ৰূপেশ মহাৰকৰে ২০ বছৰীয়া একাংশ যুৱক-যুৱতীক গোট খুৱাই উৎসাহ যোগাইছে।
যুৱতীসকলে তেওঁৰ পৰামৰ্শবোৰ শুনি থকাৰ সময়তে ৩১ বছৰীয়া ল’ৰাটোৱে অলপ জোৰকৈ কৈ উঠে, “লক্ষ্যত অবিচল হৈ থাকা। এলেহুৱাৰ ইয়াত কোনো স্থান নাই!” তেওঁ সকলোকে সকীয়াই দিয়ে যে কৰিবই লাগিব আৰু তৰিবই লাগিব। এতিয়াই নহ’লে কেতিয়াও নহয়।
সকলোৱে তেওঁৰ কথাত মূৰ দুপিয়াই সন্মতি দিয়ে আৰু উল্লাস প্ৰদৰ্শন কৰে। সকলোৱে দ্ৰুতগতিত দৌৰি ব্যায়াম কৰিবলৈ আৰম্ভ কৰে। আটাইয়ে এমাহ ধৰি এনে শাৰীৰিক অনুশীলন কৰি আহিছে।
এপ্ৰিলৰ আৰম্ভণিতে পুৱা ৬ বজাত ভাণ্ডাৰা চহৰখনৰ একমাত্ৰ খেলপথাৰখনত উৎসাহী যুৱকসকলৰ ভিৰ দেখা গৈছে। তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছে আৰু শৰীৰৰ পৰা ঘাম নিগৰি ওলাইছে। কোনোৱে ১০০ মিটাৰ দৌৰত ব্যস্ত, কিছুমানে ১৬০০ মিটাৰ দৌৰিছে। এনেদৰে সকলোৱে শাৰীৰিক শক্তি বঢ়াবলৈ বিভিন্ন ব্যায়াম কৰি গৈছে।
এই সকলোবোৰৰ পিছতো তেওঁলোকৰ মনত শেষ কথাটো হ’ল আগন্তুক সাধাৰণ নিৰ্বাচন, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে জয়ৰ লক্ষ্য লৈছে। ভাণ্ডাৰা-গণ্ডিয়া সংসদীয় সমষ্টিত ২০২৪ চনৰ ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ৰ এই নিৰ্বাচন হ’ব দীঘলীয়া, কষ্টকৰ, চোকা ৰ’দত।
নিৰ্বাচনী জটিলতাৰ পৰা আঁতৰি থাকি এই যুৱক-যুৱতীসকলে ৰাজ্যিক আৰক্ষী নিযুক্তি অভিযানৰ বাবে প্ৰস্তুতি চলোৱাত মনোনিৱেশ কৰিছে, যাৰ বাবে আবেদনৰ শেষ তাৰিখ হৈছে ১৫ এপ্ৰিল। শাৰীৰিক আৰু লিখিত দুয়োটা পৰীক্ষাৰ সংমিশ্ৰণত অনুষ্ঠিত হ’ব এই পৰীক্ষা। আৰক্ষী কনিষ্টবল, কনিষ্টবল ড্ৰাইভাৰ, ৰাজ্যিক সংৰক্ষিত আৰক্ষী বাহিনী, আৰক্ষী বেণ্ডছমেন আৰু কাৰাগাৰ কনিষ্টবলৰ খালী পদ পূৰণৰ বাবে দুইৰ পৰা তিনিমাহৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব।
আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (আই এল অ’) আৰু মানৱ উন্নয়ন প্ৰতিষ্ঠানে (আই এইচ ডি) শেহতীয়াকৈ প্ৰকাশ কৰা ভাৰতীয় নিবনুৱা প্ৰতিবেদন ২০২৪ অনুসৰি ভাৰতৰ নিবনুৱা কৰ্মশক্তিৰ প্ৰায় ৮৩ শতাংশই যুৱক-যুৱতী, আনহাতে মাধ্যমিক বা উচ্চ শিক্ষা লাভ কৰা নিবনুৱাৰ সংখ্যা আছিল ২০২২ চনত ৫৪.২ শতাংশৰ পৰা ৬৫.৭ শতাংশলৈ বৃদ্ধি পাইছে।
দেশৰ গ্ৰাম্য যুৱক-যুৱতীসকলৰ মাজত নিবনুৱা সমস্যা আৰু উদ্বিগ্নতা ইমানেই বৃদ্ধি পাইছে যে সমগ্ৰ দেশত এতিয়া শিৱাজী ষ্টেডিয়ামত সকলোৱে ইজনে সিজনৰ লগত প্ৰতিদ্বন্দ্বিতা কৰা এই ভিৰৰ দৃশ্য প্ৰায় সুলভ। সকলোৱে জানে যে মাত্ৰ দুই এজনেহে আগবাঢ়িব। আগবাঢ়ি যোৱাটো কঠিন। লাখ লাখ লোকে কেইটামান পদৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।
ভাণ্ডাৰা আৰু গণ্ডিয়া ঘন বনাঞ্চলৰে পৰিপূৰ্ণ অধিক বৰষুণ হোৱা জিলা। মূলতঃ ইয়াত ধানৰ খেতি কৰা হয়, কিন্তু ডাঙৰ উদ্যোগ নাই, গতিকে বৃহৎ সংখ্যক জনজাতীয় আৰু জনগোষ্ঠীয় লোকে কৰ্মসংস্থাপন বিচাৰি নাপায়। যোৱা দুটা দশকৰ ভিতৰত এই জিলাসমূহৰ পৰা বৃহৎ সংখ্যক ক্ষুদ্ৰ, যাযাবৰী আৰু ভূমিহীন কৃষকে কামৰ সন্ধানত অন্য ৰাজ্যলৈ প্ৰব্ৰজন কৰিছে।
মহাৰাষ্ট্ৰৰ গৃহ বিভাগে জিলাভিত্তিক কোটা উল্লেখ কৰি ১৭,১৩০টা পদ পূৰণৰ বাবে নিযুক্তি অভিযানৰ কথা ঘোষণা কৰে। ভাণ্ডাৰা আৰক্ষীত খালী হৈ থকা ৬০টা পদৰ ভিতৰত ২৪টা পদ মহিলাৰ বাবে সংৰক্ষিত। গণ্ডিয়াত প্ৰায় ১১০ টা পোষ্ট আছে।
এই পদৰ বাবে ৰূপেশেও আবেদন কৰিছে। সৰুতে দেউতাকক হেৰুওৱাৰ পিছত তেওঁক মাকে ডাঙৰ-দীঘল কৰিছিল। ভাণ্ডাৰাৰ সমীপৰ সোণুলী গাঁৱত ৰূপেশৰ পৰিয়ালৰ এক একৰ মাটি আছে। এই নিযুক্তি অভিযানত সফল হোৱাৰ এয়াই হৈছে তেওঁৰ শেষ সুযোগ।
তেওঁ কয়, "মোৰ হাতত আন কোনো উপায় নাই।"
নিজৰ সপোন পূৰণৰ বাবে চেষ্টা অব্যাহত ৰখাৰ লগে লগে পূব মহাৰাষ্ট্ৰৰ এই অৰ্থনৈতিকভাৱে পিছপৰা জিলাখনৰ প্ৰায় ৫০ জন যুৱক-যুৱতীক তেওঁ স্বেচ্ছাই অনুশীলন কৰাই গৈছে।
ৰূপেশে নিজাববীয়া প্ৰচেষ্টাৰে ‘সংঘৰ্ষ’ নামেৰে এখন একাডেমী চলায়। তেওঁৰ গোটৰ প্ৰতিজন সদস্যই ভাণ্ডাৰা আৰু গণ্ডিয়া জিলাৰ পিছপৰা গাঁৱৰ পৰা অহা ক্ষুদ্ৰ কৃষকৰ সন্তান যিয়ে স্থায়ী চাকৰি এটা পোৱাৰ আশাত খাকী পোছাক পিন্ধি পৰিয়ালৰ বাবে কিবা এটা কৰাৰ আশাত আছে। প্ৰায় প্ৰতিজনেই উচ্চতৰ মাধ্যমিকৰ শিক্ষা সম্পূৰ্ণ কৰিছে আৰু অতি কম সংখ্যক হৈছে স্নাতক ডিগ্ৰীধাৰী।
ইয়াত কেইজনে পথাৰত কাম কৰিছে? ইয়াৰ উত্তৰত সকলোৱে হাত দাঙি দিয়া দেখা যায়।
ইয়াৰে কিমানজনে আন ঠাইত কাম কৰিবলৈ গৈছে? একাংশই মূৰ দুপিয়ায়।
ইয়াৰে অধিকাংশই এমজিএনৰেগাৰ (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন)ৰ অধীনত কাম কৰি আহিছে।
কিন্তু এতিয়া এইটো এটা দল। ষ্টেডিয়ামখন বহু অনানুষ্ঠানিক একাডেমীৰ দলেৰে ভৰি আছে, যাৰ নেতৃত্বত আছে ৰূপেশৰ দৰে ব্যক্তি, যিয়ে ইয়াৰ পূৰ্বেও পৰীক্ষা দিছিল যদিও উত্তীৰ্ণ হোৱা নাছিল।
ইয়াত ব্যায়াম কৰা যুৱক-যুৱতীসকলৰ অধিকাংশই প্ৰথম বা দ্বিতীয় বাৰৰ ভোটাৰ। কিন্তু নিজৰ কেৰিয়াৰ আৰু ভৱিষ্যতক লৈ তেওঁলোক হতাশ আৰু ক্ষুব্ধ। তেওঁলোকে পাৰিক জনায় যে তেওঁলোকে নিৰাপদ চাকৰি, গুণগত শিক্ষা, গাঁৱৰ উন্নত জীৱন আৰু অন্যান্য ক্ষেত্ৰতো সম-সুযোগৰ আশা কৰিছে। জিলা আৰক্ষীৰ খালী পদৰ বাবে স্থানীয় বাসিন্দাৰ বাবে তেওঁলোকে পদ সংৰক্ষণৰ দাবী কৰে।
আন এজন আবেদনকাৰী গুৰদীপ সিং বচ্চিলে কয় যে এই নিযুক্তি তিনি বছৰৰ পিছত আহিছে। ৩২ বছৰ বয়সত তেওঁ চূড়ান্ত সুযোগৰ বাবে অপেক্ষা কৰি আছে। এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পুত্ৰই এদশক ধৰি আৰক্ষীৰ চাকৰি লাভৰ চেষ্টা চলাই আহিছে। প্ৰাৰ্থীয়ে ভিৰ কৰা খেলপথাৰখনত ঘূৰি ফুৰি তেওঁ কয়, ‘'মই শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হওঁ যদিও লিখিত পৰীক্ষাত কৃতকাৰ্য হ’ব পৰা নাই।’’
আন এটা সমস্যা আছে- মহাৰাষ্ট্ৰৰ উন্নত অঞ্চলৰ প্ৰাৰ্থীসকলে ভাণ্ডাৰা আৰু গণ্ডিয়াৰ দৰে পিছপৰা অঞ্চলত খালী পদৰ বাবে আবেদন কৰে, ফলত স্থানীয় প্ৰাৰ্থীসকল বঞ্চিত হৈ পৰে। বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ) প্ৰভাৱিত জিলাসমূহৰ ভিতৰত অন্যতম গাডচিৰৌলী ইয়াৰ ব্যতিক্ৰম, য’ত কেৱল স্থানীয় বাসিন্দাইহে আবেদন কৰিব পাৰে আৰু আৰক্ষীৰ চাকৰি লাভ কৰিব পাৰে। সেইবাবেই ৰূপেশ আৰু আনসকলৰ বাবে এয়া কঠিন হৈ পৰিছে।
গতিকে তেওঁলোক সকলোৱে অধিক কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছে।
শতাধিক চাকৰিপ্ৰত্যাশী প্ৰাৰ্থীৰ ভৰিৰ গচকত আকাশত উৰা ৰঙা ধূলিৰে ভৰি পৰিছে ষ্টেডিয়ামৰ চৌদিশ। প্ৰাৰ্থীসকলে পিন্ধিছে সাধাৰণ ট্ৰেক-ছুট বা পেণ্ট; কিছুমানে জোতা পিন্ধিছে, কোনোবাই খালী ভৰিৰে, সকলোৱে চেষ্টা কৰিছে। একোৱেই তেওঁলোকক বিচলিত কৰিব নোৱাৰে, আনকি সমাগত নিৰ্বাচনেও তেওঁলোকক টলাব পৰা নাই।
ৰূপেশে ভাণ্ডাৰাত থকা তেওঁ খুৰীয়েকৰ দোকানখনত কচাইৰ কাম কৰে। অৱশ্যে তেওঁ জাতিগতভাৱে কচাই নহয়। খুৰীয়েক প্ৰভা ছেন্দ্ৰেৰ পৰিয়ালটোক তেওঁ সকাহ দিবলৈ এয়া কৰে। এপ্ৰ’ন পিন্ধি তেওঁ কুকুৰাৰ মাংস কাটি গ্ৰাহকক দি আহিছে। এদিন খাকী পোছাক পিন্ধাৰ সপোন লৈ তেওঁ এতিয়া সাত বছৰ ধৰি এই কামটো কৰি আছে।
দৰিদ্ৰতাৰ বাবে অধিকাংশ প্ৰাৰ্থীৰ বাবে এয়া কঠিন হৈ পৰিছে।
ৰূপেশে কয় যে কঠিন ব্যায়ামৰ বাবে ভাল খাদ্য যেনে মুৰ্গীৰ মাংস, কণী, ছাগলীৰ মাংস, গাখীৰ, ফলমূল আদিৰ প্ৰয়োজন। তেওঁ কয়, “আমাৰ বেছিভাগেই ভাল খাদ্য ক্ৰয় কৰিব নোৱাৰে।”
*****
ভাণ্ডাৰা হৈছে দৰিদ্ৰ যুৱক-যুৱতীসকলৰ কেন্দ্ৰ সদৃশ। প্ৰতিবাৰেই আৰক্ষী নিযুক্তিৰ বিজ্ঞাপন ওলালে তেওঁলোকে ইয়ালৈ আহি প্ৰস্তুতি চলায়।
এনেদৰেই চলিছে শিৱাজী ষ্টেডিয়ামত লাখ লাখ সপোনৰ সংগ্ৰাম। দিন যোৱাৰ লগে লগে জিলাখনৰ পৰা অধিক সংখ্যক যুৱক-যুৱতী খেলপথাৰলৈ আহিব। তেনে এগৰাকী স্নাতক মেঘা মেশ্ৰাম (২৪)ক আমি গড়চিৰৌলীৰ সীমান্তৱৰ্তী গণ্ডিয়াৰ অৰ্জুনি মৰ্গাঁও তহচিলৰ আৰাকটণ্ডি গাঁৱৰ এনৰেগা ছাইটত লগ পাইছিলো। এটা পথ নির্মাণ স্থানত তেওঁ প্রায় ৩০০ গাঁওবাসীৰ মাজত মাক সৰিতাৰ সৈতে বালি-শিল কঢ়িয়াই নিয়াৰ কামত নিয়োজিত হৈছিল৷ এনে আন এগৰাকী যুৱতী হৈছে মেঘা আড়ে (২৩)। এগৰাকী দলিত (অনুসূচিত জাতি) হোৱাৰ বিপৰীতে আনগৰাকী মেঘা হৈছে এগৰাকী আদিবাসী (অনুসূচিত জনজাতি)।
মেঘা মেশ্ৰমে দৃঢ়তাৰে আমাক কৈছে, "আমি আমাৰ অনুশীলন গাঁৱতে ৰাতিপুৱা আৰু গধূলি কৰোঁ।" ঘন বনাঞ্চলত বাস কৰি গোটেই দিনটো কাম কৰি মাক-দেউতাকক সহায় কৰি আহিছে। দুয়োগৰাকী মেঘাই ভাণ্ডাৰা একাডেমীৰ কথা শুনিছে আৰু অহা মে’ মাহত তালৈ গৈ আৰক্ষী বাহিনীত চাকৰিৰ আশাত থকা শতাধিক প্ৰাৰ্থীৰ লগত যোগদান কৰাৰ কথা চিন্তা কৰিছে। হ’বলগীয়া খৰচৰ বাবে মজুৰি জমা কৰি আছে।
তাত উপস্থিত হ’লে ঘৰ ভাড়া কৰি দলত থাকিব, একেলগে ৰন্ধা-বঢ়া-খোৱা আৰু একেলগে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব। কোনোবাই সফল হ’লে সকলোৱে একেলগে সুখী হ’ব। আন কিছুমানে পিছদিনা পুৱা ট্ৰেকলৈ উভতি আহি পৰৱৰ্তী বিজ্ঞাপন ওলোৱালৈকে অপেক্ষা কৰিব।
মুঠৰ ওপৰত যুৱতীসকলো পিছ পৰি থকা নাই। তেওঁলোকেও কঠোৰ পৰিশ্ৰম কৰি গৈছে।
বৈশালী মেশ্ৰাম (২১)এ লাজ লগা হাঁহি এটা মাৰি কয়, “হাইট নাই বাবেই পিচ পৰো।’’ তেওঁ আৰু কয় যে এয়া তেওঁৰ হাতত নাই। গতিকে তেওঁ ‘বেণ্ডছমেন’ শিতানত আবেদন কৰিছে, য’ত উচ্চতা ইমান গুৰুত্বপূৰ্ণ নহয়।
বৈশালীয়ে কনিষ্ঠ ভগ্নী গায়ত্ৰী আৰু আন এখন গাঁৱৰ ২১ বছৰীয়া ময়ুৰী ঘৰাড়েৰ সৈতে এটা কোঠাত ভাৰা কৰি আছে। তেওঁলোকে নিজ কোঠাত পাল পাতি ৰন্ধা-বঢ়া কৰে। তেওঁলোকৰ মাহিলী খৰচ কমেও ৩ হাজাৰ টকা। প্ৰটিন হিচাপে তেওঁলোকে মূলতঃ দাইল খাই আহিছে।
আকাশলংঘী মূল্যবৃদ্ধিয়ে তেওঁলোকৰ বাজেটত প্ৰভাৱ পেলাইছে বুলি কয় বৈশালীয়ে। "এতিয়া সকলো বস্তুৱেই দামী হৈ পৰিছে।"
তেওঁলোকৰ দৈনন্দিন জীৱনটো ব্যস্ততাৰ মাজেৰেই পাৰ হয়। ৰাতিপুৱা ৫ বজাত সাৰ পায়, চাইকেল চলাই খেলপথাৰলৈ যায় আৰু ব্যায়াম কৰে। ১০:০০ বজাৰ পৰা ১২:৩০ বজালৈ তেওঁলোকে ওচৰৰ পুথিভঁৰালত পঢ়ে। কচাইৰ দোকানত কাম কৰাৰ মাজতে ৰূপেশে তেওঁলোকক লগ কৰে আৰু মক টেষ্টৰ বাবে গাইড কৰে। পৰীক্ষাৰ প্ৰস্তুতিৰে তেওঁলোকৰ দিনটো শেষ হয়।
ৰূপেশ বা বৈশালীৰ দৰে আন বহুতেই কৃষিক্ষেত্ৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছে, য’ত তেওঁলোকে কোনো ভৱিষ্যত দেখা নাই। বেছিভাগেই এনে ল’ৰা-ছোৱালী যিয়ে নিজৰ পিতৃ-মাতৃয়ে পথাৰত গোটেই দিনটো হাড়ভগা শ্ৰম কৰিও দুবেলা-দুমুঠি ভালকৈ খাবলৈ নোপোৱাতো প্ৰত্যক্ষ কৰিছে। তেওঁলোকে আন ঠাইত কামৰ সন্ধান কৰিবলৈকো আগ্ৰহী নহয়।
বয়স বাঢ়ি অহাৰ লগে লগে তেওঁলোকে এটা নিৰাপদ চাকৰিৰ বাবে ব্যাকুল হৈ পৰিছে। তেওঁলোকৰ দৃষ্টিত এনে চাকৰিয়েই হৈছে মৰ্যাদাপূৰ্ণ জীৱিকাৰ এক প্ৰতীকস্বৰূপ। কিন্তু ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ডত চাকৰি কম। যিহেতু ২০২৪ চনৰ নিৰ্বাচন ইতিমধ্যে আৰম্ভ হৈছে, সেয়েহে বৰ্তমান চৰকাৰে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত তেওঁলোক হতাশ হৈ পৰিছে। যিসকলে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে আৰু আন সুকীয়া অৰ্হতা নাই সেইসকলৰ বাবে যিসকলে এই আৰক্ষী নিযুক্তি অভিযানেই হৈছে চাকৰি লাভৰ শেষ সুযোগ।
এইবাৰৰ নিৰ্বাচনত তেওঁলোকে কাক ভোট দিব?
এই প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোক অপাৰগ। হয়তো এই মুহূৰ্তত এয়া তেওঁলোকৰ বাবে এক জটিল প্ৰশ্ন।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি