বাৎসালাৰ কাৰণেই মণিৰামৰ জীৱন ৰক্ষা পৰিছিল।
“আমি পাণ্ডৱ জনপ্ৰপাতলৈ গৈছিলো,” মণিৰামে কয়। “বাৎসালাই চৰিবলৈ গৈ ঘূৰি ঘূৰি দূৰ এঠাই পাইছিল আৰু মই তাইক আনিবলৈ যাওতে বাটতে বাঘ এটা আহি ওলাইছিল।”
মণিৰামে যেতিয়া সহায়ৰ বাবে চিঞৰিলে, “তাই ক’ৰবাৰ পৰা দৌৰি আহি ওলাল আৰু আগভৰিখন আগুৱাই মোক উঠি ল’ব দিলে। তাৰপিছত ভৰিখনেৰে মাটিত প্ৰচণ্ড গোৰ এটা মাৰিলে। টাইগাৰ ভাগ গয়া (বাঘটো পলাই গ’ল),” স্বস্তিৰ নিশ্বাস এৰা মাহৱত (মাউত)গৰাকীয়ে কয়।
পান্না টাইগাৰ ৰিজাৰ্ভৰ বয়োজ্যেষ্ঠ এইগৰাকী মাতৃ বাৎসালাৰ বয়স ১০০ বছৰৰো অধিক - বিশ্বৰ সৰ্বাধিক জীৱনকালৰ অধিকাৰী এইগৰাকী বাৎসালা। “কিছুমানে কয় তাইৰ বয়স ১১০ বছৰ, কিছুমানে কয় ১১৫ বছৰ। সেয়াই সঁচা চাগে,” ১৯৯৬ৰ পৰা বাৎসালাৰ চোৱাচিতা কৰি থকা গোণ্ড আদিবাসী সম্প্ৰদায়ৰ লোক মণিৰামে কয়।
বাৎসালা এছীয়ায় হাতী (Elephas maximus), তাই কেৰালা আৰু মধ্যপ্ৰদেশৰ থাকিছে। মণিৰামে কয় যে তাই বৰ শান্ত স্বভাৱৰ, কিন্তু সৰু থাকোতে তাই বৰ প্ৰাণচঞ্চল আছিল। এতিয়া চকুৰে কম দেখে আৰু কাণেৰে কম শুনে যদিও তাই গোটেই জাকটোক বিপদৰ প্ৰথমটো সংকেত পোৱামাত্ৰকে সতৰ্ক কৰি দিয়ে।
মণিৰামে কয় যে তাইৰ ঘ্ৰাণশক্তি এতিয়াও প্ৰৱল আৰু আন জন্তুৰ পৰা হ’বপৰা সাম্ভাব্য বিপদৰ তাই আগজাননী পায়। তেনে সম্ভেদ পালে তাই গোটেই জাকটোক মাতে আৰু মাজত হাতীৰ পোৱালীবোৰ ৰাখি ঘুৰণীয়াকৈ জুম বান্ধে। “কিবা জন্তুই যদি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, তেতিয়া সিহঁতে গছৰ ঠানি, শিল আদি সুৰেৰে দাঙি ভয় খুৱাই তাক আঁতৰাই পঠিয়ায়,” মণিৰামে কয়। “আগতে তাই বৰ চোকা আছিল।”










