‘বিশ বছৰ পূৰ্বে, নলাবোৰ চাফা আছিল আৰু পানী কাঁচৰ দৰে ফটফটীয়া আছিল। নদীত সিকি এটা পৰিলেও ওপৰৰ পৰা দেখা গৈছিল। আমি যমুনাৰ পৰা পোনে পোনে পানী খাব পাৰিছিলোঁ,’ মাছমৰীয়া ৰমন হালদাৰে কয়। কথাটোত জোৰ দিবলৈ নাটকীয় ভংগীত হাতৰ তলুৱাত পানী অলপ লৈ মুখৰ কাষলৈ আনে। আমি নাক কোঁচাই দিয়াত তেওঁ হাঁহি এটা মাৰি আঙুলিৰ ফাঁকেৰে সেয়া নিগৰি যাবলৈ দিয়ে।
প্লাষ্টিক, ফইল ৰেপাৰ, জাৱৰ-যোঁথৰ, বাতৰি কাকত, মৃত গছ-বন, কংক্ৰিটৰ টুকুৰা, বোকা, গেলা খাদ্য, অ’ত-ত’ত ভাঁহি ফুৰা নাৰিকল, ৰাসায়নিকৰ ফেন, মেটেকা আদিৰে ভৰা আজিৰ যমুনা নদীখনত এইখন মহানগৰৰ পাৰ্থিব পণ্য আৰু ভোগৰ এক ক’লা ছবি ফুটি উঠে।
যমুনাৰ মাত্ৰ ২২ কিলোমিটাৰ (কোনোমতে ১.৬ শতাংশ) অংশ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে। কিন্তু ইমান কম অংশতেই যিমানখিনি আৱৰ্জনা আৰু বিষ মিহলি হৈ পৰে যে ১,৩৭৬ কিলোমিটাৰ দীঘল নদীখনৰ মুঠ প্ৰদূষণৰ ৮০ শতাংশই তাতেই সংঘটিত হয়। এয়া স্বীকাৰ কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ (এন.জি.টি.)ৰ নিৰীক্ষণ সমিতিৰ ২০১৮ৰ প্ৰতিবেদনত নদীখনত ‘চিৱৰ লাইন’ (মলপ্ৰৱাহ নলা) বুলি ঘোষণা কৰা হৈছিল। পানীত দ্ৰৱীভূত অম্লজানৰ গুৰুতৰ অভাৱত বৃহৎ হাৰত মাছৰ মৃত্যু ঘটে।
যোৱা বছৰ দিল্লীত নদীখনৰ দক্ষিণচোৱাৰ কালিন্দী কুঞ্জ ঘাটত হাজাৰ হাজাৰ মাছ মৰি ভেলপুঙা দিছিল। ইফালে নদীখনৰ দিল্লীৰ অংশত জলজ জীৱন এক বাৰ্ষিক ঘটনাৰ দৰে হৈ পৰিছিল।
‘নদীৰ পৰিস্থিতিতন্ত্ৰ জীৱিত কৰি ৰখাৰ কাৰণে দ্ৰৱীভূত অম্লজানৰ মাত্ৰা ৬ বা তাতোকৈ বেছি হ’ব লাগে। মাছ জীয়াই থাকিবলৈ দ্ৰৱীভূত অম্লজানৰ মাত্ৰা কমেও ৪ৰ পৰা ৫ হ’ব লাগে। যমুনাৰ দিল্লীস্থিত অংশত এই মাত্ৰা ০ৰ পৰা ০,৪ৰ ভিতৰত,’ চিকোগো বিশ্ববিদ্যালয়ৰ টাটা চেণ্টাৰ ফৰ ডেভলপমেণ্টৰ ৱাটাৰ-টু-ক্লাউড প্ৰকল্পৰ পৰিচালক প্ৰিয়ংকা হিৰানীয়ে কয়। এই প্ৰকল্পৰ অধীনত নদীৰ বাস্তৱিক প্ৰদূষণৰ ৰূপৰেখা তৈয়াৰ কৰা হয়।











