মহম্মদ শ্বামিমৰ পৰিয়ালটো তিনিজনীয়া, কিন্তু তেওঁ ৰেলৰ টিকট বিক্ৰী কৰা এজনক এনেকৈ ক’লে যে যিকোনো প্ৰকাৰে অপেক্ষাৰ তালিকাত থকা এটা টিকট নিশ্চিত কৰিব লাগে। “মোৰ পত্নীয়ে ৰেলৰ চিট এটা পালেই হ’ব,” শ্বামিমে কয়। তেওঁ যিকোনো প্ৰকাৰে উত্তৰ প্ৰদেশত থকা গাঁৱৰ ঘৰলৈ আহিবলৈ চেষ্টা কৰিলে। “মই যেনে-তেনে থিয় হৈ যাম। মই যিকোনো ধৰণেৰে যাত্ৰা কৰিব পাৰো। যোৱাবাৰৰ দৰে পৰিস্থিতিত চৰম অৱনতি ঘটাৰ আগতে আমি ঘৰলৈ যাব পাৰিলেই হ’ল,” শ্বামিমে কয়।
“প্ৰতিটো টিকট কনফাৰ্ম কৰিবলৈ এজেণ্টে ১৬০০ টকাকৈ বিচাৰিলে। মই ১৪০০ টকাকৈ দিম বুলি কৈছো। আমি যদি এটা চিট পাওঁ, আমি ৰেলত উঠিম আৰু তাৰ পিছত যি জৰিমনা বা শাস্তি হয়, মই তাৰ বাবে প্ৰস্তুত।” এইদৰে মহম্মদ শ্বামিমে ঘৰলৈ উভতিবলৈ দুঃসাহসী হৈ পৰিছে। মুম্বাইৰ পৰা উত্তৰ প্ৰদেশলৈ যাত্ৰা কৰিব পৰা ৰেলৰ একেবাৰে কম ভাড়া হ’ল ৩৮০-৫০০ টকা। উত্তৰ প্ৰদেশৰ ফৈজাবাদ জিলাৰ মাসোধা ব্লকৰ আব্বু ছৰাই গাঁৱত শ্বামিমৰ দুজন জ্যেষ্ঠ ভ্ৰাতৃয়ে খেতিৰ বতৰত আনৰ পথাৰত কৃষিশ্ৰমিক হিচাপে কাম কৰে।
মুম্বইত থকা ২২ বছৰীয়া শ্বামিম আৰু হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰী শ্ৰমিকে মাত্ৰ ১০ মাহৰ ভিতৰত পুনৰ নিজৰ গাঁৱলৈ উভতি আহিবলৈ দ্বিতীয়বাৰৰ বাবে চেষ্টা কৰিলে, কিয়নো ক’ভিড-১৯ৰ ২য় লহৰৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে এলানি কঠোৰ নিয়ম ইতিমধ্যে ঘোষণা কৰিছে আৰু ইয়াৰ লগে লগে কল-কাৰখানা বন্ধ, শ্ৰমিক চাটাই আৰু নিৰ্মাণ সংস্থাবোৰৰ কাম-কাজ বন্ধ কৰি দিয়া হৈছে।
আন্তঃৰাজ্যিক ৰেলৰ বাবে মুম্বাইৰ বান্দ্ৰা আৰু লোকমান্য তিলক টাৰ্মিনাছৰ পৰা উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ আৰু বিহাৰ আদিলৈ যাব পৰা ৰেলগাড়ী পোৱা হয়, এপ্ৰিলৰ ১১-১২ তাৰিখৰ পৰা এই ষ্টেছনবিলাকত অগণন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ভিৰ হ’বলৈ আৰম্ভণি কৰিছে আৰু ১৪ এপ্ৰিলত চৰকাৰে নতুন নিষেধাজ্ঞা ঘোষণা কৰাৰ পূৰ্বেই সকলোৱে মুম্বাই এৰিব বিচাৰিছে। প্ৰথম লকডাউনৰ দৰে পৰিস্থিতিৰ আশংকাত প্ৰব্ৰজনকাৰী শ্ৰমিকসকল শংকিত হৈছে।
শিৱসেনা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সান্ধ্য আইন বলবৎ কৰা নাই আৰু আন এক লকডাউনৰ দৰে কঠোৰ নিষেধাজ্ঞা জাৰী কৰা নাই, শ্বামিমে লকডাউন শব্দটোৰ ওপৰত অধিক গুৰুত্ব দিলে: “এয়া দ্বিতীয়বাৰৰ বাবে আমি মজুৰি হেৰুৱাম। ইতিমধ্যে আমাৰ অৱস্থা শোচনীয় হৈ আছে।”






