"আইপিএল-য়েই হওক বা বিশ্বকাপ, কোন জিকিব সেয়া কেনেকৈ গুৰুত্বপূৰ্ণ হ’ব পাৰে?’’
যিখন দেশত ক্ৰিকেট ধৰ্ম হৈ পৰিছে, তেনে পৰিপ্ৰেক্ষিতত মদনৰ প্ৰশ্নটো অপ্ৰাসংগিক যেন লাগে।
কিন্তু তেওঁ কৈ উঠে, " কোই ভি জিতে , হমেই কাম মিল জাতা হে [যিয়েই জয়ী নহওক কিয়, আমি কাম পাওঁ]। ৫১ বৰ্ষীয় মদনে ক্ৰিকেট বল নিৰ্মাণ কৰে আৰু তেওঁ মীৰাট চহৰৰ চকচকীয়া ৰঙা আৰু বগা বল নিৰ্মাণ কৰা গোট এটাৰ মালিক।
এইটো মাৰ্চ মাহ আৰু তেওঁক আগুৰি আছে প্ৰায় ১০০টা বাকচে, প্ৰতিটো বাকচত ছয়টাকৈ চামৰাৰ বল আছে, যিবোৰ পুৰুষৰ ক্ৰিকেটৰ বাবে সাজু হৈ আছে। দুমাহ ধৰি চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল)ৰ বাবে মাৰ্চ মাহৰ শেষৰ ফালে ছিজনৰ প্ৰথমটো বল দলিওৱা হয়। ইয়াৰ পিছত জুন মাহত অনুষ্ঠিত হয় আইচিচি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। আগন্তুক অক্টোবৰ আৰু নৱেম্বৰ মাহত ভাৰতে আয়োজন কৰিব এদিনীয়া আন্তঃৰাষ্ট্ৰীয় (এদিনীয়া) বিশ্বকাপ।
‘বলটো কি পৰ্যায়ত ব্যৱহাৰ কৰা হ’ব, কোনে বলটোৰ সৈতে খেলিব, কিমান অভাৰৰ বাবে খেলিব, সেয়া [বলটোৰ] মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব’, মদনে কয়।
"ডাঙৰ টুৰ্ণামেণ্টবোৰ পূৰ্বে ক্ৰীড়া সামগ্ৰীৰ খুচুৰা বিক্ৰেতা আৰু পাইকাৰী বিক্ৰেতাসকলে আগতীয়াকৈ আমাৰ ওচৰলৈ আহে," খেলখনৰ প্ৰতি দেশজুৰি আসক্তিৰ কথা উল্লেখ কৰি তেওঁ এইদৰে কয়। "চাহিদা দুমাহ আগৰ পৰাই যথেষ্ট বৃদ্ধি হয় আৰু ডাঙৰ চহৰবোৰৰ দোকানবোৰে সঠিক মুহূৰ্তৰ বাবে বল জমা কৰি ৰাখিবলৈ বিচাৰে।" কোনে খেলি আছে আৰু কিমানে ৰাইডিং কৰি আছে তাৰ ওপৰত নিৰ্ভৰ কৰি বলৰ মূল্য ২৫০ টকাৰ পৰা ৩,৫০০ টকাৰ ভিতৰত হয়।
মদনে মুম্বাই, আহমেদাবাদ, বৰোদা, জয়পুৰ, বেংগালুৰু আৰু পুনেৰ ক্ৰিকেট একাডেমী, বিতৰক তথা খুচুৰা বিক্ৰেতাৰ পৰা পোনপটীয়াকৈ অৰ্ডাৰ লাভ কৰে। তেওঁৰ গোটত নিৰ্মাণ কৰা বলবোৰ ইয়াত নিম্ন পৰ্যায়ৰ খেলৰ অনুশীলন আৰু মেচৰ বাবে ব্যৱহাৰ কৰা হয়।
আমি তেওঁৰ কৰ্মশালাত উপস্থিত আছো আৰু এটা সৰু বক্ৰ-ডিচপ্লেৰ টিভিত এখন লাইভ ক্ৰিকেট মেচ চলি আছে। স্ক্ৰীণখন নীৰৱ দৰ্শক হিচাপে আঠজন কাৰিকৰৰ (চৰ্মকাৰ) ফালে হেলনীয়া কৰি ৰখা হৈছে। কিন্তু তেওঁলোকে কেৱল ধাৰাভাষ্যহে শুনিব পাৰে, তেওঁলোকৰ চকু নিজৰ কামৰ ওপৰত: "হমে অভি বিলকুল ফুৰছত নেহী হে [আমাৰ ওচৰত মুঠেও সময় নাই]," মদনে কয়।
তেওঁলোকে লোৰ ক্লেম্পৰ ওপৰেৰে বেঁকা কৰি ৬০০ টা মজলীয়া মানদণ্ডৰ দুটা-পিচৰ ক্ৰিকেট বলৰ অৰ্ডাৰৰ বাবে ক্লান্তিকৰ চিলাইৰ কাম হাতত লৈছে। ক্ৰেতাজন জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰু তিনিদিনৰ ভিতৰত তেওঁলোকে এই ডেলিভাৰী কৰিব লাগিব।
পঠিয়াবৰ বাবে সাজু এটা চকচকীয়া ৰঙা বল হাতত তুলি মদনে কয়, “এটা বল নিৰ্মাণ কৰিবলৈ তিনিটা উপাদানৰ প্ৰয়োজন। ক’ভাৰৰ বাবে এলুম-টেন কৰা ছাল, কৰ্কৰ পৰা তৈয়াৰী অন্তঃভাগ [গোলা] আৰু চিলাইৰ বাবে কপাহী সূতা।” এই তিনিওটা উপাদানেই স্থানীয়ভাৱে মীৰাট জিলাত উপলব্ধ আৰু “এবাৰ ক্ৰেতাই তেওঁলোকৰ গুণগত মানৰ প্ৰয়োজনীয়তা আমাক জনালে আমি সেই অনুসৰি চামৰা আৰু কৰ্ক বাছি লওঁ।”
জিলা উদ্যোগ প্ৰচাৰ আৰু উদ্যমী উন্নয়ন কেন্দ্ৰৰ (ডিআইপিইডিচি) অনুমান অনুসৰি মীৰাটত ৩৪৭ টা কাৰ্যকৰী ক্ৰিকেট-বল নিৰ্মাণ গোট আছে। এই সংখ্যাটোত ঔদ্যোগিক এলেকাত অৱস্থিত বৃহৎ কাৰখানাৰ লগতে মীৰাট জিলাৰ নগৰ তথা গ্ৰাম্য আৱাসিক অঞ্চলৰ ক্ষুদ্ৰ উৎপাদন গোটো অন্তৰ্ভুক্ত হৈ আছে।
অৱশ্যে এই আনুমানিক সংখ্যাটোত অসংখ্য বিক্ষিপ্ত অসংগঠিত উৎপাদন কেন্দ্ৰ তথা ঘৰুৱা একক অন্তৰ্ভুক্ত নহয়, য'ত গোটেই বলবোৰ তৈয়াৰ কৰা হয় বা একক কাম আউটচ’ৰ্চ কৰা হয়। ইয়াৰ ভিতৰত আছে মীৰাট জিলাৰ সিপাৰে অৱস্থিত জাংগেথি, গাগ’ল আৰু ভৱনপুৰৰ দৰে গাওঁ। মদনে কয়, " আজ গাঁওকে বিনা বিলকুল পুৰ্তি নেহি হোগি মীৰাট মে [আজি মীৰাটৰ গাওঁবোৰৰ অৱদান অবিহনে ক্ৰিকেট বলৰ যোগানেই সম্ভৱ নহ’ব।"
"চহৰখনৰ গাওঁ আৰু ডাঙৰ কাৰখানাবোৰৰ অধিকাংশ কাৰিকৰেই হৈছে জাটৱ, কিয়নো ক্ৰিকেট বলবোৰ চামৰাৰে নিৰ্মাণ কৰা হয়," তেওঁ এইদৰে বৰ্ণনা কৰে৷ ১৯০৪ চনৰ জিলা গেজেটৰৰ মতে, জাটৱ বা চমাৰ সম্প্ৰদায়ে (উত্তৰ প্ৰদেশত অনুসূচীত জাতি হিচাপে তালিকাভুক্ত) মীৰাটৰ চামৰা উদ্যোগৰ শ্ৰমিকৰ সৰ্ববৃহৎ সামাজিক গোট গঠন কৰিছিল। তেওঁ লগতে কয়, "ক্ৰিকেট বলৰ ৰূপত চামৰাৰ সৈতে মানুহৰ কোনো সমস্যা নাই, কিন্তু ইয়াৰ সৈতে কাম কৰাৰ ক্ষেত্ৰতহে এনেবোৰ পৰিস্থিতি আহি পৰে।"
শোভাপুৰতো তেওঁৰ পৰিয়ালৰ এখন চামৰাৰ দোকান আছে ৷ ই একমাত্ৰ অঞ্চল য'ত ক্ৰিকেট-বল উদ্যোগবোৰৰ বাবে বলবোৰ এলুম-টেন কৰা হয় (পঢ়ক: কঠিন পিটচটো বেটিং অব্যাহত মীৰাটৰ চৰ্মকাৰৰ )। তেওঁ কয়, "এলুম-টেনৰ বৰ্ধিত চাহিদা দেখি মই অনুভৱ কৰিছিলো যে ক্ৰিকেট বলৰ চাহিদা কেতিয়াও হ্ৰাস নহ'ব।" এই প্ৰতিশ্ৰুতিপূৰ্ণ বজাৰে তেওঁক ২০ বছৰ পূৰ্বে মেচাৰ্ছ বি.ডি. এণ্ড ছন্স আৰম্ভ কৰিবলৈ প্ৰেৰিত কৰিছিল যি অঞ্চলটোত থকা দুটা ক্ৰিকেট-বল নিৰ্মাণ গোটৰ ভিতৰত অন্যতম এটা।
মদনে কয় যে বল এটা নিৰ্মাণ কৰিবলৈ বহুতো প্ৰক্ৰিয়াৰ প্ৰয়োজন, সেয়েহে এটা বল নিৰ্মাণ কৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন সেয়া সঠিকভাৱে অনুমান কৰাটো কঠিন, আৰু ঋতু তথা চামৰাৰ গুণগত মানেও ইয়াৰ সময়ৰ ওপৰত প্ৰভাৱ পেলায়। '' দো হাফতে লগতে হেই এক গেণ্ড কো তৈয়াৰ হোনে মে কম ছে কম [এটা বল সম্পূৰ্ণ প্ৰস্তুত হ'বলৈ অতি কমেও দুসপ্তাহ পৰ্যন্ত সময়ৰ প্ৰয়োজন],'' তেওঁ কয়।
মদনৰ গোটৰ চৰ্মকাৰসকলে প্ৰথমে চামৰাখিনি এলুমেৰে প্ৰক্ৰিয়াকৰণ কৰে, ৰঙা ৰং বোলায়, ইয়াক ৰ’দত শুকুৱাবলৈ দিয়ে, ইয়াক টেলো বা জন্তুৰ চৰ্বিৰে গ্ৰীজ কৰে আৰু তাৰ পিছত ইয়াক কোমল কৰিবলৈ কাঠৰ হাতুৰী প্ৰয়োগ কৰে। "বগা বলৰ বাবে, কোনো ৰঙৰ প্ৰয়োজন নহয় কিয়নো এলুম-টেনিং কৰা চামৰাবোৰ বগা ৰঙৰেই হয়। গৰুৰ গাখীৰেৰে তৈয়াৰ কৰা দৈ গ্ৰীজ হিচাপে ব্যৱহাৰ কৰা হয়," মদনে কয়।
"লাইন চে কাম হোৱে হে আৰু এক কাৰিগৰ এক হি কাম কৰে হে [কামবোৰ ক্ৰমানুসাৰে হয় আৰু এজন চৰ্মকাৰ কেৱল এটা কামতহে বিশেষজ্ঞ," তেওঁ এইদৰে বৰ্ণনা কৰে ৷ নিৰ্ধাৰিত কাৰিকৰে তাৰ পিছত চামৰাখন দুটা বৃত্তাকাৰ টুকুৰা বা চাৰিটা ডিম্বাকৃতিৰ আকাৰত কাটি দিয়ে। ক্ৰিকেট বল দুটা বা চাৰি টুকুৰা চামৰাৰে নিৰ্মিত হয়।
মদনে কয়, “টুকুৰাবোৰ সমান পৰিমাণৰ ডাঠ হ’ব লাগে আৰু চুলিৰ দানাও সম পৰিমাণৰ হ’ব লাগে। তেওঁ লগতে কয়, “ ইছ ৱক্ত ছাটনে মে গলটি হো গয়ী তোহ সমঝ লো কি গেণ্ড ডিশ্বেপ হোগা হি [যদি এই সময়ছোৱাত পৃথকীকৰণত ভুল হয়, তেন্তে বলটোৰ আকৃতি নিশ্চিতভাৱে বিকৃত হ’ব]।
বল নিৰ্মাণৰ শাৰীৰিকভাৱে কষ্টকৰ প্ৰক্ৰিয়াটোত প্ৰয়োজনীয় আটাইতকৈ দক্ষ কামটো হ’ল চামৰাৰ কপাহী সূতাৰে হাতেৰে চিলাই কৰা কলা যাৰ মূৰত সংলগ্ন থাকে গাহৰিৰ ব্ৰিষ্টল। মদনে কয়, “বেজীৰ সলনি ব্ৰিষ্টল ব্যৱহাৰ কৰা হয় কাৰণ ই নমনীয়, শক্তিশালী আৰু চামৰা ফালিব পৰাকৈ কঠিন নহয়।” “এইবোৰ দীঘল, ধৰিবলৈ সহজ আৰু চিলাইকাৰীৰ আঙুলিও নুফুটায়।”
“ লেকিন চিৰ্ফ ইছি চীজ কি ৱজহ ছে হামাৰে মুছলমান ভাই য়ে কাম নেহি কৰ সকতে । উনকো ছুৱৰ ছে ডিক্কত হোতি হেই না [কিন্তু আমাৰ মুছলিম ভাইসকলে কেৱল ইয়াৰ বাবেই এই কাম কৰিব নোৱাৰে৷ কাৰণ তেওঁলোকৰ গাহৰিৰ সৈতে সমস্যা আছে]," তেওঁ লগতে কয়।
মদনৰ গোটৰ আটাইতকৈ অভিজ্ঞ বল নিৰ্মাতা ধৰম সিঙে কয়, "চাৰি পিচ বল তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা তিনি প্ৰকাৰৰ চিলাইৰ শিল্প আয়ত্ত কৰিবলৈ বহু বছৰ লাগে।" ৫০ বৰ্ষীয় ব্যক্তিজনে জম্মু-কাশ্মীৰৰ গ্ৰাহকৰ অৰ্ডাৰৰ অংশ হিচাপে বলত বাৰ্ণিছ প্ৰয়োগ কৰিছে। তেওঁ কয়, "যিহেতু এজন কাৰিগাৰ এটা প্ৰকাৰৰ চিলাইৰ পৰা আন এটালৈ আগবাঢ়ে, পিচটোৱে প্ৰতি মজুৰিও বৃদ্ধি হয়।" প্ৰতিটো প্ৰক্ৰিয়াকৰণ চিলাই একোটা পৃথক কৌশল আৰু ই এক সুকীয়া সেৱা প্ৰদান কৰে।
প্ৰথমে চামৰাৰ দুটা ডিম্বাকৃতিৰ টুকুৰা এটা গোলাৰ্ধ বা কাপ তৈয়াৰ কৰিবলৈ অন্তৰ্ভাগৰ চিলাইৰ দ্বাৰা সংযুক্ত কৰা হয়, যাক স্থানীয় ভাষাত পিচ জুড়াই বুলি কোৱা হয়। প্ৰথমটো চিলাই সাধাৰণতে এজন নশিকাৰু ব্যক্তিৰ দ্বাৰা কৰা হয়, তেওঁ প্ৰতিটো গোলাৰ্ধৰ বাবে ৭.৫০ টকাকৈ উপাৰ্জন কৰে। ধৰমে বৰ্ণনা কৰি কয়, "পিচ জুড়াই কৰাৰ পিছত কাপবোৰ পাতল চামৰাৰ টুকুৰাৰে শক্তিশালী কৰা হয় যাক লেপ্পে বুলি কোৱা হয়।" তাৰ পিছত কুশ্বনযুক্ত চামৰাৰ গোলাৰ্ধবোৰ এটা সাঁচত গোলাই (ঘূৰণীয়া) যন্ত্ৰৰ সৈতে এক নিৰ্দিষ্ট ঘূৰণীয়া আকৃতি প্ৰদান কৰা হয়।
চৰ্মকাৰসকলে দুয়োফালৰ পৰা একেলগে চিলাই কৰি দুয়োটা গোলাৰ্ধ সংযোগ কৰে আৰু মাজত এটা সংকুচিত বৃত্তাকাৰ কৰ্ক ৰাখে ৷ ইয়াক কাপ জুড়াই বুলি কোৱা হয়। কাপ জুড়াইৰ মজুৰি ১৭-১৯ টকাৰ ভিতৰত হয়। দুটা পিচৰ বলো কাপ জুড়াই ৰ জৰিয়তে হাতৰ চিলাইৰ দ্বাৰাও প্ৰস্তুত কৰা হয়।
"দ্বিতীয়টো চিলাই সম্পূৰ্ণ হোৱাৰ পিছতহে বল [গেণ্ড] শব্দটো ব্যৱহাৰ কৰা হয়," ধৰমে কয়, "পেহলি বাৰ চামৰা এক গেণ্ড কা আকাৰ লেতা হে [প্ৰথমবাৰলৈ চামৰাই এটা বলৰ আকাৰ লয়]।
ধৰমে প্ৰায় ৩৫ বছৰ পূৰ্বে সূৰজ কুণ্ড ৰোডৰ এটা কাৰখানাত বল তৈয়াৰ কৰাৰ শিল্প শিকিছিল, তাত ১৯৫০ ৰ দশকত ক্ৰীড়া সামগ্ৰী নিৰ্মাণ কৰা হৈছিল। বিভাজনৰ পিছত ক্ৰীড়া সামগ্ৰী নিৰ্মাণৰ উদ্যোগটো শিয়ালকোটৰ (বৰ্তমান পাকিস্তানত) স্থানচ্যুত লোকসকলৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল ৷ এই উদ্যোগটো মীৰাটৰ সুৰজ কুণ্ড ৰোড আৰু ভিক্টোৰিয়া পাৰ্কৰ চাৰিওফালে থকা ক্ৰীড়া কলনীত পুনৰ্বাসিত কৰা হৈছিল। "মীৰাটৰ চাৰিওফালৰ গাওঁবোৰৰ লোকসকলে চহৰলৈ গৈছিল, কাৰুশিল্প শিকিছিল আৰু ইয়াক পুনৰুজ্জীৱিত কৰিছিল।"
চিলাইৰ তৃতীয় পৰ্যায়টো চাৰিটা পিচৰ বলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে বলটোৰ ওপৰত কঠিনভাৱে তৈয়াৰ কৰিবলৈ চাৰিটা সমান্তৰাল শাৰীৰ চিম ( গেণ্ড চিলাই )ৰ প্ৰয়োজন হয়। তেওঁ কয়, "বৰ ভাল বল এটাত প্ৰায় ৮০ টা চিলাই থাকে।" চিলাইৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি, এজন কৰ্মীয়ে প্ৰতিটো বলত ৩৫-৫০ টকাৰ ভিতৰত উপাৰ্জন কৰে। দুটা-পিচৰ বলৰ বাবে, চিমটো যন্ত্ৰ-চিলাইৰে সম্পন্ন কৰা হয়।
" স্পিনাৰ হো য়া ফাষ্ট বলাৰ , দোনো চিম কে সাহাৰে হি গেণ্ড ফেকটে হে [স্পিনাৰেই হওক বা দ্ৰুত বলাৰেই হওক, দুয়োজনে বল দলিয়াবলৈ চিম ব্যৱহাৰ কৰে," ধৰমে লগতে কয়। চিম চিলাইবোৰ সম্পূৰ্ণ হোৱাৰ পিছত বলটোৰ পৰা ওলাই অহা চিমটো হাতেৰে হেঁচি দিয়া হয়, আৰু তাৰ পিছত বলটো বাৰ্নিছ আৰু ষ্টেম্প কৰা হয়। " খিলাড়ী ক্যা পেহচানতে হে ? চিৰ্ফ চমকতি হুয়ি গেণ্ড , সোনে কি মোহৰ কে সাথ [ক্ৰিকেটাৰজনে কি চিনি পায়? কেৱল সোণালী মোহৰৰ সৈতে এটা উজ্জ্বল বল]।"
" ক্ৰিকেট বল কি এক খাছ বাত বাতাইয়ে [ক্ৰিকেট বলবোৰক কিহে বিশেষ কৰি তোলে মোক কওঁক?]" মদনে সুধিলে।
তেওঁ কয়, "এইটোৱেই একমাত্ৰ খেল য'ত খেলৰ ধৰণ সলনি হৈছে," তেওঁ কয়, " লেকিন বানানেৱালা আৰু বনানে কি টেকনিক , তাৰিকা আৰু চিজে বিলকুল নেহী বদলে [কিন্তু বল নিৰ্মাতা আৰু উৎপাদনৰ কৌশল, প্ৰক্ৰিয়া আৰু সামগ্ৰী একেবাৰে সলনি হোৱা নাই]।
এদিনত মদনৰ চৰ্মকাৰসকলে গড়ে ২০০ টা বল নিৰ্মাণ কৰিব পাৰে। এটা বল বা বলৰ এটা বেটচ তৈয়াৰ কৰিবলৈ, প্ৰায় দুসপ্তাহৰ সময়ৰ প্ৰয়োজন। চামৰা প্ৰক্ৰিয়াকৰণৰ পৰা প্ৰস্তুত বললৈকে, "১১ জন ক্ৰিকেটাৰে এটা দল গঠন কৰাৰ দৰে কমেও ১১ জন কাৰিকৰৰ দক্ষতাৰ প্ৰয়োজন," মদনে নিজৰ উপমাত নিজেই ৰস পাই হাঁহি উঠে।
তেওঁ লগতে কয়, " পৰ খেল কা আছলি কাৰিগৰ তো খিলাড়ী হি হোৱে হে [কিন্তু খেলৰ প্ৰকৃত শিল্পী সদায় খেলুৱৈয়েই হয়।"
প্ৰতিবেদকে ভাৰত ভূষণক তেওঁলোকৰ অমূল্য সময় আৰু প্ৰতিবেদন প্ৰস্তুতিৰ সময়ত সকলো স্তৰতে কৰা সহায়ৰ বাবে ধন্যবাদ জনাব বিচাৰিছে ।
এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন ( এম.এম.এফ. )ৰ ফেল ’শ্বিপৰ অধীনত কৰা হৈছে।
অনুবাদকঃ মনোৰঞ্জন মজুমদাৰ