আহমেদাবাদৰ অ’ল্ড চিটিৰ ব্যস্ত গলিবোৰেৰে সমীৰুদ্দিন শ্বেইখে দিনে দুবাৰ চাইকেলখন লৈ অহা-যোৱা কৰে। তেওঁৰ জুহাপুৰৰ ফাতেহৱাৰিৰ পৰা তাজ এনভেলপচ্ - তেওঁৰ কৰ্মস্থলীলৈ ১৩ কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰে। এবাৰত তেওঁক প্ৰায় এঘণ্টা লাগে। “মটৰচাইখেলখন মই নানো, পেট্ৰ’ল বহুত খায়,” ৩৬ বছৰীয়া মৃদুভাষী সমীৰুদ্দিনে তেওঁৰ চাইখেলখন থোৱাৰ সময়ত কয়।
পুৰণি চহৰখনৰ খাৰিয়া নামৰ ঠাই এখনৰ শ্বপিং কমপ্লেক্স এটাৰ বেচমেণ্টৰ ১০ বাই ২০ ৰুম এটাত তেওঁ দিনটো আৰম্ভ আৰু শেষ হয়। তেওঁ প্ৰায় আন ১০ জনৰ সৈতে লগ লাগি চিঠিৰ খাম বনায়। তেওঁ নিজে দিনটোত ৬ৰ পৰা ৭ হাজাৰ খাম বনাব পাৰে।
খাম এটা বনোৱাটো দেখাত যিমান সহজ, সিমান সহজ নহয়। “এই কামটো শিকিবলৈ ডেৰৰ পৰা দুই বছৰ সময় লাগে,” সমীৰুদ্দিনে কয়। “ওস্তাদে (জ্যেষ্ঠ কাৰুশিল্পী আৰু গুৰুজনে আপোনাৰ কামৰ গুণগত মান ভাল বুলি মোহৰ নমৰালৈকে আপুনি স্বতন্ত্ৰ কৰ্মী হিচাপে স্বীকৃতি নাপায়,” তেওঁ বুজাই কয়।
গুণগত মান আনে ক্ষীপ্ৰতা, নিখুঁততা, নৈপুণ্য আৰু সঁজুলিৰ জ্ঞানৰ সঠিক সমাহাৰৰ কথা কোৱা হৈছে। কটা আৰু পাঞ্চিঙৰ কাৰণে দুটা মেচিনৰ বাদে বাকী আটাইবোৰ কাম হাতেৰে কৰা হয়।
প্ৰায়ভাগ সময়ত মেচিন দুটা ৱৰ্কশ্বপটোৰ মালিকেই চলায়। ডাঙৰ আকাৰৰ কাগজবোৰ সৰু সৰু পূৰ্বনিৰ্ধাৰিত আকাৰত কটা হয় আৰু খামৰ কাগজবোৰ বিভিন্ন সাঁচত ঢালিবলৈ বিশেষ সাঁচ কটা সঁজুলি ব্যৱহাৰ কৰা হয়। বনুৱাই কাগজবোৰ হিচাপ কৰে আৰু এবাৰত এশখন ভাঁজ কৰা, আঠা লগোৱা, চিল কৰা আৰু পেকিং কৰা কাম কৰে।
































