ৰূপেশ মহাৰকৰে ২০ বছৰীয়া একাংশ যুৱক-যুৱতীক গোট খুৱাই উৎসাহ যোগাইছে।
যুৱতীসকলে তেওঁৰ পৰামৰ্শবোৰ শুনি থকাৰ সময়তে ৩১ বছৰীয়া ল’ৰাটোৱে অলপ জোৰকৈ কৈ উঠে, “লক্ষ্যত অবিচল হৈ থাকা। এলেহুৱাৰ ইয়াত কোনো স্থান নাই!” তেওঁ সকলোকে সকীয়াই দিয়ে যে কৰিবই লাগিব আৰু তৰিবই লাগিব। এতিয়াই নহ’লে কেতিয়াও নহয়।
সকলোৱে তেওঁৰ কথাত মূৰ দুপিয়াই সন্মতি দিয়ে আৰু উল্লাস প্ৰদৰ্শন কৰে। সকলোৱে দ্ৰুতগতিত দৌৰি ব্যায়াম কৰিবলৈ আৰম্ভ কৰে। আটাইয়ে এমাহ ধৰি এনে শাৰীৰিক অনুশীলন কৰি আহিছে।
এপ্ৰিলৰ আৰম্ভণিতে পুৱা ৬ বজাত ভাণ্ডাৰা চহৰখনৰ একমাত্ৰ খেলপথাৰখনত উৎসাহী যুৱকসকলৰ ভিৰ দেখা গৈছে। তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছে আৰু শৰীৰৰ পৰা ঘাম নিগৰি ওলাইছে। কোনোৱে ১০০ মিটাৰ দৌৰত ব্যস্ত, কিছুমানে ১৬০০ মিটাৰ দৌৰিছে। এনেদৰে সকলোৱে শাৰীৰিক শক্তি বঢ়াবলৈ বিভিন্ন ব্যায়াম কৰি গৈছে।
এই সকলোবোৰৰ পিছতো তেওঁলোকৰ মনত শেষ কথাটো হ’ল আগন্তুক সাধাৰণ নিৰ্বাচন, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে জয়ৰ লক্ষ্য লৈছে। ভাণ্ডাৰা-গণ্ডিয়া সংসদীয় সমষ্টিত ২০২৪ চনৰ ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ৰ এই নিৰ্বাচন হ’ব দীঘলীয়া, কষ্টকৰ, চোকা ৰ’দত।
নিৰ্বাচনী জটিলতাৰ পৰা আঁতৰি থাকি এই যুৱক-যুৱতীসকলে ৰাজ্যিক আৰক্ষী নিযুক্তি অভিযানৰ বাবে প্ৰস্তুতি চলোৱাত মনোনিৱেশ কৰিছে, যাৰ বাবে আবেদনৰ শেষ তাৰিখ হৈছে ১৫ এপ্ৰিল। শাৰীৰিক আৰু লিখিত দুয়োটা পৰীক্ষাৰ সংমিশ্ৰণত অনুষ্ঠিত হ’ব এই পৰীক্ষা। আৰক্ষী কনিষ্টবল, কনিষ্টবল ড্ৰাইভাৰ, ৰাজ্যিক সংৰক্ষিত আৰক্ষী বাহিনী, আৰক্ষী বেণ্ডছমেন আৰু কাৰাগাৰ কনিষ্টবলৰ খালী পদ পূৰণৰ বাবে দুইৰ পৰা তিনিমাহৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব।













