‘‘আপুনি বিদ্যুতৰ পোহৰত জন্ম হৈছে আৰু আমি আন্ধাৰত’’, কেঁচা ঘৰটোৰ বাৰান্দাত বহি নন্দৰাম জামুনকাৰে এইদৰে কয়৷ আমি আছো অমৰাৱতী জিলাত খড়িমল গাঁৱত৷ ২৬ এপ্ৰিল ২০২৪ তাৰিখে ইয়াত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ নন্দৰামে উল্লেখ কৰা আন্ধাৰৰ কথা প্ৰকৃততেই আক্ষৰিক; মহাৰাষ্ট্ৰৰ এই জনজাতীয় গাঁওখনে কেতিয়াও বিদ্যুতৰ পোহৰ দেখা নাই৷
‘‘প্ৰত্যেক পাঁচ বছৰৰ মূৰে মূৰে কোনোবা এজন আহি বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু বিদ্যুত বাদেই, তেওঁলোকে উভতিও নাচায়’’, ৪৮ বৰ্ষীয় ব্যক্তিজনে এইদৰে কয়৷ ২০১৯ চনত শিৱসেনাৰ প্ৰাৰ্থী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দৰাও আদছুলক পৰাজিত কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নৱনীত কৌৰ ৰাণা ক্ষমতালৈ আহিছিল৷ এই বছৰ তেওঁ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে৷
চিখালদাৰা তালুকাৰ এই গাঁওখনত ২০১১ চনৰ লোকপিয়ল অনুসৰি ১৯৮টা পৰিয়াল আছে যি জীৱিকাৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীন নিয়োজন নিশ্চিতি (মনৰেগা) আঁচনিৰ ওপৰত নিৰ্ভৰশীল৷ যিকেইঘৰ লোকৰ নিজা ভূমি আছে, তেওঁলোকে বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতি কৰে, বিশেষকৈ মাকৈৰ খেতি৷ খড়িমল গাঁৱৰ অধিকাংশ লোকেই অনুসূচীত জনজাতিৰ (এছটি) আৰু তেওঁলোকে খোৱা পানী তথা বিদ্যুতৰ সুবিধা নোপোৱাকৈয়ে জীৱন নিৰ্বাহ কৰি আছে৷ কৰ্কু জনজাতিৰ নন্দৰামে কৰ্কু ভাষা কয় আৰু এই ভাষাটোক ২০১৯ চনত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে বিপদাপন্ন ভাষা হিচাপে চিহ্নিত কৰিছে৷








