ফিৰফিৰীয়া বতাহ বলি থকা এদিনাখন আবেলি উষা চিণ্ডেয়ে নিজৰ নাতিয়েকক কোলাত লৈ নদীখন পাৰ হ’বলৈ ভূৰত উঠিছিল। ভূৰখন সিদিনা বেছিকৈ ঢলং-পলং কৰিছিল আৰু উষাই নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। নাতিয়েকৰ সৈতে তাই পানীত পৰি যোৱাত উষাৰ নিজৰ লগতে নাতিয়েকৰ প্ৰাণলৈকো সংশয় হৈছিল।
ঘটনাটো ঘটিছিল এই বছৰৰ মাৰ্চ মাহত। তেতিয়া ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে দেশ চানি ধৰিছিল। চাৰি বছৰীয়া উষাৰ নাতিয়েক শম্ভূৰ সেইদিনা জ্বৰ হৈছিল। “তাৰ ক’ভিড হৈছে বুলি মোৰ ভয় হৈছিল,” ৬৫ বছৰীয়া উষাই ক’লে। “তাৰ মাক-দেউতাক সেই সময়ত আছিল পশ্চিম মহাৰাষ্ট্ৰত। তাতে সিহঁতে চেনীৰ ফেক্টৰিত শ্ৰমিক হিচাপে কাম কৰি আছিল। সেয়ে ময়ে তাক লৰালৰিকৈ ডাক্তৰৰ ওচৰলৈ নিম বুলি ঠিৰাং কৰিলো।”
কিন্তু ডাক্তৰৰ ওচৰলৈ যাবলৈ হ’লে তেওঁ ভূৰত উঠি নদী পাৰ হ’বই লাগিব। “মই ভাৰসাম্য হেৰুৱাই শম্ভূৰ লগতে পানীত পৰি গ’লো,” ঊষাই কলে। “মই সাতুৰিব নাজানো। সৌভাগ্যক্ৰমে মোৰ ভতিজাটো ওচৰতে আছিল। সি পানীত জাপ মাৰি সাতুৰি গৈ আমাক উদ্ধাৰ কৰিলে। মোৰ ভয়ত অণ্ঠ-কণ্ঠ শুকাইছিল, ভাবিছিলো যে মোৰ কাৰণে যাতে নাতিটোৰ একো নহওঁক।”
ঊষাৰ গাঁও সৌতাৰা মহাৰাষ্ট্ৰৰ বীড় জিলাৰ বিনচৰ্ণা নদীৰ পাৰত অৱস্থিত। ২২৫ ফুট উচ্চতাৰ পৰা বৈ আহি নৈখনত পৰা নান্দনিক ৰামেশ্বৰ জলপ্ৰপাতটো গাঁওখনৰ পৰা মাত্ৰ ডেৰ কিলোমিটাৰ দূৰৈৰ পাটোৰা তালুকত। মুল গাওঁখনৰ পৰা এটা অংশ কাটি নদীখনে সৌতাৰা গাঁওখনক দুভাগ কৰিছে। সৌতাৰা সৰু অংশটোৰ নাম চিণ্ডে বস্তি। সেই অকলশৰীয়া বস্তিটোৰ মানুহে বজাৰ-সমাৰৰ পৰা আৰম্ভ কৰি হস্পিতাল আদিৰ কাৰণে নৈখন পাৰ হ’বলগীয়াত পৰে।









