'ৰজা সুপদকাণ্ণ - অসমীয়াত যাৰ অৰ্থ হাতীৰ কাণৰ দৰে কাণ থকা ৰজা - গুজৰাটী ভাষাৰ এই গল্পটো মোৰ শৈশৱৰ অন্যতম প্ৰিয় গল্প আছিল। সৰুতেই প্ৰথম মাৰ মুখত শুনা গল্প। তাৰ পাছতো বিভিন্ন ৰূপত গল্পটো শুনা মনত আছে। গিজুভাই বাধেকাৰ শিশুৰ বাবে লিখা চুটিগল্পৰ কিতাপখনতে এই গল্পটো মই নিজে পঢ়িছিলোঁ। বাধেকাৰ সংকলনখনত পৃথিৱীৰ নানান লোকগাথাৰ সংমিশ্ৰণ ঘটিছে। ইয়াৰে ৰজা মিডাচৰ গাধৰ লেখীয়া কাণৰ গল্পটোৱে 'ৰজা সুপদকাণ্ণ'ক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনাটোক অস্বীকাৰ কৰিব নোৱাৰি।

কাহিনীটো আছিল এজন ৰজাৰ যিয়ে এবাৰ অৰণ্যত বাট হেৰুৱাই ভোকে-পিয়াহে জৰ্জৰিত হৈ ঘৰচিৰিকা এজনীৰ ডিঙি মুচৰি মাৰি খাই থ'লে। গ'ল কথা গুচিল। পিছে সেই কাৰ্যটোৰ বাবে অভিশাপগ্ৰস্ত ৰজাৰ কাণ দুখন হাতীৰ কাণৰ দৰে প্ৰকাণ্ড হৈ পৰিল। এনেহেন কাণ দুখন লুকুৱাই থোৱাটো মহা সমস্যা। ৰাজমহললৈ উভতি আহি ৰজাই ভিন ভিন ধৰণৰ পাগুৰি, মুকুট আৰু গলবস্ত্ৰৰে কাণ দুখন লুকুৱাই ৰাখিলে। হওঁতে কথাটোত তেওঁৰ প্ৰজাগণ আচৰিত নোহোৱা নহয়। এনেকৈনো কিমান দিন সাৰিব! উপায় নাপাই জধে-মধে বাঢ়ি অহা দাড়ি-চুলি কটোৱাবৰ কাৰণে তেওঁ এদিন নাপিত এজনক মাতি পঠিয়াবলগীয়াত পৰিল।

ৰজাৰ কাণ দুখন দেখি বপুৰা নাপিত মুৰ্চা যোৱাৰ দৰে হ'ল। আৰু এইদৰে বিয়াগোম কাণ দুখনৰ লজ্জাজনক ৰহস্যটো ফাদিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিল। পিছে প্ৰতাপী ৰজাই নিমাখিত নাপিতক হুংকাৰ দি ভুলতো যেন এই কথা কাৰো কাণত নপৰে সেইবুলি হুমকি দি পঠালে। হ'লে কি হ'ব? দিনৰ দিনটো মানুহৰ লগত লাগি থকা নাপিতবোৰ এনেয়ে কথাচহকী, তেওঁলোকেনো বাৰু কিবা কথা পেটত ৰাখিব পাৰেনে? ফলত হাজাৰ চেষ্টা কৰিও ৰজাৰ নাপিতে ৰজাৰ কাণৰ ৰহস্যটো ধৰি ৰখাত বিফল হ'ল। হাবিলৈ গৈ গছ এজোপাক ফুচফুচাই কৈ দিলে, "বোলো গম পোৱানে, আমাৰ ৰজাৰ কাণ দুখন হাতীৰ কাণৰ লেখীয়া।"

পিছে লেঠা লাগিল তাতেই। এদিন হাবিখনলৈ আহিল এজন খৰিকটীয়া, কাটিবলৈ চকু পৰিল আকৌ সেইজোপাতহে। যেই কুঠাৰেৰে ঘাপ মাৰিলে, গানৰ সুৰত দিলে গছে কথাটো কৈ। যাদুকৰী কাঠডোখৰ খৰিকটীয়াই বেচি দিলে এজন ঢোল সজা মানুহৰ ওচৰত। তেওঁ তাৰে এটা ঢোল সাজিলে। পিছে ঢোলত চাপৰ মাৰিলে সি সৌটো গানকেহে গায়। এনেকৈয়ে ৰাস্তাত ঢোল বজাই থকা মানুহ এজনৰ খবৰ পাই ৰজাই পোনেই তেওঁক মাতি পঠিয়ালে। যিমানদূৰ মনত আছে, যথেষ্ট দীঘলীয়া গল্পটোৰ শেষৰ পিনে ৰজাই নিজৰ কাৰ্যত অনুতপ্ত হৈ তেওঁৰ সাম্ৰাজ্যত এখন পক্ষী অভয়াৰণ্য পাতি দিলে।

কবিতাটো প্ৰতিষ্ঠা পাণ্ড্যাই গুজৰাটী ভাষাত পাঠ কৰা শুনিব পাৰে

কবিতাটো প্ৰতিষ্ঠা পাণ্ড্যাই ইংৰাজী ভাষাত পাঠ কৰা শুনিব পাৰে

বোলে ৰজাৰ কাণ দুখন হাতীৰ কাণৰ লেখীয়া

মুখত সোপা মাৰি থোৱা, এটা টু শব্দও নকৰিবা। ভুলতো নক'বা,
ৰজাৰ কাণ দুখন বোলে হাতীৰ কাণৰ লেখীয়া।
কাহিনীবোৰ এনেকৈ বতাহত বিয়পিবলৈ দিব নোৱাৰি নহয় -
বোলে ৰজাৰ কাণ দুখন হাতীৰ কাণৰ লেখীয়া।

শালিকীমখা কলৈ গ'ল;
এবাৰ দেখোন দেখিছিলোঁ,
তাকো বেছি দিন আগৰ কথা নহয়।
জালবোৰ কোনে পাতিলে?
চাউলৰ টোপ কোনে ছটিয়ালে?
প্ৰতিটো কথাতে ষড়যন্ত্ৰ, সন্দেহ -
বাদ দিয়া এইবোৰ,
বোলে ৰজাৰ কাণ দুখন হাতীৰ কাণৰ লেখীয়া।

শালিকীমখাক উৎখাত কৰিবলৈ হ'লে সিহঁতক হুৰাই দিয়া
বাহৰ পৰা, গছৰ পৰা, হাবিৰ পৰা, পথাৰৰ পৰা
আৰু য'ৰে-ত'ৰে পৰা।
পিছে থাকিবগৈনে বাৰু সিহঁতৰ
জীৱনৰ, গীতৰ, মুখৰ মাতৰ,
আৰু ইচ্ছামতে ডেউকা কোবাই উৰি ফুৰাৰ অধিকাৰ?
আল্টু-ফাল্টু প্ৰশ্ন সোধা বন্ধ কৰা
ৰজাৰ সমুখত শালিকীমখা কোন‌ কূটা?
চৰাই বচোৱা, ৰজাক আঁতৰোৱা -
এইবোৰ ফোঁপোলা শ্ল'গান বন্ধ কৰা
বোলে ৰজাৰ কাণ দুখন হাতীৰ কাণৰ লেখীয়া।

পাতে ক'লে, 'মই সাক্ষী আছোঁ,
মোক বিশ্বাস কৰা নহলে আকাশক সুধি চোৱা।
শালিকীবোৰৰ হত্যাকাৰী ৰজাৰ বাদে আন কোনো নহয়।'
মোক বিশ্বাস কৰা, বতাহে ক'লে,
তেওঁৰ পেটত সিহঁতৰ গান শুনিছোঁ মই নিজ কাণে।
কিন্তু তোমালোকে মানুহে কোৱা কথাবোৰ নুশুনিবা,
চকুৰে দেখিছা বুলিয়ে বিশ্বাস নকৰিবা,
যদি বিশ্বাস কৰিবই লাগে তেন্তে কৰা
পিছে ভুলতো দুনাই নাভাবিবা -
বোলে ৰজাৰ কাণ দুখন হাতীৰ কাণৰ লেখীয়া।

কেনে ৰজা আৰু কেনে এই দেশ!
ৰজাৰ বেশ-ভূষা পৰিধান কৰি
কোনেনো ভোকাতুৰক গিলি থয় বাৰু?
কাবৌ কৰিছোঁ, এনে অদৰকাৰী গুজৱত ভাগ নল'বা।
গোটেই দিনটো নিজৰ আত্মাৰ সৈতে যুঁজি নাথাকিবা।
দেৱাল এখন চকুত পৰিলে
তাত থকা ছিদ্ৰবোৰতো চকু পৰিব।
হ'ল বুলিয়ে প্ৰতিটো ফাট, প্ৰতিটো ছিদ্ৰ কুৰুকি নাথাকিবা।
গাঁৱে-ভূঞে চাৰি আলিৰ মূৰে মূৰে
হাজাৰ-বিজাৰ ভাষা-উপভাষাত
সত্যটো তুমি গমেই পাবা।
বলিয়াৰ দৰে এইবোৰৰ পিছ ল'বলৈ নাযাবা।
এটাও জধামূৰ্খ পুলিৰ সৈতে কথা নাপাতিবা।
গোটেইখন গাই ফুৰিব নালাগে,
ঢোল বজাই ঘূৰি ফুৰিবও নালাগে -
বোলে ৰজাৰ কাণ দুখন হাতীৰ কাণৰ লেখীয়া।

তোমাক কৈছোঁ, শালিকীমখা আৰু গছৰ কথা এৰা,
হাবিখনৰ পিনে চাবলৈকো বাদ দিয়া।
নিতান্তই চাব খুজিছা যদি চোৱা,
হলেও এটা কথা জানি থোৱা আৰু দয়া কৰা, মাই-বাপ।
এনেবোৰ কথাক লৈ কবিতা লিখাৰ কথা
সপোনতো নাভাবিবা -
বোলে ৰজাৰ কাণ দুখন হাতীৰ কাণৰ লেখীয়া।
ইচ্ ইচ্, ৰজাৰ কাণ দুখন হাতীৰ কাণৰ লেখীয়া।

(অসমীয়ালৈ অনুবাদ কৰোতে মূল কবিতাৰ ইংৰাজী, হিন্দী আৰু বাংলা সংস্কৰণৰ সহায় লোৱা হৈছে)

অনুবাদক: ময়ূৰী শৰ্মা বৰুৱা

Pratishtha Pandya

ਪ੍ਰਤਿਸ਼ਠਾ ਪਾਂਡਿਆ PARI ਵਿੱਚ ਇੱਕ ਸੀਨੀਅਰ ਸੰਪਾਦਕ ਹਨ ਜਿੱਥੇ ਉਹ PARI ਦੇ ਰਚਨਾਤਮਕ ਲੇਖਣ ਭਾਗ ਦੀ ਅਗਵਾਈ ਕਰਦੀ ਹਨ। ਉਹ ਪਾਰੀਭਾਸ਼ਾ ਟੀਮ ਦੀ ਮੈਂਬਰ ਵੀ ਹਨ ਅਤੇ ਗੁਜਰਾਤੀ ਵਿੱਚ ਕਹਾਣੀਆਂ ਦਾ ਅਨੁਵਾਦ ਅਤੇ ਸੰਪਾਦਨ ਵੀ ਕਰਦੀ ਹਨ। ਪ੍ਰਤਿਸ਼ਠਾ ਦੀਆਂ ਕਵਿਤਾਵਾਂ ਗੁਜਰਾਤੀ ਅਤੇ ਅੰਗਰੇਜ਼ੀ ਵਿੱਚ ਪ੍ਰਕਾਸ਼ਿਤ ਹੋ ਚੁੱਕਿਆਂ ਹਨ।

Other stories by Pratishtha Pandya
Illustration : Labani Jangi

ਲਾਬਨੀ ਜਾਂਗੀ 2020 ਤੋਂ ਪਾਰੀ ਦੀ ਫੈਲੋ ਹਨ, ਉਹ ਵੈਸਟ ਬੰਗਾਲ ਦੇ ਨਾਦਿਆ ਜਿਲ੍ਹਾ ਤੋਂ ਹਨ ਅਤੇ ਸਵੈ-ਸਿੱਖਿਅਤ ਪੇਂਟਰ ਵੀ ਹਨ। ਉਹ ਸੈਂਟਰ ਫਾਰ ਸਟੱਡੀਜ ਇਨ ਸੋਸ਼ਲ ਸਾਇੰਸ, ਕੋਲਕਾਤਾ ਵਿੱਚ ਮਜ਼ਦੂਰ ਪ੍ਰਵਾਸ 'ਤੇ ਪੀਐੱਚਡੀ ਦੀ ਦਿਸ਼ਾ ਵਿੱਚ ਕੰਮ ਕਰ ਰਹੀ ਹਨ।

Other stories by Labani Jangi
Translator : Mayuri Sharma Baruah

Working as a college teacher, Mayuri Sharma Baruah has keen interest in translation. Being well-versed in Bengali, Hindi and English along with Assamese, she has already translated several poems, short stories and articles into Assamese, Bengali and English. Her areas of interest include women and gender, human rights and children's literature.

Other stories by Mayuri Sharma Baruah