আব্দুল চাত্তাৰে বেংগালুৰু এৰি যোৱাৰ চাৰিমাহ হ’ল, তলাবন্ধই তেওঁলোকক চহৰ এৰিবলৈ বাধ্য কৰিছিল।
“পলম হ’লেও যিকোনো প্ৰকাৰে আমি যামেই,” তেওঁ কৈছিল। যোৱা ২০ মে’ত ঘূৰ্ণীবতাহ আমফান অহাৰ সময়ৰ কথা। আব্দুল আৰু তেওঁৰ বন্ধুসকলে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ নিজৰ গাওঁ চাক লাচ্চিপূৰলৈ ১৮০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি যাবলৈ উদগ্ৰীৱ হৈ পৰিছিল।
মুম্বাইৰ পৰা বেংগালুৰুলৈ আব্দুল অহা মাত্ৰ কেইমাহমান হৈছিল। সম্ভৱতঃ জানুৱাৰী নে ফেব্ৰুৱাৰীত। তেওঁৰ পত্নী, ৩২ বছৰীয়া গৃহিণী হামিদা বেগমে তেওঁলোকৰ সন্তান চালমা খাতুন (১৩) আৰু য়াছিৰ হামিদ (১২)ক লৈ জিলাখনৰ ঘাটাল তালুকৰ নিজৰ গাঁৱৰ তিনিটা কোঠাৰ এটা সৰু ঘৰত বাস কৰে। তেওঁৰ পৰিয়ালৰ ২৪ দিছমিল (এক একৰৰ এক চতুৰ্থাংশ) মাটি আছে, সেই মাটিত তেওঁৰ ভায়েকে ধান খেতি কৰে।
আব্দুলে ৮ম শ্ৰেণীৰ পিছত স্কুললৈ যোৱা বন্ধ কৰি সূচিশিল্প শিকিছিল। গাঁৱৰ আন বহুতেই এই কাম কৰিছিল। তেতিয়াৰে পৰা তেওঁ বিভিন্ন ঠাইলৈ গৈছিল, কেইবছৰমান দিল্লীত কাম কৰিছিল, তাৰ পিছত মুম্বাইলৈ গ’ল, ৫-৬ মাহৰ মূৰত এবাৰ ঘৰলৈ আহে। “মই মেচিন এম্ব্ৰইডাৰী কৰো। মুম্বাইত বেছি কাম নাপালো, সেয়ে মই মোৰ ভতিজাৰ লগত কাম কৰাৰ কথা ভাবিলো,” তেওঁ কয়।
দক্ষিণ বেংগালুৰুত তেওঁৰ ৩৩ বছৰীয়া ভতিজা হাছানুল্লাহ শ্বেখ (আধাৰ কাৰ্ডত থকা নাম)য়ে স্থাপন কৰা ক্ষুদ্ৰ কাপোৰ চিলাই কৰা ব্যৱসায়ত ৪০ বছৰীয়া আব্দুলে যোগ দিলে। আন পাঁচজনৰ সৈতে তেওঁলোকে এটা কোঠা ভাড়ালৈ ল’লে। আটাইকেইজনৰ ঘৰ মেদিনীপুৰৰ ঢাক লাচ্চিপূৰত। ছয়োজনেই হাছানৰ দোকানৰ দৰ্জী আৰু সূচিশিল্পী হিচাপে কাম কৰে।







