‘মইহে খেতিয়ক, তেওঁ খেতি নকৰে। তেওঁ কেৱল গৰুবোৰৰ পিছত লাগি সময় নষ্ট কৰে, তেওঁ গৰুবোৰ খুব ভাল পায় (গৰু কেইজনীয়ে যদি সামান্য পৰিমাণৰ গাখীৰ দিয়ে, তেতিয়াও)। পুৰুষ মানুহবোৰে গাওঁখনত ঘূৰি ফুৰে, পথাৰত মহিলাবোৰে কাম কৰে।’ আশান্না টোটাৱাড়, য়াভাটমালৰ এজন কিংবদন্তি যেন খেতিয়কৰ বিষয়ে কৈ গৈছে লীলাবাঈয়ে। তেওঁ প্ৰবাদপুৰুষৰ দৰে, য়াভাটমালত যেতিয়া খেতি একেবাৰে বিপৰ্যস্ত হৈ পৰে, তেনেকুৱা বছৰবোৰতো কপাহ আৰু ছয়াবিনৰ উৎপাদনৰ ক্ষেত্ৰত এই মানুহজনে অভিলেখ গঢ়িবলৈ সক্ষম হয়। আশান্না এজন ভদ্ৰ, অভিজ্ঞ মানুহ। বিগত ৫০ বছৰ ধৰি তেওঁ বিদৰ্ভ অঞ্চলৰ খেতিবাতি অতি নিবিড়ভাবে পৰ্যবেক্ষণ কৰি আহিছে। সেইজন মানুহেই লীলাবাঈৰ স্বামী। মহাৰাষ্ট্ৰৰ য়াভাটমাল জিলাৰ এখন ডাঙৰ কপাহৰ বজাৰ পাণ্ডাৰকৌড়া নগৰৰ লগতে লাগি থকা প্ৰিম্প্ৰি গাঁৱত এইহাল দম্পত্তিয়ে বাস কৰে।
স্বামীৰ প্ৰতি লীলাবাঈৰ অসীম সন্মান আৰু চেনেহ। তেওঁৰ আনুষ্ঠানিক শিক্ষা অলপমান যদিও নিজৰ অভিজ্ঞাৰে তেওঁ দক্ষতা অৰ্জন কৰাৰ উপৰি প্ৰশিক্ষিত হৈ পৰিছে। খেতি সম্পৰ্কত তেওঁ যি বিশ্বাস কৰে, সেই কথাকে কৈছে। বিশেষকৈ প্ৰকৃততে কোনে খেতি কৰে, এই প্ৰসংগ উত্থাপিত হ’ল। ‘মহিলাই কৰে, আৰু মহিলাই খেতিৰ কাম ভালকৈ কৰে,’ তেওঁ কয়
কেইবাদশক ধৰি এডোখৰ কৃষিভূমিত যথেষ্ট সফলতাৰে খেতিৰ কাম কৰাৰ জ্ঞান সঁচাকৈয়ে প্ৰশংসনীয়। খেতি কৰা আৰু টকা-পইছাৰ ক্ষেত্ৰত তেঁৱেই সিদ্ধান্ত গ্ৰহণ কৰে।
ললিতা আনন্দৰাও গান্ধেৱাৰৰ ঘৰত আমি লীলাবাঈক লগ পাইছিলো। মহাৰাষ্ট্ৰৰ কৃষকৰ শংকাজনক আত্মহননৰ তালিকাত আৰু এটা নাম অন্তৰ্ভূক্ত কৰি চলিত বৰ্ষৰ ২০ মে’ত ললিতাৰ স্বামী নামদেৱে আত্মহত্যা কৰিছিল। (ৰাষ্ট্ৰীয় অপৰাধ লেখন ব্যুৰ’ৰ মতে যোৱা বছৰত ৩,৭৮৬ জনৰ কম নহ’ব)। গান্ধেৱাৰৰ ঘৰত আশান্নাও আছিল।
নামদেৱে কিহৰ বাবে আত্মহত্যা কৰিবলগা হ’ল বুলি ললিতাৰ লগত কথা পাতি থাকোতেই আমি প্ৰবাদপ্ৰতীম খেতিয়ক আশান্নাৰ সৈতেও কথা পাতিলো। অন্ধকাৰ ঘৰটোৰ প্ৰায় কাষৰ কোঠাটোৰ মজিয়াতে লীলাবাঈ বহি আছিল, সেয়ে আমি তেওঁক দেখাও নাপালো। কিন্তু তেওঁ আমাৰ অজ্ঞতাক আওকাণ কৰি আন্ধাৰ মজিয়াখনৰ পৰাই আমাৰ কথাবোৰ শুনি গৈছিল।
পথাৰখনত
খেতিপথাৰত আমি অধিক বাস্তৱধৰ্মী ৰুচিসম্পন্ন দৃষ্টিভংগী লৈ নামিবই লাগিব। কৃষিকাৰ্যৰ বিনিয়োগ আৰু উৎপাদিত শস্যৰ উচিত মূল্যৰ অভাৱ- ইবোৰেই আমাক মাৰিছে।’
পিছত নিজৰ ঘৰত লীলাবাঈয়ে আমাক তেওঁৰ নিজৰ কথা ক’লে।
‘আমি খেতি আৰম্ভ কৰা দিনত ১০ হাজাৰ টকাত ৪০ একৰ খেতিৰ মাটি কিছুমান ঠাইত ক্ৰয় কৰা সম্ভৱ আছিল। এতিয়া ৪০ হাজাৰ টকা দিলেও ক’তো এক একৰ মাটি পোৱা নাযাব।’
‘খেতিত আমি এতিয়া যিবোৰ বস্তু ব্যৱহাৰ কৰো, এইবোৰে সাংঘাতিক সমস্যাৰ সৃষ্টি কৰে। অপতৃণনাশকৰ কথাকে ধৰক। ইয়াৰ দ্বাৰা ঘাঁহ-বন নিয়ন্ত্ৰিত নহয়, বৰঞ্চৰ ই শস্য আৰু মাটিৰ ক্ষতি কৰিছে। ইবোৰ ৰাসায়নিক সামগ্ৰীয়ে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। আমি কৃষিভূমিক হত্যা কৰিছো।’
‘দহ বছৰৰ আগতে আমি অতি কম পৰিমানৰ কীটনাশক ব্যৱহাৰ কৰিছিলো। এতিয়া শস্যৰ ফলন বেছি হ’বলৈ ধৰিলে, লাভ হ্ৰাস পাবলৈ ধৰিলে।’
‘হয়তো আমি ব্যৱহাৰ কৰি থকা কিছুমান সামগ্ৰী সলনি কৰিব লাগিব, নহ’লে আমি কৃষিৰ পতন মাতি অনা হ’ব।’


