ্ধাৰণ নকৰিলে, লগতে পাঞ্জাৱখনকো দোভাগ কৰি পেলালে। সীমান্ত আয়োগৰ অধ্যক্ষ হিচাপে তেতিয়া কাৰ্য্যনিৰ্বাহ কৰা ব্ৰিটিছ অধিবক্তা এজনৰ নামেৰে এই ৰেখাই কেৱল ভৌগোলিক বিভাজনেই নহয়, পাঞ্জাৱী ভাষাটোৰ দুটা লিপিৰো বিভাজন আনিলে। “বিভাজনে পাঞ্জাৱী ভাষাটোৰ দুটা লিপি আৰু সাহিত্যত কোনোদিন নুশুকোৱা এটুকুৰা কেঁচা ঘাঁ দি গ’ল,” ৰাজ্যখনৰ লুধিয়ানা জিলাৰ পায়ল টেহচিলৰ কটেহৰি গাঁৱৰ কৃপাল সিং পান্নুৱে কয়।
পান্নু এগৰাকী ৯০ বছৰীয়া প্ৰাক্তন সৈনিক, তেওঁ জীৱনৰ তিনিটা দশক জুৰি দেশ বিভাজনৰ এইটুকুৰা বিশেষ ঘাঁত স্নেহলেপ সানি আহিছে। সীমান্ত সুৰক্ষা বল (বি.এছ.এফ.)ৰ উপ-সেনাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা পান্নুৱে গুৰু গ্ৰন্থ চাহিব, মহান কোষ (পাঞ্জাৱৰ অতিকৈ পৱিত্ৰ বিবেচিত বিশ্বকোষ) আৰু আন গুৰুত্বপূৰ্ণ সাহিত্যকৰ্ম গুৰমুখীৰ পৰা শ্বাহমুখীলৈ অনুবাদ কৰিছে, নাইবা শ্বাহমুখীৰ পৰা গুৰমুখীলৈ।
শ্বাহমুখী লিপিটো উৰ্দুৰ দৰে বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয়, সেয়া ভাৰতৰ পাঞ্জাৱ প্ৰদেশত ১৯৪৭ চনৰ পৰা ব্যৱহাৰ কৰা হোৱা নাই। পান্নুৱে ১৯৯৫-৯৬ত এটা কম্পিউটাৰ প্ৰগ্ৰাম ৰচনা কৰে যিটোৱে গুৰু গ্ৰন্থ চাহিব গ্ৰন্থখন গুৰমুখীৰ পৰা শ্বাহমুখীলৈ আৰু শ্বাহমুখীৰ পৰা গুৰমুখীলৈ লিপ্যন্তৰ ঘটায়।
দেশ বিভাজনৰ আগতে উৰ্দুভাষীসকলে শ্বাহমুখী লিপিত লিখা পাঞ্জাৱী ভাষা পঢ়িব পাৰিছিল। পাকিস্তান গঠন হোৱাৰ পূৰ্বে প্ৰায়ভাগ সাহিত্যকৰ্ম আৰু চৰকাৰী অফিছ-কাছাৰীৰ নথি-পত্ৰ শ্বাহমুখী লিপিত লিখা হৈছিল।
বাওঁফালৰ পৰা সোঁফাললৈ লিখা গুৰমুখী লিপিৰ দেৱনাগৰী লিপিৰ সৈতে সাদৃশ্য আছে, সেয়া পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত ব্যৱহাৰ নহয়। সেয়ে পাঞ্জাৱৰ স্বাধীনোত্তৰ কালৰ পাঞ্জাৱীভাষী প্ৰজন্মই গুৰমুখী পঢ়িব নোৱাৰা হৈ থাকে, তেনেকৈয়ে তেওঁলোক নিজৰ সাহিত্যৰ পৰা আঁতৰি যায়। অবিভক্ত পাঞ্জাৱৰ গুৰুত্বপূৰ্ণ সাহিত্যৰাজি তেওঁলোকে পঢ়িব পাৰিব, কিন্তু সেয়া তেওঁলোকে জনা লিপি শ্বাহমুখীত লিখা হ’ব লাগিব।













