“হুৰ্...
হেহেহে...হো...হেহেহে...হো”
হঠাতে ফলৰ বাগিচাখনৰ ওপৰৰ আকাশখন অসংখ্য চৰাইৰে ভৰি পৰিল। সুৰযে হুৰাই দিয়াত চৰাইজাকে ভয় খাই বাগিচা এৰি আকাশৰ ফালে উৰা মাৰিলে। নাচপতিৰ বাগিচাখন চোৱাচিতা কৰা ল’ৰাজনৰ এইটোৱেই কাম, পকা ফলবোৰ খাবলৈ অহা চৰাইবোৰ হুৰাই দিয়া। তেওঁ জোৰেৰে চিঞৰি চৰাইবোৰ খেদাৰ চেষ্টা কৰে, কেতিয়াবা আকৌ মাটিৰ লাডু বনাই কেটেপাৰে নিচান কৰিও চৰাইবোৰলৈ তেওঁ মাৰি পঠিয়ায়।
উত্তৰ-পশ্চিম পাঞ্জাৱৰ তৰন তাৰন জিলাৰ দাঁতিকাষৰীয়া অঞ্চলত থকা পট্টি অঞ্চলটো ফলৰ বাগিচাৰ কাৰণে জনাজাত। নাচপতি আৰু নৰা বগৰীৰ বাগিচাবোৰৰ যতন ল’বলৈ বছৰি প্ৰব্ৰজনকাৰী শ্ৰমিকসকল ইয়াত উপস্থিত হয়। তেওঁলোকৰ কাম হৈছে ফল পুৰঠ হোৱা বা চিঙিবলৈ উপযুক্ত হোৱা সময়ত অতৰ্কিতে উপস্থিত হোৱা চৰাইৰ জাকবোৰ খেদা। সুৰযৰ দৰে এনেকৈ ফলৰ বাগিচাৰ ৰখাজনক ৰাখেছ বুলি কয়।
সুৰযে চোৱাচিতা কৰা বাগিচাখনৰ প্ৰায় দুই একৰ মাটিত প্ৰায় ১৪৪ ডাল নাচপতিৰ গছ আছে। এপ্ৰিলৰ পৰা আগষ্ট মাহলৈ ফল ধৰা এই বাগিচাখনৰ একমাত্ৰ ৰখীয়াজন হৈছে ১৫ বছৰীয়া সুৰয। তেওঁক মালিকে মাহে ৮.০০০ টকা তেওঁক দৰমহা হিচাপে দিয়ে।
“গছবোৰ ফুলিবলৈ আৰম্ভ কৰিলে মালিকে বাগিচাবোৰ লীজত দি দিয়ে। লীজত লোৱা ঠিকাদাৰবোৰে ৰাখেছ নিয়োগ কৰে,” সুৰযে আমাক কয়। প্ৰায়ভাগ ৰাখেছে হৈছে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ প্ৰব্ৰজনকাৰী শ্ৰমিক।









