মহম্মদ আছগৰৰ হাত দুখন যেন মেচিনহে। নিখুঁতভাৱে হাত চলি থকাৰ মাজতে তেওঁ কথাও কৈ গৈছে।
“এক মুহূৰ্তৰ বাবেও যদি হাত ৰৈ যায়, কামটো নষ্ট হৈ যাব,” তিনি শতিকা পুৰণি শিল্পকলাবিধৰ নিপুণ শিল্পী ৪০ বৰ্ষীয় আছগৰে কয়।
আছগৰ এগৰাকী ছাপা কাৰিগৰ (মেনুৱেল ব্লক প্ৰিণ্টিং কৰা শিল্পী)। এই কাম কৰা তেওঁৰ দুটা দশক হ’ল। আন বহু ব্লক প্ৰিণ্টিং কাৰিকৰে কাঠৰ ব্লক ৰঙত ডুবাই কাপোৰত ডিজাইন ছপায় যদিও তেওঁ এলুমিনিয়ামৰ পাতল পাট এখনৰে ফুলৰ আৰ্হি আৰু আন ডিজাইন কাপোৰত ছপোৱা কাম কৰে।
এলুমিনিয়ামৰ এই পাতল পাটখনক তবক বুলি কোৱা হয়, যি তবকে শাড়ী, ছৰাৰা, লেহেংগা আদি মহিলাৰ কাপোৰত ৰূপালী ৰহণ সানে। তেওঁৰ পিছফালে থকা চেলফখনত জটিল নক্সা কটা ভালেমান কাঠৰ ব্লক আছে যিয়ে সাধাৰণ পোচাককো উৎসৱত পিন্ধিব পৰাকৈ জাকজমক কৰি তোলে
বিহাৰৰ নালন্দা জিলাৰ বিহাৰছৰিফত প্ৰায় এক ডৰ্জনমান ছাপা শিল্পী আছে। গ্ৰাহকসকলৰ দৰে ছাপা কাৰিকৰসকলো ঘাইকৈ মুছলমান সম্প্ৰদায়ৰ আৰু তেওঁলোক ৰংগৰেজ (ৰং বোলাওতা) জাতিৰ। বিহাৰত তেওঁলোক আৰ্থিকভাৱে পিছপৰা শ্ৰেণী চমুকৈ ই.বি.চি. হিচাপে তালিকাবদ্ধ। বিহাৰ চৰকাৰৰ শেহতীয়া জাতি-গণনা অনুসৰি বিহাৰত তেওঁলোকৰ জনসংখ্যা ৪৩,৩৪৭ ।
“ত্ৰিশ বছৰ আগতে একো কাম বিচাৰি নাপাই শেষত এই কামতে ধৰিলো,” পাপ্পুৱে কয়। “মোৰ মাৰ ফালৰ ককায়ে ছাপা কাম কৰিছিল। তেওঁৰ পৰাই মই এই কৌশল আয়ত্ব কৰিলো। তেওঁৰ বাবে আছিল এয়া টাইম-পাছ। ময়ো তাকেই কৰিছো,” বিহাৰৰ ৰাজধানী পাটনাৰ ঘন জনবসতিৰ ছবজিবাগ এলেকাত যোৱা ৩০ বছৰ ধৰি ছাপা কাপোৰৰ দোকান চলাই অহা ৫৫ বৰ্ষীয় শিল্পীগৰাকীয়ে কয়।
এই শিল্পৰ চাহিদা কমি আহিছে বুলি তেওঁ জনায়। “আগতে পাটনাত এনে কাৰিকৰৰ ৩০০ খন দোকান আছিল, এতিয়া ১০০ মানহে চলি আছে,” এতিয়া আৰু ৰূপ আৰু সোণৰ প্ৰিণ্টিং ব্য়ৱহাৰত নাই, তাৰ ঠাইত এলুমিনিয়াম আহিছে।
ছবজি বাজাৰৰ এখন সৰু ৱৰ্কশ্বপত কাম কৰা আছগৰে কয় যে ২০ বছৰ আগতে বিহাৰছৰিফতে তবক বনোৱা হৈছিল। “আগতে চহৰতে তবক বনোৱা হৈছিল, কিন্তু শ্ৰমিকৰ অভাৱত কামটো ইয়াত নোহোৱা হ’ল। এতিয়া তবক পাটনাৰ পৰা অনা হয়,” তেওঁ কয়।
ছাপা শিল্পৰ ঘাই সামগ্ৰীবিধ হৈছে তবক, ইমানেই পাতল যে ই সামান্য বতাহ বলিলেই উৰিবলৈ ধৰে। কেইখনমান পাত আছগৰৰ কাপোৰ আৰু মুখত লাগিছে। দিনটোৰ শেষত তেওঁ সেইবোৰ জাৰি-জোকাৰি আঁতৰায়। হাতত লাগি ধৰা আঠাৰ ডাঠ প্ৰলেপ আঁতৰাওতেও তেওঁক ভালেখিনি সময় লাগে। “হাতৰ পৰা আঠাখিনি আঁতৰাওতে দুঘণ্টা সময় লাগে। গৰম পানীৰে আঠাবোৰ আঁতৰাও,” তেওঁ কয়।
“আঠাখিনি বৰ সোনকালে শুকাই যায়। সেয়ে গোটেই কামটো ক্ষীপ্ৰ গতিত শেষ কৰিবই লাগিব,” টিনৰ পাত্ৰ এটাত ৰখা আঠাখিনি হাতৰ তলুৱাত লৈ মোহাৰি আৰম্ভণিৰ পৰা প্ৰক্ৰিয়াটো আমাক দেখুৱাই আছগৰে আমাক কয়। এবাৰ তেওঁৰ হাতখনৰ আঠাৰ প্ৰলেপ সম্পূৰ্ণকৈ পৰাৰ পিছত তেওঁ কাঠৰ ফুলাম ব্লকটো হাতৰ তলুৱাত লগাই আঠাখিনি শুহিবলৈ দিয়ে আৰু লগে লগে কাপোৰত সেই আঠালগা ব্লকটোৰে সাচ বহুৱায়।
পেপাৰৱেইটৰে হেচুকি থোৱা পাতল পাটখন ক্ষীপ্ৰতাৰে তেওঁ আঠা লগোৱা স্থানত লগায়। আঠাখিনিৰ কাৰণে পাটখন কাপোৰত লাগি ধৰে।
পাটখন ভালকৈ কাপোৰত লাগি ধৰাৰ পিছত তেওঁ সেয়া কাপোৰৰ টোপোলা এটাৰে হেচুকি ধৰে, যাতে পাটখন ভালদৰে কাপোৰত লাগি ধৰে। “তবকখন আঠাৰ সহায়ত কাপোৰত যাতে ভালদৰে লাগি ধৰে, তাৰবাবে এনেকৈ হেচি ধৰিবলগীয়া হয়,” তেওঁ কয়।
সুক্ষ্ম এই কামটো বৰ ক্ষীপ্ৰতাৰে কৰিবলগীয়া হয় আৰু বৃত্তাকাৰ ডিজাইন এটা এনেদৰে কাপোৰত চমকি উঠে। নতুনকৈ ছাপা লগোৱা কাপোৰৰ আঠাখিনি শুকুৱাবৰ বাবে সেয়া ৰ’দত দিয়া হয়। আধাঘণ্টামান ৰ’দত দিলে কাপোৰত তবক স্থায়ীভাৱে লাগি ধৰে।
কাৰিকৰে এই কাম কোনো বিৰতি নোহোৱাকৈ কৰে। তেওঁ বৰ্তমান ছাপা কৰি থকা ৰঙা কাপোৰখনক দলঢক্কন বুল কোৱা হয় - এই কাপোৰখনেৰে খৰাহী মেৰিওৱা হয়।
এলুমিনিয়ামৰ ১০ৰ পৰা ১২ বৰ্গচেণ্টিমিটাৰৰ ৪০০ খন পাটৰ দাম ৪০০ টকা। এক কিলোগ্ৰাম আঠাত ১০০ৰ পৰা ১৫০ টকা লাগে। “ছাপাই কাপোৰৰ দাম ৭০০ৰ পৰা ৮০০ টকা বঢ়ায়,” ছাপা কাপোৰৰ দোকানৰ মালিক পাপ্পুৱে কয় (তেওঁ কেৱল এই নামেৰে তেওঁক সম্বোধন কৰাটো ভাল পায়)। “গ্ৰাহকে সিমানখিনি পইচা দিব নিবিচাৰে।”
বিহাৰৰ মুছলমান সম্প্ৰদায়, বিশেষকৈ ৰাজ্যখনৰ দক্ষিণ প্ৰান্তৰ মগধ অঞ্চলত বিয়া-সবাহত ছাপা কাপোৰৰ পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে। কিছুমান ৰীতি-নীতিৰ ই অবিচ্ছেদ্য অংগ। কইনা আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ সামাজিক মৰ্য্যাদা নিৰ্বিশেষে ছাপা শাড়ী বা বিয়াৰ কাপোৰৰ সৈতে ছাপা পিন্ধিবই লাগিব।
সাংস্কৃতিক তাৎপৰ্য্য থকা স্বত্ত্বেও ছাপা কাপোৰ বেছিদিনলৈ পিন্ধিব নোৱাৰি। “এই প্ৰিণ্টিঙত ব্য়ৱহাৰ কৰা আঠাৰ গোন্ধটো সিমান ভাল নহয়। প্ৰিণ্টিঙো বহুত দূৰ্বল, সেয়ে এবাৰ কি দুবাৰতে গোটেই এলুমিনিয়ামৰ পাটবোৰ এৰাই আহে,” পাপ্পুৱে কয়।
বিয়াৰ বতৰৰ তিনি-চাৰিমাহৰ পিছতে ছাপাৰ দোকানত গ্ৰাহক নাইকিয়া হৈ পৰে, উপায়ন্তৰ হৈ ছাপা কাৰিকৰে আন কাম বিচাৰিবলগীয়া হয়।
“মই দোকানত আঠৰ পৰা দহ ঘণ্টা কাম কৰি তিনিখন শাড়ীত ছাপা মাৰো,” আছগৰে কয়। “এদিনত এনেকৈ ৫০০ টকা পাওঁ। কিন্তু এই কামৰ চাহিদা তিনিৰ পৰা চাৰিমাহ থাকে। ছাপা কাম নাথাকিলে মই কনষ্ট্ৰাকছন ছাইটত লেবাৰৰ কাম কৰোঁ।”
আছগৰৰ ঘৰ বিহাৰছৰিফ চহৰত, তেওঁ দোকানৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত। দোকানত তেওঁ পুৱা ১০ বজাৰ পৰা ৰাতি ৮ বজালৈ কাম কৰে। “পইচা বচাবলৈ মোৰ ল’ৰাটোৱে ঘৰতে ৰন্ধা খাদ্য দুপৰীয়াৰ বাবে লৈ আহে,” তেওঁ কয়।
জীৱনৰ পাঁচটা বছৰ তেওঁ দিল্লীত থাকি নিৰ্মাণ ছাইটত কাম কৰিছিল। এতিয়া তেওঁ ইয়াত তেওঁৰ পত্নী আৰু স্কুলত পঢ়ি থকা দুই পুত্ৰ (বয়স ক্ৰমে ১৪ আৰু ১৬)ৰ সৈতে বিহাৰছৰিফত থাকে। চহৰখনত কাম কৰি পোৱা পইচাৰে নিজকে সুখী বুলি কোৱা আছগৰে কয় যে পৰিয়ালৰ লগত থাকিব পোৱাটো তেওঁৰ বাবে সুখৰ কথা। “ য়হা ভী কাম হইয়ে ৰহা হ্যে তৌ কাহে লা বাহাৰ জায়েংগে (ইয়াতো কাম হৈয়ে আছে, গতিকে কিয় বাৰু মই বাহিৰলৈ কাম বিচাৰি যাও)?” তেওঁ এই প্ৰতিবেদকক কয়।
মহম্মদ ৰেয়াজে পাপ্পুৰ দোকানত ছাপা কাৰিকৰ হিচাপে কাম কৰে। ৬৫ বৰ্ষীয় ৰেয়াজে এই কামৰ উপৰিও বছৰটো চলিবলৈ জীৱিকাৰ আন কৌশলো আয়ত্ব কৰিছে। “ছাপা কাম নাথাকিলে মই বেণ্ডপাৰ্টি এটাৰ সৈতে কাম কৰো। তাৰোপৰি মই প্লাম্বিঙৰো কাম জানো। এই কামবোৰ কৰি মই বছৰটো চলি যাও,” ৰেয়াজ ডাঙৰীয়াই কয়।
পাপ্পুৱে কয় যে দোকানৰ পৰা পোৱা পইচাৰে পত্নী আৰু দুই পুত্ৰ (সাতৰ পৰা ষোল্ল বছৰীয়া) পৰিয়ালটো পুহিবলৈ কষ্ট হয়। “এই কামত পইচা একেবাৰে কম, প্ৰায় নায়েই বুলিব পাৰি। ছাপা কাপোৰ এখনত কিমানখিনি লাভ পাওঁ, সেয়া ভাবি আচৰিতেও হওঁ। কোনোমতে পৰিয়ালটোৰ বাবে দুবেলা দুসাজ যোগাৰ কৰিব পাৰিছো,” তেওঁ কয়।
চাহিদাবিহীন এই জীৱিকা তেওঁৰ ল’ৰা দুটাই আঁকোৱালি লোৱাটো তেওঁ নিবিচাৰে। “ হম পাগল নহি হ্যে জৌ চাহেংগে কি মেৰে বেটে ইছ লাইন ম্যে আয়ে (মোৰ মূৰৰ বিকাৰ হোৱা নাই যে ল’ৰাদুটাক এই জীৱিকা আঁকোৱালি ল’বলৈ দিম)।”
ছাপা শিল্পৰ মূল সামগ্ৰীবিধ হৈছে এই তবক নামে এলুমিনিয়ামৰ পাটবিধ। এয়া ইমানেই পাতল যে সামান্য বতাহতে উৰিবলৈ ধৰে, কাৰিকৰৰ গায়ে-মুখে লাগে
*****
ছাপা শিল্পৰ উদ্ভৱ কেতিয়া কেনেকৈ হৈছিল, কেনেকৈ বিহাৰি মুছৰমান সম্প্ৰদায়ৰ সংস্কৃতিৰ ই অভিন্ন অংশ হৈ পৰিছিল, সেইবিষয়ে বিশেষ একো জনা নাযায়। ফ্ৰান্সিছ বুকানন নামে ব্ৰিটিছ শাসনকালৰ এগৰাকী শল্য চিকিৎসক আৰু সমীক্ষকে বিহাৰৰ মেনুৱেল ব্লক প্ৰিণ্টিঙৰ কাম কৰা শিল্পীক ‘ ছাপাগৰ ’ নাম দিছিল।
“বিহাৰৰ মুছলমান সম্প্ৰদায়ৰ বিয়াত ছাপা কাপোৰ পিন্ধা পৰম্পৰা কেতিয়াৰ পৰা আৰম্ভ হ’ল, সেই তথ্য সঠিককৈ দিব পৰা নাযায়। কিন্তু বিহাৰৰ মগধ অঞ্চলৰ মুছলমানৰ সম্প্ৰদায়ৰ মাজত এই প্ৰথাৰ প্ৰচলন থকা হেতুকে ক’ব পৰা যায় যে পৰম্পৰাবিধৰ সূচনা ইয়াৰ পৰাই হৈছিল,” পাটনাৰ বুৰঞ্জীৰ প্ৰতি আগ্ৰহী ওমৰ আশ্ৰফে কয়।
তেওঁ হেৰিটেজ টাইমচ নামে এটা ৱেব প’ৰ্টেল আৰু ফেচবুক পে’জ চলায় য’ত তেওঁ বিহাৰৰ মুছলমান সম্প্ৰদায়ৰ হেৰাই যোৱা সংস্কৃতি আৰু ঐতিহ্য নথিবদ্ধ কৰে।
১২শ শতিকাত মগধ অঞ্চলত মুছলমানৰ আগমনৰ সময়তে এই শিল্পবিধো অঞ্চলটোলৈ অহা বুলি কোৱা হয়। “তেওঁলোকেই বোধকৰো বিয়া-সবাহত ছাপা কাপোৰ পিন্ধা পৰম্পৰা লগত আনিছিল আৰু মগধত এই পৰম্পৰা থাকি গ’ল,” আশ্ৰফে কয়।
ছাপা বিশ্বৰ অনান্য প্ৰান্তলৈও বিয়পিছে। “ইউৰোপ, আমেৰিকা, কানাডা আৰু অনান্য দেশৰ প্ৰবাসী বিহাৰী মুছলমান লোকে ভাৰতৰ পৰা ছাপা কাপোৰ বিয়াত পিন্ধিবলৈ লৈ যায়,” তেওঁ যোগ দিয়ে।
এই ষ্ট’ৰিটো বিহাৰৰ উপান্ত শ্ৰেণীৰ কাৰণে সংগ্ৰাম কৰা এগৰাকী ট্ৰেড ইউনিয়নিষ্টৰ স্মৃতিত প্ৰদান কৰা ফেল’শ্বিপৰ অধীনত কৰা হৈছে।
অনুবাদ: পংকজ দাস