যিকোনো এটা মুহূৰ্তত চিলাবোৰ উৰিব, আহমেদাবাদৰ চুকে-কোণে থকা ৰাণৱেৰ পৰা এতিয়া ৰং-বিৰঙী চিলাবোৰ উৰিব। আকাশত এই ৰঙীন চিলাৰ সমাহাৰ আপুনি হয়তো আন ক’তো নেদেখিব। সেই চিলাবোৰৰ বুকু ফিন্দাই থকা পাইলট আৰু গৰাকীবোৰ মাটিৰে মানুহ। তেওঁলোকে কোনেও নাজানে এই চিলাবোৰ যে চাৰিজন মানুহৰ হাতৰ পৰশত উৰিব পৰা হয়। এই চিলাৰ ব্যৱসায়টোক জীয়াই ৰখা এই ক্ৰিউ মেম্বাৰসকলে গোটেই বছৰটো কাম কৰে। তাৰে প্ৰায়ভাগেই গ্ৰামাঞ্চলৰ বা সৰু চহৰৰ পৰা অহা মহিলা। সামান্য মজুৰিৰ বিনিময়ত তেওঁলোকৰ নিপুণ হাতৰ পৰশত এই জটিল আৰু কষ্টসাধ্য কাম সম্ভৱ হৈ পৰে যদিও নিজৰ বাবে তেওঁলোকে কেতিয়াও চিলা উৰুওৱাৰ সপোন নেদেখে।
এয়া মকৰ সংক্ৰান্তিৰ সময়। এই হিন্দু উৎসৱৰ সময়ত চহৰখনৰ আকাশত উৰা ৰং-বিৰঙী চিলাবোৰ আহমেদাবাদ আৰু গুজৰাটৰ আনন্দ জিলাৰ খাম্বাত তালুকত সজা হয়। ঘাইকৈ মুছলমান মহিলাসকলে আৰু দৰিদ্ৰ হিন্দু চুনাৰা সম্প্ৰদায়ৰ মহিলাই এই চিলাবোৰ সাজে। কোৱা নিষ্প্ৰয়োজন যে চিলা উৰুওৱাসকলৰ গৰিষ্ঠসংখ্যক হিন্দু।
এই মহিলাসকলে চিলা সজা কামটো ১০ মাহৰো অধিক সময় কৰে। বিনিময়ত পায় তেনেই নগণ্য মজুৰি। বিশেষকৈ ১৪ জানুৱাৰীৰ দিনা আকাশখন ৰঙীন কৰি তোলা সেই ৰঙীন চিলাবোৰ। ১ লাখ ২৮ হাজাৰ লোকে কাম কৰা গুজৰাটৰ ৬২৫ কোটিটকীয়া এই উদ্যোগটোত প্ৰতি দহগৰাকীৰ মাজত ৭ গৰাকীয়েই মহিলা।
“সাজু হোৱাৰ আগেয়ে চিলা এখন সাতখন হাত পাৰ হৈ আহে,” দুকুৰি বয়সৰ ছাবিন আব্বাছ নিয়াজ হুছেইন মালিকে কয়। খাম্বাতৰ লাল মহল এলেকাৰ তেওঁৰ বাৰ বাই দহ ফুটৰ ঘৰ বনাম দোকানখনত আমি বহিছোহি। চিকচিকীয়া ৰূপালী ৰঙৰ বিক্ৰেতালৈ বুলি সাজু কৰি থোৱা চিলাৰ পেকেটবোৰৰ বিপৰীতে আমি বহি লৈ বাহিৰে ৰংচং এই ব্যৱসায়টোৰ কথা শুনিছো, মানুহে নজনা কথাবোৰ তেওঁ পোহৰলৈ আনিছে।


















