বাৰিষাৰ দিনকেইটাত, বিশেষকৈ জুন মাহত সুনন্দা চুপেয়ে খেতি পথাৰখনত নামিবলৈ ভয় কৰে। এইখিনি সময়ত মুঠে গোগলগাই (জিয়াণ্ট আফ্ৰিকান স্নেইলৰ স্থানীয় নাম)য়ে দাৰাকৱাড়ি গাঁৱত তেওঁৰ নিজা খেতিখন খাই নষ্ট কৰি পেলায়।
“যিয়েই খেতি নকৰো কিয়, সিহঁতে খাবই। ধান, ছয়াবিন, বাদাম, কালা ঘেৱৰা (ব্লেক বিন), ৰাজমা একোৱেই সিহঁতে নেৰে,” তেওঁ কয়। আনকি আম, চিকু, মধুৰিয়াম আদিও সিহঁতৰ পৰা সাৰি নাযায়। “পথাৰত শামুকৰ সংখ্যা হাজাৰ হাজাৰ হৈ পৰে,” ৪২ বৰ্ষীয় খেতিয়কজনে কয়।
মহাৰাষ্ট্ৰত অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত মহাদেৱ কোলি সম্প্ৰদায়ৰ সুনন্দা তেওঁৰ মাক আৰু ভায়েকৰ সৈতে চাছকামান বান্ধৰ কাষতে থাকে। বান্ধটোৰ এফালে তেওঁৰ খেতি, আনফালে ঘৰ। ইটো পাৰৰ পৰা সিটোলৈ আধা ঘণ্টাৰ বাট তেওঁ নাও লৈ যাব লাগে।
জিয়াণ্ট আফ্ৰিকান স্নেইল (Achatina fulica) ভাৰতত প্ৰৱেশ কৰা এবিধ আগ্ৰাসী প্ৰজাতি বুলি গ্ল’বেল ইনভেচিভ স্পেচিছ ডেটাবেচৰ তথ্যত প্ৰকাশ পাইছে, বিভিন্ন শস্য সিহঁতৰ খাদ্য। বাৰিষাকালত, জুনৰ পৰা ছেপ্টেম্বৰ মাহত তিৱালি পাহাৰৰ নামনিত থকা শস্যপথাৰ এই প্ৰজাতিৰ শামুকেৰে ভৰি পৰে। কেতিয়াবা সিহঁত আৰু কেইমাহমানলৈ থাকে। ২০২২ৰ শেষৰফালে সুনন্দাৰ সৈতে এই প্ৰতিবেদকে কথা পাতিছিল, তেওঁ কয় যে তিনিবছৰ ধৰি এই শামুকে তেওঁলোকক জ্বলা-কলা খুৱাইছে।












