দেৱী যিকোনো সময়তে এতিয়া ধৰাত পদাৰ্পণ কৰিব পাৰে, তেৰা মাত্ৰ সাজি-কাচি ওলাবলৈ বাকী। ''সাত বাজিলেই। ৰজত জুবিলি গাঁৱৰ প্ৰিয় ৰাইজ, সোনকালে বিচনা চাদৰ, শাড়ী, কাপোৰ আদি আনক। গ্ৰীণ ৰুম এটা সাজিব লাগে। 'মনসা এলো মর্ত্যে' (মনসা দেৱী ধৰালৈ অহা) পালা গান পৰিৱেশনৰ সময় সমাগত।’’ দক্ষিণ চৌব্বিশ পৰগনাৰ গোসাবা ব্লকৰ এই গাওঁখনৰ ছেপ্টেম্বৰৰ গমগমীয়া সন্ধিয়াটোত গীতি-নাট প্ৰদৰ্শনৰ প্ৰাকমুহূৰ্তত কৰা এই ঘোষণাত গাওঁখনৰ চুক-কোণ ৰজনজনাই গ’ল। ইয়ে জাকজমকতাৰে ভৰা উচৱৰ উলাহে নধৰা ৰাতি এটাৰ ইংগিত দিছে।
এঘণ্টাৰ ভিতৰতে গ্ৰীণ ৰূম এটা পতা হ’ল। ৰূমটো চকুৰ পচাৰতে শিল্পীৰে ভৰি পৰিল। কোনোবাই প্ৰসাধন সানিছে, আ-অলংকাৰ পিন্ধিছে আৰু অলিখিত নাটকৰ সংলাপবোৰ আওৰাইছে। গীতি-নাট্যদলটোক নেতৃত্ব দিয়া নিত্যনন্দ চৰকাৰ ধীৰ-স্থিৰ হৈ আছে, হিৰন্ময় আৰু প্ৰিয়ংকাৰ বিয়াত লগ পোৱা ৰঙীয়াল মানুহজনৰ সম্পূৰ্ণ বিপৰীত এইজন নিত্যনন্দ। আজি তেওঁ মনসাৰ ভাও ল’ব, সৰ্পদেৱীৰ ভাও। পালা গানৰ এই সন্ধিয়াৰ অনুষ্ঠানত ভাগ ল’বলগীয়া আন আন শিল্পীসকলৰ সৈতে তেওঁ মোক চিনাকি কৰি দিলে।
পালা গান হৈছে একপ্ৰকাৰৰ গীতি-নাট। বিভিন্ন লৌকিক দেৱ-দেৱীক কেন্দ্ৰ কৰি থকা মংগলকাব্যৰ ধাৰণাসমূহকে নাট্যৰূপ দি এই পালা গান ৰচনা কৰা হয়। সমগ্ৰ ভাৰততে যিসকল দেৱদেৱীৰ পূজা কৰা হয় (যেনে শিৱ) তেওঁলোকৰ স্তুতিৰ বাবে এই গীতিকবিতাসমূহ পৰিৱেশন কৰা হয়। তাৰেই শৈল্পিক ধাৰাটি মূলতঃ বংগভূমিৰ আৰাধ্য বিভিন্ন লোককথামূলক দেৱ-দেৱীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে। যেনে ধৰক ধৰ্মঠাকুৰ, সৰ্পদেৱী মা মনসা, সৰু আইৰ দেৱী শীতলা, বন বিবি আদি। মন্ত্ৰমুগ্ধ দৰ্শকৰ সন্মুখত এই পালা গান পৰিৱেশন কৰিবলৈ শিল্পীৰ দলবোৰ গোটেই বছৰটো সুন্দৰবনৰ বিভিন্ন দ্বীপবোৰত ভ্ৰমি ফুৰে।
প্ৰাচীন যুগৰ কিংবদন্তি আৰু লোককথাৰ আধাৰত অনুমান কৰা মতে ত্ৰয়োদশৰ পৰা অষ্টাদশ শতিকাত একাধিক মনসামংগল কাব্য ৰচনা কৰা হৈছিল। পশ্চিমবংগ, অসম আৰু বিহাৰৰ বিভিন্ন প্ৰান্তত প্ৰচলিত মনসামংগলৰ পালা গান এই লৌকিক কিন্তু মহাকাব্যিক ধাৰাটিৰ ওপৰত আধাৰিত। কেৱল দক্ষিণ চৌব্বিশ পৰগনাতেই নহয়, পশ্চিমবংগৰ বহু জিলা যেনে বাংকুৰা, বিৰভূম আৰু পুৰুলিয়াৰ দলিত সম্প্ৰদায়ৰ মাজত মনসা দেৱীৰ যথেষ্ট আদৰ আছে। সুন্দৰবনৰ যিটো অংশ ভাৰতত পৰে, তাতে প্ৰতিবছৰে বিশ্বকৰ্মা পুজাৰ দিনা (এইবছৰ ১৭ ছেপ্টেম্বৰ) প্ৰতিখন গাঁৱৰ প্ৰতিঘৰতে সৰ্পদেৱী মনসাৰ পুজা কৰা হয় আৰু পালাগান গোৱা হয়।

























