“ডালৰ বাহিৰৰ মানুহে যেতিয়া শুনে যে তেওঁলোকে উপঙা বাগিচাত কাম কৰিব লাগিব, তেওঁলোকে পানীত ডুবি মৰিব বুলি চিন্তা কৰে!” মহম্মদ মকবুল মাট্টুৱে মিচিকিয়াই হাঁহি কয়।
শ্ৰীনগৰ চহৰৰ ডাল হ্ৰদৰ মোটি মহল্লা খুৰ্দ এলেকাৰ ৪৭ বছৰ বয়সীয়া খেতিয়কগৰাকীয়ে কয় যে তেওঁ তেওঁলোকক দিনে ৭০০ টকা হাজিৰা দিবলগীয়া হয়, সেয়া কাশ্মীৰ উপত্যকাৰ শ্ৰীনগৰ চহৰৰ যিকোনো ঠাইৰ হাজিৰাতকৈ তাত ২০০ টকা বেছি দিব লাগে। শ্ৰমিকৰ নামত বেছি পইচা খৰচ নহওঁক বুলি “যিমান ব্যস্ত থাকিলেও মই আৰু মোৰ পত্নী তচলিমাই প্ৰতিদিনে (কামলৈ) আহো।”
মহম্মদ মকবুল মাট্টুৱে এখন নাৱেৰে ডালত থকা তেওঁৰ ৭.৫ একৰৰ উপঙা বাগিচাখনলৈ যায়। স্থানীয় ভাষাত তেনে বাগিচাক ডাল কে গাৰ্ডেন বুলি কয়। তাতে তেওঁ গোটেই বছৰটো চালগোম আৰু হাখ (বন্ধাকবিজাতীয় এবিধ পাচলি)ৰ খেতি কৰে। জাৰকালি যেতিয়া উষ্ণতা মাইনাচ ১১ ডিগ্ৰী চেলছিয়াছলৈ নামে, তেতিয়াও তেওঁ খেতিৰ কাম নেৰে। তেনে দিনবোৰত তেওঁ হ্ৰদৰ বৰফ হৈ পৰা উপৰিভাগ ভাঙি ভাঙি আগবাঢ়ে। “এই ব্যৱসায়ত আজিকালি বেছি লাভ নাই। কিন্তু ইয়াত বাদে বেলেগ কাম নাজানো কাৰণে উপায়ো নাই,” তেওঁ কয়।
১৮ কিলোমিটাৰ জুৰি বিয়পি থকা ডালক তাৰে হাউছবোট, শিকাৰা (নাও)ৰ বিহাৰ, পুৰণি মেপল গছেৰে ভৰি থকা চৰ চিনাৰ দ্বীপ আৰু হ্ৰদৰ দাঁতিত লাগি থকা মোগল যুগৰ বাগিচাবোৰৰ কাৰণে জনা যায়। শ্ৰীনগৰৰ পৰ্যটনৰ এয়া কেন্দ্ৰবিন্দু।
২১ কিলোমিটাৰ জোৰা প্ৰাকৃতিক জলাহবনৰ অংশ সেই হ্ৰদটোৰ ওপৰতে উপঙি ঘৰ আৰু বাগিচাবোৰ আছে। উপঙি থকা বাগিচাবোৰ দুই ধৰণৰঃ ৰাধ আৰু ডেম্ব। ৰাধ হৈছে কৃষকে নিজহাতে বনোৱা উপঙি থকা বাগিচা। কৃষকে দুই ধৰণৰ বন একেলগে গুঠি এই বাগিচা তৈয়াৰ কৰে - পেক (Typha angustata) আৰু নাৰ্গাচা ( Phragmites australis )। এনেদৰে বয় উলিওৱা বনৰ ৰাধখন এক একৰ মাটিৰ দহভাগৰ এভাগ বা সেই আকাৰৰ তিনিগুণলৈ হ’ব পাৰে। খেতি কৰাৰ বাবে ব্যৱহাৰ কৰাৰ আগেয়ে সেই ৰাধখন ৩-৪ বছৰৰ বাবে শুকুৱাই লোৱা হয়। এবাৰ শুকোৱাৰ পাছত সেইখনৰ ওপৰত মাটিৰ এটা তৰপ দি তাক পাচলি খেতিৰ উপযোগী কৰি তোলা হয়। খেতিয়কে সেই ৰাধখন হ্ৰদৰ ইটো-সিটো মুৰলৈ লৈ যাব পাৰে।
ডেম্ব হৈছে হ্ৰদটোৰ পাৰত আৰু দাঁতিত লাগি থকা দলনি। সেয়াও উপঙি থাকে, কিন্তু এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব নোৱাৰি।















