'পাৰি’ৰ প্ৰিয় পঢ়ুৱৈসকল,
www.ruralindiaonline.orgৰ বাবে বছৰটো আছিল ব্যস্ততাৰে ভৰা।
চাওতে চাওতে ২০২৩ বৰ্ষটো যাবৰে হ’ল। বিদায়ৰ এই ক্ষণত 'পাৰি’য়ে উভতি চাইছে বছৰটোৰ বিগত সময়ছোৱালৈ। সেয়ে শেষৰ এই দিনকেইটাত 'পাৰি’-য়ে প্ৰকাশ কৰিছে সম্পাদকৰ পচন্দ অনুসৰি বছৰটোত প্ৰকাশিত কিছু শ্ৰেষ্ঠ লিখনিৰ পৰ্যালোচনা। এই পৰ্যালোচনাত কবিতাৰ পৰা আৰম্ভ কৰি সংগীত, চিত্ৰশিল্প, চলচ্চিত্ৰ, ফটো, অনুবাদ, লাইব্ৰেৰী, ফেচেছ, সামাজিক মাধ্যম আৰু শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপকে ধৰি প্ৰায় প্ৰতিটো শিতানকে অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা চলোৱা হৈছে।
আমি সমগ্ৰ দেশৰ পৰা প্ৰতিবেদন প্ৰকাশ কৰি আহিছো আৰু এইবাৰ আমি উত্তৰ-পূৰ্বাঞ্চলকে ধৰি একাধিক নতুন ঠাইকো সামৰি লৈছো। কৃষি সম্পৰ্কীয় আমাৰ সংগ্ৰহত অপৰ্ণা কাৰ্তিকেয়ানৰ জেছমিন, তিল, শুকান মাছকে ধৰি বহুতো বিষয়ত নিৰন্তৰ গৱেষণাৰ বিৱৰণ দিয়া কেইবাটাও প্ৰতিবেদন আছে। জয়দীপ হাৰ্ডিকাৰৰ কৃষি বিষয়ক ধাৰাবাহিক প্ৰতিবেদন ‘এয়াও এক ভিন্ন প্ৰকৃতিৰ খৰাং’-য়ে মানুহ আৰু বন্যজন্তুৰ সংঘৰ্ষ আৰু ইয়াৰ পৰিণাম, বিশেষকৈ বিভিন্ন অভয়াৰণ্যৰ ওচৰত বাস কৰা লোকসকলৰ জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে দাঙি ধৰা হৈছে।
পালানি কুমাৰে প্ৰান্তীয় অঞ্চলত বাস কৰা দৰিদ্ৰ লোকসকলৰ জীৱন পৰিস্ফুট কৰি তোলা অনন্য আলোকচিত্ৰ একত্ৰিত কৰিছে – এইবোৰৰ ভিতৰত তামিলনাডুৰ ভাস্কৰ্যশিল্পী, ট্ৰান্স অভিনয় শিল্পী আৰু মীনপালকসকলৰ লোককলাও আছে। কাশ্মীৰ আৰু লাডাখৰ ওখ পৰ্বতমালাত ভ্ৰমণ কৰি ঋতায়ান মুখাৰ্জী আৰু মুজামিল ভাটে জলবায়ু পৰিৱৰ্তন প্ৰক্ৰিয়াৰ সৈতে খাপ খুৱাবলৈ চেষ্টা চলাই যোৱা পশুপালকসকলৰ দৈনন্দিন জীৱন ধৰি ৰাখিবলৈ তেওঁলোকৰ সৈতে দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিছে। জ্যোতি চিনৌলিয়ে গ্ৰাম্য মহাৰাষ্ট্ৰত বিদ্যমান অন্যায়-অনিয়মৰ বেহু ভাঙিবলৈ চেষ্টা চলাই যোৱা যুৱ খেলুৱৈ, সন্তানৰ শিক্ষাৰ বাবে যুঁজ দি থকা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ সমস্যা তুলি ধৰাৰ লগতে মহিলাৰ ঋতুস্ৰাৱ সম্পৰ্কীয় সামাজিক ভুল ধাৰণাকে ধৰি একাধিক বিষয় স্পৰ্শ কৰি গৈছে। আনহাতে, বিষাক্ত সুৰাই গ্ৰাস কৰা বিহাৰৰ মুছাহাৰ সম্প্ৰদায়ৰ লোকসকলক লৈ প্ৰকাশ কৰা 'পাৰি ফেলো’ উমেশ কে ৰায়ৰ আকৰ্ষণীয় প্ৰতিবেদনো আছিল উল্লেখনীয়।
এই বছৰ, আমি বিভিন্ন সম্প্ৰদায় আৰু সংৰক্ষণক কেন্দ্ৰ কৰি গঢ় লৈ উঠা কিছুমান নতুন সামাজিক ক্ষেত্ৰতো প্ৰৱেশ কৰিছো। এইসমূহৰ ভিতৰত উল্লেখনীয় এক প্ৰতিবেদন আছিল হিমালয় পৰ্বতমালাৰ পূৱত বুগুন লিওচিকলা নামৰ চৰাইৰ প্ৰজাতি বিধৰ প্ৰতি অহা ভাবুকি আৰু চৰাইবিধৰ সংৰক্ষণৰ বাবে স্থানীয় বাসিন্দাসকলে হাতত লোৱা প্ৰচেষ্টা বিষয়ক প্ৰতিবেদন। একেদৰে প্ৰীতি ডেভিদৰ প্ৰতিবেদনত ৰাজস্থানত সম্পূৰ্ণ বিলুপ্তিৰ অৱস্থাৰ দিশে গতি কৰা 'গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড', আৰু নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ কবলত পৰি হেৰোৱাৰ উপক্ৰম ঘটা পবিত্ৰ বনৰ ওপৰতো আলোকপাত কৰা হৈছে।
আমি বাতৰিবোৰ প্ৰকৃত ৰূপত তুলি ধৰিবলৈ প্ৰয়াস কৰি আহিছো। আমি মহাৰাষ্ট্ৰৰ প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে খোজকাঢ়ি তেখেতসকলৰ দুখ-দুৰ্দশাৰ সমভাগী হৈছো। আমি প্ৰাপ্য অধিকাৰৰ বাবে পদযাত্ৰা কৰা আদিবাসীসকলৰ লগতে আন্দোলনকাৰী অংগনবাদী কৰ্মীসকলৰ সৈতেও বাৰ্তালাপ কৰিছো। ইয়াৰ উপৰিও ২০২৩ চনৰ ডিচেম্বৰ মাহত মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পাৰ্থ এম এন-য়ে ৰাজ্য দুখনৰ জীয়া ছবিও প্ৰকাশ কৰিছে। তেওঁৰ প্ৰতিবেদনত নিৰ্বাচনমুখী ৰাজ্য দুখনত ন্যায় প্ৰদানৰ নামত চলি অহা বুলড’জাৰৰ অন্যায়ৰ বলি হোৱা ভুক্তভোগীসকল, আদিবাসীসকলৰ ওপৰত হৈ অহা অত্যাচাৰ আৰু আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকসকলৰ কৰুণ বাস্তৱৰ বিষয়ে প্ৰকাশ পাইছে।
গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্টিঙৰ ক্ষেত্ৰত, প্ৰায়ে কিছুমান আন বাতৰি সদৃশ কাহিনীও উঠি আহে। উদাহৰণ হিচাপে বিড়ি কোম্পানীত কাম কৰা শ্ৰমিকসকলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে স্মিতা খাটোৰে মুৰ্শিদাবাদ জিলাৰ মহিলাসকলৰ গান আৰু শিশুসকলৰ অন্য এক কাহিনীও প্ৰত্যক্ষ কৰিছিল। কিছুমান কাহিনীত ব্যক্তিগত অনুভৱো অন্তৰ্ভুক্ত হৈ থাকে আৰু সেয়া প্ৰকাশ পাইছে শিক্ষকতাৰ সৈতেও জড়িত মেধা কালেই যুগুত কৰা বিশেষ শিক্ষাবিদসকলৰ প্ৰতিবেদনত। আমাৰ সাংবাদিকসকলে ভাৰতৰ গ্ৰামাঞ্চলত উদযাপন কৰা বিভিন্ন উৎসৱত উপস্থিত হৈ সেইবোৰৰ বিষয়ে বাতৰি সংগ্ৰহ কৰি আহিছে। এইবোৰৰ ভিতৰত মা বনবিবি, শৈলা নৃত্য, চাদৰ বদনী, পিলি ভেশ উল্লেখনীয়। এইবোৰৰ উপৰিও প্ৰকাশিত আন এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন আছিল, 'কোন ফকিৰৰ এই দৰগাহ?'
'পাৰি’ৰ টীম ভাৰতৰ ভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে। তেওঁলোক সকলোৱে সমগ্ৰ ভাৰতক নিজৰ নিজৰ কাহিনীৰ জৰিয়তে তুলি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই গৈছে। তেওঁলোকৰ কাহিনীত কেতিয়াবা যদি সমাজৰ অসহায় শ্ৰেণী তথা প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু প্ৰব্ৰজনকাৰী শিশুসকলৰ দুখ-দুৰ্দশা ফুটি উঠিছে আন কেতিয়াবা আকৌ দেখা গৈছে ব্যস্ততাৰে ভৰা গ্ৰামাঞ্চলৰ মহিলাসকলৰ হা-হুমুনিয়াহ আৰু তেওঁলোকৰ আজৰি পৰৰ হাঁহি-খিকিন্দালি। আশা কৰিছো আহি থকা বছৰটোত আমাৰ টীমে আৰু অধিক গতিশীলতা লাভ কৰিব।






