যেতিয়া থুটুকুড়ি চহৰৰ লগতে তামিলনাডুৰ বিভিন্ন প্ৰান্তত ৰাজপথবোৰ লোকে-লোকাৰণ্য হৈ পৰিছিল, তেতিয়াই সৰু ল’ৰা এজনে দৌৰি আহি সেই ভীৰত যোগ দিছিল। মুহুৰ্ততে সেই সৰু ল’ৰাটো প্ৰতিবাদী সমদলৰ অংশ হৈ পৰিছিল, ডিঙিৰ শিৰ ফুলাই পৰিৱৰ্তনৰ শ্লোগান জুৰিছিল। ‘আপুনি সেই আৱেগিক সময়ৰ কথা নাজানিব পাৰে বা অনুভৱ নকৰিবও পাৰে, কিন্তু ভগত সিঙৰ ফাঁচিয়ে তামিলনাডুৰ স্বাধীনতা সংগ্ৰামক এক আৱেগিক ৰূপ দিছিল। মানুহৰ মাজত আতংকই দেখা দিছিল, বহুতেই চকুপানীৰে বাট নেদেখা হৈছিল।’
‘তেতিয়া মোৰ বয়স আছিল মাত্ৰ ৯ বছৰ,’ তেওঁ মিচিকিয়াই হাঁহি কয়।
আজি তেওঁৰ বয়স ৯৯ বছৰ (১৫ জুলাই, ২০২০ত)। কিন্তু এগৰাকী মুক্তিযুঁজাৰু, এজন গুপ্তবাহিনীৰ বিপ্লৱী, লিখক, বাগ্মীপুৰুষ আৰু এজন সংস্কাৰকামী বুদ্ধিজীৱি হিচাপে তেওঁৰ চকুত সেই অগ্নি আৰু উদ্যম এতিয়াও বিদ্যমান। ১৯৪৭ চনৰ ১৪ আগস্তৰ দিনা বৃটিছৰ কাৰাগাৰৰ পৰা ওলাই আহিছিল এইজন বাগ্মীপুৰুষ। ‘সেইদিনা ন্যায়াধীশে কেন্দ্ৰীয় কাৰাগাৰলৈ আহি আমাক মুকলি কৰি দিছিল। মাদুৰাই ষড়যন্ত্ৰ গোচৰত আমাক নিৰ্দোষী বুলি ৰায় দিয়া হৈছিল। মই মাদুৰাইৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহি স্বাধীনতাৰ মিচিলত যোগ দিছিলো।’
১০০ বছৰত ভৰি দিবলৈ ওলোৱা এন. শংকৰীয়া এতিয়াও বৌদ্ধিক দিশত সক্ৰিয়, এতিয়াও বক্তৃতা প্ৰদান কৰে, আলোচনাত ভাগ লয়। এনেদৰে ২০১৮ৰ শেষৰফালে তেওঁ প্ৰগ্ৰেছিভ ৰাইটাৰ্ছ এণ্ড আৰ্টিষ্ট সন্মিলনত অভিভাষণৰ বাবে চেন্নাইৰ উপকণ্ঠ অঞ্চলৰ ক্ৰম্পেটৰ স্বগৃহৰ পৰা তামিলনাডুৰ মাদুৰাই অভিমুখী যাত্ৰাত আমি তেওঁৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলো। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশ লোৱাৰ বাবে নিজৰ স্নাতকৰ শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰা শংকৰীয়াই ভালেমান ৰাজনৈতিক সংক্ষিপ্ত পুথি, পুস্তিকা, পামফ্লেট আৰু সংবাদলেখা ৰচনা লিখিছে।
নৰসিংহালু শংকৰীয়াই মাদুৰাইস্থিত আমেৰিকান কলেজৰ পৰা বুৰঞ্জীৰ স্নাতক উপাধি পোৱাৰ বাবে দিবলগীয়া চুড়ান্ত পৰীক্ষালৈ মাত্ৰ দুসপ্তাহ আছিল। সেয়া ১৯৪১ৰ কথা। কিন্তু তেওঁ ৰৈ থাকিব নোৱাৰিলে। ‘মই কলেজৰ ছাত্ৰ একতা সভাৰ যুটীয়া সচিব আছিলো।’ মেধাৱী ছাত্ৰ হিচাপে তেওঁ কলেজতে কবি সমাজ এখন স্থাপন কৰাৰ লগতে কলেজৰ ফুটবল দলটোৰো প্ৰতিনিধি আছিল। ইংৰাজ বিৰোধী আন্দোলনৰ তেওঁ অতিকৈ সক্ৰিয় কৰ্মী আছিল। ‘কলেজীয় দিনবোৰত বামপন্থী ভাৱাদৰ্শৰ ভালেমান বন্ধু গোটাইছিলো। মই বুজি উঠিছিলো যে সামাজিক সংস্কাৰ অবিহনে ভাৰতৰ স্বাধীনতা অসম্পূৰ্ণ হৈ ৰ’ব।’ ১৭ বছৰ বয়সত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (তেতিয়াৰ নিষিদ্ধ আৰু আত্মগোপন অৱস্থাত থকা) দলৰ সদস্য হৈ পৰে।
তেওঁ আমেৰিকান কলেজৰ উদাৰ দৃষ্টিভংগীৰ কথা মনত পেলায়। ‘সঞ্চালককে ধৰি মুষ্টিমেয় কেইজনমানহে আমেৰিকীয় আছিল, বাকীবোৰ তামিল। তেওঁলোক নিৰপেক্ষ হৈ থাকিব লাগিছিল, কিন্তু তেওঁলোক ইংৰাজ সমৰ্থকো নাছিল। তাতে ছাত্ৰসমাজৰ কাৰ্যকলাপৰ অনুমতি দিয়া হৈছিল।...’ ১৯৪১ত ইংৰাজ বিৰোধী প্ৰতিবাদত ভাগ লোৱাৰ বাবে আন্নামালাই বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থী মীনাক্ষিক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদী সভা এখন আয়োজন কৰা হৈছিল। ‘আমি এখন পামফ্লেট বিতৰণ কৰিছিলো। আমাৰ ছাত্ৰাবাসৰ কোঠাবোৰত আকস্মিক তালাচী চলোৱা হৈছিল, (মোৰ বন্ধু) নাৰায়নস্বামীৰ হাতত পামফ্লেট এখন পোৱাৰ বাবে তেওঁক আটক কৰা হৈছিল। পাছত আমি তেওঁক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদী সভা পাতি মাত মাতো...’








