আমি নিজ চকুৰে দেখিছো- কিন্তু বিশ্বাস হোৱা নাই। সেয়ে গাড়ীখন তেঁও বাঁহ বোজাই কৰা চাইকেলৰ ওচৰ চপাই লৈ গ'লো। গাড়ীৰ পৰা নামি তেঁওলৈ চালো। এয়া সঁচা। তেতিয়াও আমি বিশ্বাস কৰিব পৰা নাছিলো। ৰতন বিশ্বাসে ৪০-৪৫ ফুট দীঘল পাঁচডাল বাঁহ চাইকেলখনত বোজাই কৰি টানকৈ বান্ধি লৈছে। পাঁচডাল বাঁহ বোজাই কৰা চাইকেল ঠেলি তেঁও আগৰতলাৰ বজাৰলৈ গৈ আছে। আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী, তেঁওৰ গাঁৱৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ দূৰ হয়। দীঘল বাঁহবোৰৰ মাটিত চুচৰি অহা মূৰবোৰে যদি শিলগুটি বা আন বস্তুত খুন্দা মাৰে, তেন্তে চাইকেল বাগৰি পৰিব, লগতে বাঁহ আৰু চাইকেলৰ মালিকো পৰিব। এই কাম অত্যন্ত কষ্টকৰ। দীঘল কেঁচা বাঁহবোৰ দেখিলে সিবোৰৰ ওজন অনুমান কৰিব নোৱাৰি। বাঁহ পাঁচডালৰ দুডাল এনেকৈ লগ লগাই বান্ধিছে, দেখিলে চাৰিডাল বাঁহ যেন লাগে। একেলগে বাঁহ পাঁচডালৰ ওজন ২০০ কিলোগ্ৰামৰ সমান হ'ব। চাইকেলৰ মালিক বিশ্বাসে এই কথা জানে। আমাৰ লগত কথা পাতিবলৈ পাই তেঁও ভালেই পালে আৰু তেঁওৰ বাঁহভৰ্তি চাইকেলখনৰ ফটো ল'বলৈও অনুমতি দিলে। চাইকেলখন আমাক এবাৰ ঠেলি চাবলৈ দিয়াৰ ক্ষেত্ৰত তেঁও আগ্ৰহী নহয়। ইয়াৰ পৰিণাম কি হ'ব তেঁও জানে।
মাত্ৰ পাঁচফুট দীঘল এখন চাইকেলত ইমান দীঘল আৰু ওজন থকা বাঁহবোৰ কেনেকৈ আপুনি সমানভাৱে বোজাই কৰি দিয়াৰ সমতা ৰাখে? তেঁও হাঁহিলে আৰু এচটা কাঠ আমাক দেখুৱালে আৰু বাঁহৰ মাৰিকেইডালো দেখুৱালে। চাইকেলখনৰ আগফালে উলম্বভাৱে দুটুকুৰা বাঁহ বান্ধি লয়। চাইকেলৰ ফ্ৰেমৰ তলৰ লোহাৰ লগত এই বাঁহৰ টুকুৰা দুটাৰ মূৰ দুটা টানকৈ বান্ধি লয়। চাইকেলৰ পিচফালে থকা কেৰিয়াৰখনৰ ওপৰতো এফাল বাঁহ পথালিকৈ বান্ধি লয়। প্ৰথমতে তেঁও দুডাল বাঁহ বান্ধি লয়। বাঁহৰ মূৰ আগফাল আৰু পাচফালটো পথালিয়ে বান্ধি থোৱা বাঁহকেইডালৰ ওপৰত লগ লগাই বান্ধে। এডাল বাঁহৰ এটা মূৰ চাইকেলৰ হেণ্ডেলৰ ওপৰত দি বহা ছিটৰ ওপৰেদি দীঘলকৈ বান্ধি লয়।





