আঠুৰ তলত মেৰিয়াই লোৱা ভিন্নৰঙী আঁচ থকা লুঙিখনেৰে অজয় মাহাতোৱে মাত্ৰ ৩০ ছেকেণ্ডতে ৪০ ফুট ওখ তালগছ এডালৰ আগ পায়গৈ।
মূৰ ঘূৰাই যাবলগীয়া ইমান ওখ ওখ তালগছবোৰ বগোৱাটো তেওঁৰ নৈমিত্তিক কৰ্ম। তালগছত উঠি তেওঁ পাতবোৰ মাজত থকা কলিবোৰৰ পৰা ৰস সংগ্ৰহ কৰে।
তালৰ ৰস সংগ্ৰহ কৰা এই ২৭ বৰ্ষীয় অজয়ে বিহাৰৰ সমস্তিপুৰ জিলাত মে’ মাহৰ পুৱাৰ ভাগত তালগছ এডাল বগাবলৈ লওঁতে কয়, “অব ত তাড় কে পেড় জেইসন সক্কত হৌ গেলইহন। কাঁটা ভী নয় ভৌকইতহ। (এতিয়া এয়া তালগছৰ নিচিনা টান হৈ গৈছে, কাঁইটেও বিন্ধিব নোৱাৰে),” দুয়োখন হাতৰ ওপৰত চোকোৰা বন্ধা টান ছালখন দেখুৱাই অজয়ে কয়।
“গছ বগোৱাৰ সময়ত গা-গছডালত হাত দুখনেৰে টানকৈ ধৰি থাকিব লাগে। দুয়োখন হাত আৰু ভৰিৰে গা-গছডাল মেৰিয়াই ধৰিব লাগে,” কেনেকৈ গছডালত হাত দুখনেৰে মেৰিয়াই ধৰিব লাগে, সেয়া দেখুৱাই দি অজয়ে কয়। তালগছৰ পাতল আৰু ওখোৰ-মোখোৰা গা-গছত বগোৱাৰ এই কষ্টকৰ কাম কৰি কৰি তেওঁৰ হাত, বুকু আৰু আঠুত চকুত লগাকৈ ক’লা দাগ বহি গৈছে।
“১৫ চাল কি ৰহিয়ে, তহিয়ে সে ষ্টাৰ্ট ক দেলিয় ৰ (১৫ বছৰমান বয়সৰ পৰাই তালগছ বগোৱা কাম আৰম্ভ কৰিছিলো,” ১২ বছৰ ধৰি এই কাম কৰি থকা অজয়ে কয়।
ৰচুলপুৰ গাওঁ নিবাসী অজয় পাসী সম্প্ৰদায়ৰ। পাসী সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগতভাৱে তালগছ বগোৱা কাম কৰি আহিছে। অজয়ৰ পৰিয়ালৰো অতিকমেও তিনিটা প্ৰজন্মই এই কাম কৰিছে।














