''হঠাৎ সেইদিনা দুপৰীয়া ধুমুহা আহিছিল!’’
''হয়, সঁচাকৈয়ে। প্ৰচণ্ড ধুমুহা আহিছিল। নাছিল জানো?’
''হয়, মোৰ বোধেৰে গছজোপা যথেষ্ট প্ৰাচীন। কোন কাহানিবাৰে পৰা আছে, ৫০ বছৰ পূৰ্বে ইয়ালৈ আহোতেও গছজোপা এনেকৈয়ে আছিল।’’
''যি নহওক, গছজোপা বৰ বিপজ্জনকভাৱে এফালে হাউলি আছিল। গছজোপাৰ তলত থকা আব্দুলৰ জুপুৰীটো কমখন ঠাই আছিলনে? ৰাতি বাদুলিবোৰে উৎপাত কৰিছিল আৰু দিনত ল’ৰাবোৰে আড্ডা দিছিল। মোৰ একেবাৰে ভাল লগা নাছিল।’’
''বাপৰে বাপ! কি যে চিঞৰ আছিল সেইটো?’’
নগৰপালিকাৰ জৰুৰীকালীন বিভাগৰ লোক উক্ত স্থান পাইছিল আৰু এপাৰ্টমেণ্টটোৰ গেটত উভালি পৰা গছজোপা আঁতৰাই নিয়া ৩৬ ঘণ্টা পাৰ হৈছিল। কিন্তু মানুহবোৰৰ বিষয়টোক লৈ উৎসুকতাৰ অন্ত নাছিল। আস! কি আচৰিত কথা, কি ভয়ংকৰ কথা, ভাগ্যৰ কথা সকলো! গছজোপাৰ আশে-পাশে আৰু কোনোবা আছিল নেকি বুলি ভাবি মাজে মাজে ছোৱালীজনী চিন্তিত হৈ পৰিছিল। তেওঁলোকে কি জানিছিল নেকি যে মানুহজন সেইদিনা দুপৰীয়া গছজোপাৰ তলতে আছিল? তেওঁৰ মৃত্যুৰ কোনোবা সাক্ষী আছিল নেকি?
যেতিয়া ছোৱালীজনী আব্দুল ছাচাৰ দোকানৰ কাষত ৰৈছিল, তেতিয়া ধাৰাসাৰ বৰষুণ দি আছিল। ৰাস্তা পানীৰে উপচি পৰিছিল, অটোচালকজনে আৰু যাব নোৱাৰে বুলি কৈছিল। ছাচাই তেওঁক চিনি পাইছিল। ছাচাই ছাতি এটা লৈ দৌৰিছিল আৰু একো নোকোৱাকৈ ছোৱালীজনীৰ হাতত ছাতিটো তুলি দিছিল। ছাচাই কেৱল মূৰটো দুপিয়াই দিছিল। ছোৱালীজনীয়ে ইংগিতৰ ভাষা বুজি পাইছিল আৰু হাঁহি, মূৰ দুপিয়াই ছাতিটো লৈছিল। ইয়াৰ পিছত ছোৱালীজনীয়ে ছাতিটো হাতত লৈ এপাৰ্টমেণ্টলৈ যাবলৈ বুলি পানীৰে ভৰি থকা ৰাস্তাতো পাৰ হ’বলৈ লৈছিল। এক মিনিটৰ বাবেও ছোৱালীজনীৰ মনলৈ ভাব অহা নাছিল যে জলবায়ুৰ পৰিৱৰ্তন ঘটিবলৈ লৈছে।
এঘণ্টা পিছত যেতিয়া হুৰমূৰকৈ কিবা এটা পৰাৰ শব্দ শুনা গৈছিল, তেতিয়া ছোৱালীজনী খিৰিকিৰ কাষলৈ দৌৰিছিল। বাহিৰত তেতিয়া এনে দৃশ্য দেখা গৈছিল যেন ৰাষ্ট্ৰীয় ঘাইপথটো এখন অৰণ্যত পৰিণত হৈ পৰিছে। অলপ পিছত ছোৱালীজনীয়ে মন কৰিলে যে এজোপা প্ৰাচীন গছ উভালি পৰিছে। আৰু তাৰ কাষতে বগা ঘূৰণীয়া টুপী এটাও পৰি থকা দেখা গৈছিল, এনে লাগিছিল যেন গছজোপাৰ খোৰোঙৰ পৰা বগা কপৌ চৰাই এটি ওলাই আহিছে।



