‘ক’ৰণাভাইৰাছ আৰম্ভ হোৱাৰ পৰা ‘কচিয়া’ (মধ্যস্থতাকাৰী)য়ে আমাৰ গাঁৱলৈ অহা বন্ধ কৰিলে। পাচি কিনিবলৈ শেষবাৰৰ বাবে কচিয়া অহা এতিয়া তিনি সপ্তাহ হৈ গ’ল। আমি এপদ বস্তুও বিক্ৰী কৰিব পৰা নাই, কোনো বস্তু কিনিবলৈ আমাৰ হাতত টকা নাই।’ যমুনা বাই মাণ্ডৱিয়ে কয়।
ৰাজ্যখনৰ ধামতাৰি জিলাৰ নাগ্ৰি ব্লকৰ কাউহাবাহৰা গাঁৱৰ বাসিন্দা তথা চাৰিটা সন্তানৰ মাতৃ যমুনা বাঈ এগৰাকী বিধবা। চত্তীশগড়ত বিশেষভাৱে বিপন্ন জনজাতীয় গোষ্ঠীৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তালিকাভূক্ত কৰা কামাৰ আদিবাসী ৪০ বছৰীয়া যমুনা বাঈ। এই ক্ষুদ্ৰ গাওঁখনত তেওঁৰ দৰে আন ৩৬ টা কামাৰ পৰিয়াল আছে। সকলোৱে তেওঁৰ দৰে হাবিৰ পৰা বাঁহ-বেত সংগ্ৰহ কৰে আৰু পাচি তৈয়াৰ কৰে।
যমুনা বাঈ তথা আন পাচি তৈয়াৰ কৰা লোকৰ বাবে তেওঁ কোৱা কচিয়া অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে মধ্যস্থতাকাৰী বা ব্যৱসায়ী, পাচি ক্ৰয় কৰিবলৈ তেওঁ প্ৰতি সপ্তাহত গাঁৱলৈ আহে, তাৰ পিছত কচিয়াই সেইবিলাক নগৰৰ বজাৰত খুচুৰা বিক্ৰি কৰে বা গাঁৱৰ হাটত বিক্ৰি কৰে।
এতিয়া কচিয়াসকলক নেদেখা এমাহ হ’ব, ক’ভিড-১৯ তলাবন্ধৰ বাবে তেওঁলোক অহা বাদ দিলে।
যমুনাৰ চাৰিটা সন্তান- ১২ বছৰীয়া লালেশ্বৰী, ৫ম শ্ৰেণীলৈ পঢ়াৰ পিছত তাই স্কুল এৰিলে, ৮ বছৰীয়া তুলেশ্বৰী, ৬ বছৰীয়া লীলা আৰু ৪ বছৰীয়া লক্ষ্মী। চাৰি বছৰৰ আগতে চাৰিটা সন্তানৰ সৈতে কঠোৰ জীৱন সংগ্ৰামৰ মাজত যমুনা বাঈক এৰি তেওঁৰ স্বামী সীয়াৰাম ডায়েৰিয়াত পৰি মৃত্যুক সাৱতি লৈছিল। তেতিয়া সীয়াৰামৰ বয়স মাত্ৰ ৪০ বছৰ আছিল। তলাবন্ধৰ ফলত কেৱল পাচি বিক্ৰীতে বাধাৰ সৃষ্টি হোৱা নাই, উপাৰ্জনৰ আন উৎসও বন্ধ হৈ পৰিছে।
এইখন হাবিত মহুৱা ফুলাৰ (ইয়াৰ পৰা স্থানীয়ভাৱে এবিধ সুৰা প্ৰস্তুত কৰা হ’ব) সময়, কঠিন দিনবোৰত আদিবাসীসকলৰ বাবে ই উপাৰ্জনৰ এটা উৎস।






