মহুৱা ফুল বেছিদিন নাথাকে। মধ্য ভাৰতৰ প্ৰায় সকলোতে পোৱা এই ওখ গছবিধৰ ফুল গ্ৰীষ্মৰ আৰম্ভণিৰ পৰা তিনিমাহলৈকে সৰে।
মহুৱাৰ এই পাতল হালধীয়া ফুল সংগ্ৰহ কৰাটো এটা উৎসৱৰ সময়, কণ কণ ল’ৰা-ছোৱালীৱেও ডাঙৰবোৰৰ লগত হাবিত ফুল বুটলি বুটলিবলৈ যায়। “বৰ কষ্টৰ কাম,” ভুপিন্দৰে কয়। “পুৱাৰ ভাগত ফুল তোলো, আকৌ আবেলিৰ ভাগতো যাও।” ধামতাৰি জিলাৰ চানাগাঁৱৰ পৰা তেওঁ নিজৰ মাক-দেউতাকক সহায় কৰিবলৈ আহিছে, আশে-পাশে ঢেৰ মানুহ - উচৱৰ এক পৰিৱেশে বিৰাজ কৰিছে।
এই ঋতুত মহুৱাৰ গোন্ধে গোটেইখন আমোলমোলাই থাকে। ৰাজগঢ় জিলাৰ ধৰমজয়গঢ়ৰ পৰা চত্তীশগঢ়ৰ ৰাজধানী চহৰ ৰায়পুৰলৈকে শ শ মহুৱা গছৰ তলত গাঁৱৰ মানুহক ফুল সংগ্ৰহত ব্যস্ত হৈ থকা দেখিব। সেই ফুলবোৰ শুকুৱাই মজুত কৰা হ’ব। তাৰপিছত সেয়া গুড়ি কৰি মদ আৰু আন কিছুমান সামগ্ৰী বনোৱা হ’ব।
“হাবিৰ পৰা সংগ্ৰহ কৰা বস্তুবোৰৰ ভিতৰত মহুৱা আটাইতকৈ গুৰুত্বপূৰ্ণ। আকালৰ দিনত এয়া খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। পইচাৰ প্ৰয়োজন হ’লে কিছু মহুৱা বিক্ৰীও কৰিব পাৰি,” অম্বিকাপুৰৰ সমাজকৰ্মী আৰু জনজাতীয় নেতা গংগাৰাম পাঁইক্ৰাই কয়। দিন হাজিৰাৰ কাম ক’তো নোপোৱা সময়খিনিত মহুৱাৰ ফুলে কেনেকৈ পৰিয়ালবোৰ চলাত সহায় কৰে, সেইবিষয়ে তেওঁ বুজাই কয়।













