“তিন আনি দো কিট্টি? (তিনি যোগ দুই কিমান?),” প্ৰতিভা হিলিমে সুধিলে। ৭ৰ পৰা ৯ বয়সৰ ভিতৰৰ প্ৰায় ১০ জন মান শিশু তেওঁৰ সন্মুখত হি আছিল। কোনেও উত্তৰ নিদিয়ে। তেওঁ এখন ব’ৰ্ডত চকেৰে লিখি উঠি শিশুকেইজনলৈ চালে আৰু তেওঁৰ বাহুৰে সংকেত দিলে আৰু পুনৰ ক’লে, “পাঁচ”।
তীখা আৰু চামৰাৰে তৈয়াৰী বিশেষ সৰঞ্জামৰ সহায়ত প্ৰতিভা থিয় হৈ আছে, এই সৰঞ্জাম তেওঁৰ দুয়োটা আঠুত সংলগ্ন কৰা আছে। কিলাকুটিৰ ওচৰত এটুকুৰা বগা চকমাটি বান্ধি লোৱা আছে।
বিদ্যালয় চলি আছে আৰু এইখন চলিছে পালঘৰ জিলাৰ কাৰ্হে গাঁৱত থকা হিলিম পৰিয়ালৰ তিনিটা কোঠাৰ পকী ঘৰটোত। চলিত বৰ্ষৰ ২০ জুলাইৰ পৰা ইয়াত প্ৰতিভাই মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিক্ৰমগড় তালুকৰ এই গাঁৱৰ প্ৰায় ৩০ জন আদিবাসী শিশুক ইংৰাজী, বুৰঞ্জী, মাৰাঠী আৰু অংক শিকায়। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে ল’ৰা-ছোৱালীবিলাক কেইবাটাও ভাগত আহে। ১৩৭৮ জনসংখ্যাৰ এই গাওঁখনৰ ল’ৰা-ছোৱালীহঁতে দুখন জিলা পৰিষদৰ বিদ্যালয়ে যোগান ধৰা কিতাপ লৈ আহে।
“অস্ত্ৰোপচাৰৰ পিছত প্ৰতিটো সৰু কাম কৰিবলৈও বহুত সময়ৰ প্ৰয়োজন হয়। আনকি কিলাকুটিত চকপেঞ্চিল লগাই লৈ লিখাও বৰ কষ্টকৰ,” প্ৰতিভাই কয়। সেই সময়তে কিলাকুটিৰ পৰা এৰি পৰি যাব খোজা চকমাটিৰ টুকুৰাটো এজন ছাত্ৰই ভেলক্ৰ’ ষ্ট্ৰেপেৰে টানকৈ লগাই দিয়ে।
যোৱা বছৰলৈকে ৱাৰ্লি আদিবাসী সম্প্ৰদায়ৰ প্ৰতিভা হিলিমে জিলা পৰিষদৰ বিদ্যালয়ত প্ৰায় ২৮ বছৰ শিক্ষয়িত্ৰী ৰূপে কাম কৰি আহিছে। ২০ বছৰ বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁৰ স্বামীয়ে কাম কৰা কাৰ্হে গাঁৱৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ নিলগৰ ভিৱাণ্ডি চহৰলৈ আহে। তেওঁৰ স্বামী ৫০ বছৰীয়া পাণ্ডুৰাং হিলিম বৰ্তমান ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্য্যালয়ৰ এজন জ্যেষ্ঠ কেৰাণী। ২০১৫ চনত যেতিয়া পাণ্ডুৰাঙক থানে জিলাৰ কালৱাল পৰা ভিৱাণ্ডিলৈ অহা-যোৱা কৰিছিল।
ভিৱাণ্ডিৰ এখন নতুন বিদ্যালয়ত কাম কৰিবলৈ আৰম্ভ কৰাৰ ঠিক পিছতে অৰ্থাৎ ২০১৯ৰ জুন মাহত হিলিম পৰিয়ালে কাৰ্হেৰ ঘৰলৈ আহিল, তেওঁলোকে মাহত এবাৰ সদায় ইয়ালৈ আহে। তেতিয়াৰে পৰা তেওঁৰ শাৰীৰিক সমস্যা আৰম্ভ হ’ল। সেই মাহতে ৫০ বছৰীয়া প্ৰতিভাৰ গেংগ্ৰীন ৰোগত আক্ৰান্ত হোৱা বুলি চিকিৎসকে ক’লে। এই ৰোগত শৰীৰৰ কোষবোৰ শুকাই যাব ধৰে। শৰীৰত থকা আঘাত অথবা সংক্ৰমণৰ ফলত সৃষ্টি হোৱা ৰোগাৱস্থাৰ বাবে সাধাৰণতে ৰক্ত সঞ্চালন নোহোৱা হৈ এই অৱস্থাৰ সৃষ্টি হয়।
অতি শীঘ্ৰে তেওঁৰ কিলাকুটিৰ তলৰ পৰা দুয়োখন হাত আৰু আঠুৰ তলৰ পৰা দুয়োখন ভৰি কাটি পেলাবলগীয়া হ’ল।








