“পাকঘৰৰ পৰা এয়া আৰম্ভ হৈছিল,” উত্তৰাখণ্ডৰ চামোলি জিলাৰ যোশীমঠৰ বাসিন্দা অজিত ৰাঘৱে ২০২৩ৰ ৩ জানুৱাৰীৰ ৰাতিপুৱাৰ সেই দুৰ্ভাগ্যজনক সময়ৰ কথা মনত পেলাই কয়।
জীপ টেক্সি চলোৱা ৩৭ বছৰ বয়সীয়া ৰাঘৱে বৰ্ণনা কৰে কেনেকৈ প্ৰথমে পাকঘৰত, তাৰ পিছত ঘৰৰ আন অংশত দ্ৰুত গতিত ফাঁট মেলিছিল। তেওঁৰ দুমহলীয়া সৰু ঘৰটোৰ ফাঁট কমকৈ মেলা কোঠা এটাত ততালিকে পাকঘৰৰ বস্তুবোৰ আনি সেইটোৱেই অস্থায়ী পাকঘৰ কৰা হৈছিল। ছজনীয়া পৰিয়ালটোৰ থাকিবলৈ ঠাইৰ অভাৱ হৈছিল।
“আমাৰ ডাঙৰ ছোৱালী দুজনী, ঐশ্বৰ্য্য (১২) আৰু সৃষ্টিক (৯) মোৰ ডাঙৰজনী ভনীৰ তাত থাকিবলৈ পঠিয়াই দিলো,” ৰাঘৱে কয়। পৰিয়ালৰ বাকীকেইগৰাকী - ৰাঘৱ, তেওঁৰ পত্নী গৌৰী দেৱী, ছবছৰীয়া কন্যা আয়েশা আৰু তেওঁৰ দুই বয়সস্থ খুৰীয়েকে ইয়াতেই খোৱা-বোৱা কৰে। কিন্তু ৰাতিৰ ভাগত তেওঁলোকে শুবলৈ সংস্কৃত মহাবিদ্যালয় স্কুললৈ যায়, সেই স্কুলখন হিমালয়ৰ বুকুৰ এই চহৰখনৰ বাবে অস্থায়ী আশ্ৰয়গৃহ। বিস্থাপিত প্ৰায় ২৫-৩০ টা পৰিয়ালে তাত আশ্ৰয় লৈ আছে।
২০২৩ৰ ২১ জানুৱাৰীত চামোলি জিলা কৰ্তৃপক্ষই জাৰী কৰা বিজ্ঞপ্তি অনুসৰি যোশীমোঠৰ নটা ৱাৰ্ডৰ ১৮১ টা ঘৰ অসুৰক্ষিত আৰু ৮৬৩ টা ঘৰত স্পষ্ট ফাঁট মেলা বুলি প্ৰকাশ পাইছিল। ৰাঘৱে তেওঁলোকৰ চুবুৰীটোৰ ঘৰবোৰত মেলা ফাঁটবোৰ দেখুৱাইছে। ‘‘ইয়াৰ সকলোবোৰ ঘৰেই যোশিমঠৰ কাহিনী কয়,’’ তেওঁ চহৰখনত হোৱা অবাধ উন্নয়নৰ প্ৰসংগ টানি কয়।
যোশীমঠৰ ঘৰবোৰৰ বেৰ, চিলিং আৰু মজিয়াত মেলা ফাঁট মেলিবলৈ আৰম্ভ হৈছিল ২০২৩ৰ ৩ জানুৱাৰীত, ৰাঘৱে কয়। কিছুদিনৰ ভিতৰতে এই সংকট তীব্ৰতৰ হৈ পৰিল। একে সময়তে ৰাষ্ট্ৰীয় দূৰসংবেদী কেন্দ্ৰ চমুকৈ এন.আৰ.এছ.চি.য়ে যোশীমঠত মাটি খহি যোৱাৰ তথ্য প্ৰকাশ কৰিছিল: ২০২২ৰ ডিচেম্বৰৰ শেষভাগৰ পৰা জানুৱাৰীৰ প্ৰাৰম্ভিক কেইটামান দিনলৈ ৫.৪ চেণ্টিমিটাৰ চহৰখনৰ ভূভাগ খহিছিল। এতিয়া এন.আৰ.এছ.চি.ৰ ৱেবচাইটত সেই ফটো পাবলৈ নাই।
ৰাঘৱে বাস কৰা সিংদাৰ ৱাৰ্ডত ১৫১ টা ঘৰ স্পষ্ট ফাঁট থকাটো চিনাক্ত কৰা হৈছে, ৯৮ টা ৱাৰ্ডক বসবাসৰ বাবে নিৰাপদ নহয় বুলি ঘোষণা কৰা হৈছে। বসবাসৰ অনুপযোগী আৰু নিৰাপদ নহয় বুলি জিলা কৰ্তৃপক্ষই এই আটাইবোৰ ৰঙা পূৰণ চিনেৰে চিহ্নিত কৰা হৈছে।
















