মাৰহাই মাতাৰ মন্দিৰটোৰ চাৰিফুট ওখ দুৱাৰখন খোল খালে সকলো উপাসকেই মুৰ দোৱাবলৈ বাধ্য। দেৱীৰ প্ৰতি এনে সকলো এনেকৈ ভক্তমন্ত হোৱাৰ কাৰণ আছে। দেৱীৰ চৰণত সেৱা জনালেই ভাল হৈ যায় ৰোগ। নিৰাময়ৰ এই অপাৰ শক্তিৰ বাবেই মাৰহা গাঁৱৰ লগতে আশে-পাশে থকা বহু গাঁৱৰ পৰা তালৈ লোকৰ আগমন ঘটে।
“আপোনাৰ পৰিয়ালৰ যদি কোনোবা অসুস্থ, তেন্তে আহক আৰু ভাগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাওক,” বাবু সিঙে কয়। বটগছজোপাৰ তলত তেঁৱো আনসকলৰ দৰেই পূজা আৰম্ভ হোৱালৈ অপেক্ষা কৰিছে। ভাগৱতী এই মন্দিৰৰ দেৱী। “তেৰাই সকলো সমস্যাৰ সমিধান দিব – সেয়া লাগিলে বেমাৰ-আজাৰেই হওঁক বা ভুত-প্ৰেত বা ডাইনী,” তেওঁ বৰ আস্থাৰে কথাষাৰ কয়।
আজি বুধবাৰ আৰু এই দিনটো বিশেষ। আজি মন্দিৰৰ পাণ্ডাগৰাকীৰ গাত দেৱী লম্ভিব। তেওঁৰ যোগেদি দেৱীয়ে ভক্তসকলৰ সমস্যাৰ সমিধান দিব, ঘাইকৈ স্বাস্থ্যসম্পৰ্কীয়।
দেৱীৰ উপাসনাৰ বাবে অহাসকল ঘাইকৈ পুৰুষ - গাহদ্ৰা, কোনি, কুড়ন, খামৰি, মাঝলি, মাৰহা, ৰাকেশা আৰু কাঠেৰি বিলহাতাৰ। কিন্তু মুৰত ওৰণি লৈ কেইগৰাকীমান মহিলাও তাত আছে।
“আত গাওঁ কে লৌগ আতে হ্যে (আঠখন গাঁৱৰ মানুহ ইয়ালৈ আহে),” সন্ধিয়া বাঢ়ি অহা ব্যস্ততাৰ মাজতে মন্দিৰটোৰ পুৰোহিত ভাইয়া লাল আদিবাসীয়ে কয়। গোণ্ড আদিবাসী সম্প্ৰদায়ৰ লোকজনৰ পৰিয়ালটোৱে ভালেকেইটা প্ৰজন্ম ধৰি দেৱীৰ সেৱা কৰি আহিছে।










