সুৰেন্দ্ৰ নাথ অৱস্থিয়ে যিমান পাৰে বহলকৈ হাত দুখন মেলি দি ইষৎ হাঁহিৰে দেখুৱাইছে, “ইমান বহল, ইমান বিশাল আছিল নৈখন,” অৱশ্যে সেয়া এতিয়া তেওঁৰ স্মৃতিৰ নৈখনহে।
“ভাল পাইছিলো। নৈখনৰ কাৰণেই আমাৰ কুঁৱাবোৰত দহ ফুটতেই পানী পাইছিলো। প্ৰতিবাৰ বাৰিষা নৈখনৰ পানী আহি আমাৰ চোতাল পাইছিল। তিনি বছৰমানৰ মুৰে মুৰে নৈখনে আমাৰ এটা-দুটা সৰু পশুধন নিছিল। এবাৰ অৱশ্যে নৈখনে আমাৰ ১৬ বছৰীয়া সম্পৰ্কীয় ভাই এটাকো নিছিল। খং উঠিছিল। পানীয়ে বাট সলোৱাক লৈ খঙত আটাহ পাৰিছিলো,” তেওঁ আৱেগমিশ্ৰিত সুৰত কথাখিনি কয়। “এতিয়া নৈখনৰ আমাৰ ওপৰত খং…বোধকৰো নৈখনৰ ওপৰত সজা দলংখনৰ কাৰণে,” তেওঁৰ মাতটো কথাখিনি কওঁতে কঁপি উঠে।
অৱস্থিয়ে ৬৭ মিটাৰ দীঘল দলংখনত থিয় হৈ আছে, তলত সাই নৈখন নামতহে আছে। নৈখনৰ চাগে খং। দলংখনৰ তলত খেতি। নৈখনৰ বুকুত ঘেঁহুৰ নৰাবোৰ আছে, দুয়োকাষে আছে ইউকেলিপ্টাছ গছ।
অৱস্থিৰ বন্ধু আৰু সহযোগী জগদীশ প্ৰসাদ ত্যাগী, অৱসৰপ্ৰাপ্ত স্কুল শিক্ষকজনে নৈখন মনত পেলাই কৈছে, “বৰ ধুনীয়া আছিল নৈখন।”
গভীৰ জলৰাশিত উঠা চাকনৈয়াত ঢৌ তোলা প্ৰকাণ্ড মাছবোৰ তেওঁৰ চকুত ভাঁহি উঠিছে। পকনীয়াত দেখা মাছবোৰ এতিয়াও তেওঁৰ মানসপটত ভাঁহি উঠে - ৰৌ মাছ, বামি-কুচিয়া, গঙাটোপ আদি। “পানী কমি আহিলে মাছবোৰো অদৃশ্য হৈ পৰিছিল,” তেওঁ কয়।
এনে বহুত মিঠা স্মৃতি আছে। গাওঁখনত ২০০৭ৰ পৰা ২০১২লৈ সৰপঞ্চ হৈ থকা ৭৪ বৰ্ষীয় মালতি অৱস্থিয়ে মনত পেলায় কেনেকৈ নৈখনৰ বুকুৰ পৰা ১০০ মিটাৰ দূৰত থকা তেওঁৰ চোতালখন পানীয়ে বুৰাই পেলাইছিল। সেই চোতালখনতে গাঁৱৰ মানুহে লগ লাগি ‘আন পাৰ্বত দান’ (খাদ্যশস্যৰ দান) পৰ্ব পাতিছিল, নৈখনৰ ৰণচণ্ডী মূৰ্তিত পথাৰৰ শস্য হেৰুওৱা পৰিয়ালবোৰক অন্নদান কৰিছিল।
“এতিয়া এনে কোনো ৰাইজ নাই, তেনে অন্নৰো সোৱাদ নাই। কুঁৱাৰ পানী শুকাই গ’ল। আমি যিমান ভুগিছো, সমানেই পশুধনেও ভুগিছে। জীৱনৰ সোৱাদো হেৰাই গৈছে,” তেওঁ কয়।























