ল’ৰালিত শুনিছিলো যে আমাৰ দ্বীপটো এক বিশাল প্ৰৱাল টিলাৰ ওপৰত টিকি আছে। তলত থকা প্ৰৱালে দ্বীপটোক ধৰি আছে। আৰু আমাৰ চাৰিওফালে থকা উপহ্ৰদটোৱে আমাক মহাসাগৰৰ পৰা সুৰক্ষা দিছে,” ৬০ বছৰ বয়সীয়া মৎস্যজীৱি বি হায়দৰে কয়।
বিত্ৰাৰ আন এজন ৬০ বছৰ বয়সীয়া মৎস্যজীৱি আব্দুল খদৰে সেই কথাৰ লগত আৰু অলপ যোগ দিলে, “সৰু থাকোতে জোৱাৰ-ভাটা কমিলে প্ৰৱালবোৰ দেখিছিলো। এতিয়া আৰু তাত বেছি প্ৰৱাল নাই। কিন্তু ডাঙৰ ঢৌৰ আঘাতৰ পৰা ৰক্ষা কৰিবলৈ প্ৰৱালৰ খুবেই প্ৰয়োজন আছে।”
লক্ষদ্বীপৰ দ্বীপপুঞ্জৰ অসংখ্য কাহিনী, কল্পনা, জীৱন-জীৱিকা আৰু পৰিস্থিতিতন্ত্ৰৰ কেন্দ্ৰস্বৰূপ, সেই প্ৰৱাল ক্ৰমান্বয়ে আন বহুতো পৰিৱৰ্তনৰ সৈতে মিলি ৰংহীন হৈ পৰিছে। এই পৰিৱৰ্তন ভালেকেইদশক ধৰি মৎস্যজীৱিসকলে লক্ষ্য কৰি আহিছে।
তেনেই সহজ কথা, প্ৰকৃতিৰ পৰিৱৰ্তন ঘটিছে,” মুনিয়ামিন কে কেয়ে বুজাই ক’লে। ২২ বছৰ বয়সতে মাছ মাৰিবলৈ আৰম্ভ কৰা আগাট্টি দ্বীপৰ ৬১ বছৰীয়া বৃদ্ধ লোকজনে কয়। “তেতিয়া বাৰিষা সময়মতে(জুন মাহত) আহিছিল, কিন্তু এতিয়া বাৰিষা কেতিয়া আহিব তাৰ ঠিকনা নাই। মাছো কমিছে। আগতে মাছ ধৰিবলৈ ইমান দূৰলৈ যাবলগীয়া নহৈছিল। শ’ল মাছবোৰ তেনেই ওচৰতে পোৱা গৈছিল। কিন্তু এতিয়া মানুহে মাছৰ সন্ধানত ভালেকেইদিনলৈ, কেতিয়াবা সপ্তাহ পৰ্য্যন্ত সাগৰত কটাবলগীয়া হয়।”
আৰব সাগৰত, কেৰেলা উপকূলৰ কাষত থকা ভাৰতৰ ক্ষূদ্ৰতম কেন্দ্ৰশাসিত অঞ্চল লক্ষদ্বীপৰ নৌপথেৰে সাত ঘণ্টাৰ দূৰত্বত অৱস্থিত আগাট্টি আৰু বিত্ৰা লক্ষদ্বীপৰ পাকৈত মৎস্যজীৱিৰ ঘৰ। মালায়লম আৰু সংস্কৃত দুয়োটা ভাষাতেই লক্ষদ্বীপ মানে হৈছে এক লাখ দ্বীপ। বাস্তৱত আমি ৩৬ টা দ্বীপ দেখিবলৈ পাইছো, যাৰ বিস্তৃতি ৩২ বৰ্গকিলোমিটাৰ। অৱশ্যে জলজ প্ৰাণী আৰু সম্পদেৰে সমৃদ্ধ এই দ্বীপপুঞ্জৰ জলৰাশি ৪ লাখ বৰ্গকিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে।
এখন জিলা থকা এই কেন্দ্ৰশাসিত অঞ্চলটোৰ প্ৰতি সাতজনৰ মাজত এজন মৎস্যজীৱি আৰু মুঠ জনসংখ্যা ৬৪,৫০০ জনৰ মাজত ৯০০০ জন মৎস্যজীৱি (২০১১ৰ লোকপিয়ল)।






