নিটাল শ্ৰেণীকোঠা, সকলোৱে মনযোগেৰে শিক্ষকৰ ফালে চাইছে। ক্ৰম'জমে কেনেদৰে মানুহৰ লিংগ নিৰ্ধাৰণ কৰে সেয়া জীৱবিজ্ঞানৰ শিক্ষকগৰাকীয়ে বৰ্ণনা কৰি আছে। "মহিলাৰ দুটা X ক্ৰম'জম থাকে আৰু পুৰুষৰ এটা X আৰু এটা Y ক্ৰম'জম থাকে। যদি XX ক্ৰম'জম Y ক্ৰম'জমৰ সৈতে যোৰা হয়, তেন্তে তাত বহি থকাজনৰ দৰে মানুহ এজনৰ জন্ম হয়," এইবুলি কৈ শিক্ষকজনে এজন শিক্ষাৰ্থীলৈ আঙুলিয়াই দিলে। শিক্ষকজনৰ কথা শুনি শিক্ষাৰ্থীজনে সংকোচবোধ কৰিলে আৰু গোটেই শ্ৰেণীকোঠাত হাঁহিৰ খলকনি উঠিল।
এয়া হৈছে ৰূপান্তৰকামী সম্প্ৰদায়ৰ ওপৰত আধাৰিত 'চাণ্ডকাড়াংগা'ৰ (যুঁজিবলৈ সংকল্পবদ্ধ)ৰ আৰম্ভণি দৃশ্য। নাটকখনৰ প্ৰথম অংশত দেখুওৱা হৈছে যে কেনেকৈ এজন শিক্ষাৰ্থীক শ্ৰেণীকোঠাত সমাজে নিৰ্ধাৰণ কৰা লিংগ ভূমিকাৰ সৈতে খাপ নোখোৱাৰ বাবে অপমান কৰা হয় আৰু উপহাস কৰা হয়। নাটকখনৰ দ্বিতীয় অংশত, হিংসাৰ বলি হোৱা ৰূপান্তৰকামী মহিলা আৰু ৰূপান্তৰকামী পুৰুষৰ জীৱন দেখুওৱা হৈছে।
ট্ৰেঞ্চ ৰাইটছ নাও কালেক্টিভ (টিআৰএনচি)য়ে সমগ্ৰ ভাৰতৰ দলিত, বহুজন আৰু আদিবাসী সম্প্ৰদায়ৰ ৰূপান্তৰকামী লোকসকলৰ হৈ মাত মাতি আহিছে। ২০২২ চনৰ ২৩ নৱেম্বৰত তেওঁলোকে তামিলনাডুৰ চেন্নাইত প্ৰথমবাৰৰ বাবে 'চাণ্ডকাড়াংগা' নাট পৰিৱেশন কৰিছিল। ঘণ্টাজোৰা নাটকখন নজন ৰূপান্তৰকামী লোকৰ এটা গোটে পৰিচালনা, প্ৰযোজনা আৰু পৰিৱেশন কৰিছিল।
টিআৰএনচি-ৰ প্ৰতিষ্ঠাপক গ্ৰেছ বানুৱে কয়, "পৃথিৱীৰ পৰা বিদায় লোৱা ৰূপান্তৰকামী লোকসকলৰ স্মৃতিত ২০ নৱেম্বৰত আন্তৰ্জাতিক ট্ৰেঞ্চজেণ্ডাৰ স্মাৰক দিৱস উদযাপন কৰা হয়। প্ৰায়েই পৰিয়ালৰ অৱহেলাৰ সন্মুখীন হোৱা, সমাজৰ পৰা বহিষ্কৃত হোৱা এই লোকসকলৰ জীৱন সহজ নহয়৷ আনকি বহুতক হত্যা কৰা হয় আৰু বহুতে আত্মহত্যাও কৰে।"
এগৰাকী শিল্পী আৰু সক্ৰিয় সমাজকৰ্মী বানুৱে কয়, "প্ৰতি বছৰে এই সংখ্যা বৃদ্ধি পাইছে। কোনেও ৰূপান্তৰকামী সম্প্ৰদায়ৰ বিৰুদ্ধে হোৱা হিংসাক লৈ মাত মাতিব নোৱাৰিলে। আমাৰ সমাজ সম্পূৰ্ণৰূপে নীৰৱ। আমি বিচাৰিছিলো যে এইটো আলোচনাৰ বিষয় হওক। সেইকাৰণে আমি ইয়াক [এই প্ৰদৰ্শনক] 'চাণ্ডকাড়াংগা' নাম দিছো।"
২০১৭ চনত, নাটকখন 'চাণ্ডকাড়াই' নামেৰে মঞ্চস্থ কৰা হৈছিল, আৰু তাৰ পিছত ২০২২ চনত ইয়াৰ নাম পৰিৱৰ্তন কৰি 'চাণ্ডকাড়াংগা' কৰা হৈছিল। "আমি সকলো ৰূপান্তৰকামী লোকক একত্ৰিত কৰাৰ উদ্দেশ্যৰে ইয়াৰ নাম পৰিৱৰ্তন কৰিছো," গ্ৰেছ বানুৱে এইবিষয়ে বৰ্ণনা কৰি কয় যে নাটকখনৰ নজন অভিনেতাই ৰূপান্তৰকামী সম্প্ৰদায়ৰ বেদনা আৰু কষ্টৰ বিষয়ে বৰ্ণনা কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে মৌখিক আৰু শাৰীৰিক হিংসাৰ প্ৰতি সমাজৰ অৱহেলা আৰু নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। "চাণ্ডকাড়াংগা"ৰ লেখক আৰু পৰিচালক নেঘাই কয়, "প্ৰথমবাৰৰ বাবে ৰূপান্তৰকামী পুৰুষ আৰু ৰূপান্তৰকামী মহিলা একেখন মঞ্চত থিয় দিছে।"
"আমি জীৱন নিৰ্বাহ কৰিবলৈ সকলো সময়তে সংগ্ৰাম কৰোঁ। আমি সদায়ে আমাৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ, আমাৰ মাহিলী ব্যয় পৰিশোধ কৰিবলৈ কাম কৰোঁ। এই চিত্ৰনাট্যত কাম কৰোঁতে মই উৎসাহিত হৈছিলোঁ, কিন্তু লগতে খঙো উঠিছিল যে ৰূপান্তৰকামী পুৰুষ আৰু মহিলাসকলে কেতিয়াও থিয়েটাৰ বা চিনেমাত কাম কৰাৰ সুযোগ নাপায়। মোৰ মনলৈ এটা চিন্তা আহিছিল যে আমি জীৱন নিৰ্বাহ কৰিবলৈ যদি জীৱনটোক বিপদাপন্ন কৰিব পাৰো, তেন্তে নাটক প্ৰযোজনা কৰাৰ ৰিস্ক এটানো কিয় ল’ব নোৱাৰোঁ", নেঘাই এইদৰে কয় ৷
আলোকচিত্ৰৰ যোগেদি কোৱা কাহিনীটোৱে ৰূপান্তৰকামী সম্প্ৰদায়ৰ বিৱৰ্ণ হোৱা অতীতক পুনৰ জীৱন্ত কৰি তুলিছে, তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ দাবী কৰিছে আৰু তেওঁলোকৰ শৰীৰৰ প্ৰতি সন্মান জনোৱা মুহূৰ্তবোৰ ধৰি ৰাখিছে।
অনুবাদক: মনোৰঞ্জন মজুমদাৰ