তেওঁলোক মঞ্চৰ কাষেৰে পাৰ হৈ গ’ল, হাতত তেওঁলোকৰ পতাকা - ৰঙা, হালধীয়া, সেউজীয়া আৰু কমলাৰঙী। মহিলাৰ মিচিল এটাও আগবাঢ়ি আহিল, তেওঁলোকৰ মূৰত সেউজীয়া দোপাত্তা। কিছুমানে ট্ৰেক্টৰ চলাই গৈছে, তেওঁলোকৰ ধোঁৱা-বৰণীয়া আৰু মেৰুন ৰঙৰ. হালধীয়া আৰু সেউজীয়া ৰঙৰ পাগুৰি মাৰিছে। কান্ধত পতাকা লৈ বহুকেইটা দল পাৰ হৈ গৈছে, প্ৰত্যেকৰে ৰং-বিৰঙী মিচিলবোৰ যেন এটা এটা কবিতা।
সংসদে গৃহীত কৰা তিনিখন নতুন আইনৰ বিৰুদ্ধে দিল্লী গেটত প্ৰতিবাদ কৰিবলৈ অহা তেওঁলোকৰ বহুতৰে বাবে সেই ২৬ নৱেম্বৰ, ২০২০ৰ পৰা এতিয়ালৈ এটা বছৰ পাৰ হৈ গ’ল। প্ৰতিবাদৰ এই মাইলৰ খুঁটিস্বৰূপ সময়খিনি উদযাপন কৰিবলৈ কৃষক তথা প্ৰতিবাদৰ সমৰ্থকসকলে সিংঘু, টিক্ৰি আৰু গাজীপুৰত যোৱা শুকুৰবাৰে ভিৰ কৰিছে।
“সেয়া আছিল বিজয়ৰ আনন্দ, স্মৃতি আৰু পৰিকল্পনাবোৰৰ মুহূৰ্ত। আমি এক আঁকোৰগোজ প্ৰশাসকক হৰুৱাইছিলো আৰু মনত সন্তোষ পাইছিলো,” সিংঘুত থকা ৩৩ বছৰ বয়সীয়া গুৰজীত সিঙে কৈছিল, প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯ নৱেম্বৰৰ দিনা সেই তিনিখন আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ দিনা তেওঁ সিংঘু সীমান্তত আছিল। সিঙে পাঞ্জাৱৰ ফিৰোজপুৰ জিলাৰ জিৰা টেহচিলৰ নিজ গাওঁ আৰায়ানৱালাত ২৫ একৰ মাটিত খেতি কৰে।
“এয়া জনতাৰ জয়। আমি আকোৰগোঁজ প্ৰশাসকক হৰুৱাইছো আৰু মনত সন্তোষ পাইছো,” সিদিনা সিংঘুত উপস্থিত ৪৫ বছৰ বয়সীয়া গুৰজীত সিং আজাদে কয়। গুৰুদাসপুৰ জিলাৰ কাহনুৱান টেহচিলৰ ভাট্টিয়ান গাঁৱত আজাদে তেওঁৰ দুই একৰ মাটিত খুৰাকহঁতে গমধান আৰু ধানৰ খেতি কৰে। “এই যুঁজখন নৱেম্বৰৰ ২৬ তাৰিখে আৰম্ভ হোৱা নাছিল। সিদিনা সেই যুঁজখন আহি দিল্লীৰ সীমান্ত পাইছিল,” তেওঁ কয়। “বিধেয়ককেইখন আইন হোৱা বহু আগৰে পৰাই কৃষকসকলে প্ৰতিবাদ কৰি আহিছিল। ২০২০ৰ ছেপ্টেম্বৰত যেতিয়া বিধেয়ককেইখন আইনত পৰিণত হয়, তেতিয়াই সকলোকে দিল্লীলৈ অহাৰ আহ্বান জনোৱা হৈছিল। আমি সেইমতেই তাত উপস্থিত হৈছিলো।”
মাৰ্চৰ সেই ঘটনাবহুল দিনবোৰ তেওঁ মনত পেলালেঃ “আমি ৰাজধানীলৈ যিমানে আগুৱাইছো, চৰকাৰে আমালৈ পানীবোমা নিক্ষেপ কৰিছে। সিহঁতে খাৱৈ খান্দিছে। কিন্তু ফেঞ্চিং আৰু কাঁটাতাঁৰ দেখি আমাৰ যুঁজখন থমকি নৰ’ল।” (যোৱাবছৰ ৬২ বছৰ বয়সীয়া যোগজাৰ সিঙে মোক কৈছিল যে তেওঁ দৰেই কৃষকে পুলিচক খুৱায় আৰু পুলিচবোৰো তেওঁলোকৰে সন্তান – সেয়ে তেওঁলোকৰ লাঠিবোৰ চলি থাকিলেহে যদি চাকৰি থাকে, তেন্তে কৃষকেও তেওঁলোকৰ পিঠি পাতি দিবলৈ সাজু।)




















