সোহন সিংহ টিটাৰ মৰোঁ-জীওঁ-সোঁ-আধিকৈ কৰা চেষ্টাই মাটি-পানী উভয়তে বহুতৰে জীৱন ৰক্ষা কৰিছে। ভুলে চক গাঁও আৰু তাৰে আশে-পাশে থকা গাঁৱৰ কোনো বাটেৰে তেওঁ যেতিয়া নিজৰ মটৰচাইকেলখন চলাই অহা দেখিব, এনে লাগে যেন কোনো দেৱদূতৰ আবিৰ্ভাৱ ঘটিছে। তেওঁ গাঁৱে গাঁৱে পাচলি বিক্ৰী কৰি ফুৰে। কিন্তু মটৰচাইকেল চলোৱা মানুহজনক সকলোৱে আন এটা বিশেষ কাৰণতহে ভালকৈ চিনে। পাঞ্জাৱৰ গুৰদাসপুৰ জিলাস্থিত নিজ গাওঁ আৰু তাৰ আশে-পাশে থকা এলেকাৰ মানুহ কিবা কাৰণত জলসিঞ্চনৰ বাবে খন্দা খালত পৰিলে বচোৱাৰ বাবে তেওঁ প্ৰায়েই পানীত নিঃসংকোচে জপিয়াই পৰে।
যোৱা কুৰিটা বছৰে এই কামত লাগি থকা ৪২ বৰ্ষীয় সোহনে কয়, “পানীত বুৰি মৰিবলৈ ধৰা মানুহক বচোৱাটো মোৰ কাম নহয়। কিন্তু কৰোঁ আৰু। আপুনি ভাবিব পাৰে, পানীয়ে জীৱৰ প্ৰাণ। কিন্তু জীৱনত হাজাৰবাৰ দেখিছো, এই পানী দৰাচলতে কাল।” পানীৰ পৰা উদ্ধাৰ কৰা মৃতদেহৰ হিচাপ দি সোহনে কয়।
গুৰদাসপুৰ আৰু তাৰে দাঁতিকাষৰীয়া জিলা পাঠানকোট, দুয়োখনতে সোহনেই সেই মুষ্টিমেয় মানুহৰ মাজৰ এজন, যিয়ে খালত পৰা কোনো লোকক বচোৱা বা শৱ উদ্ধাৰৰ বাবে প্ৰথম খবৰ পায়। পানীত পৰা লোকজনে আত্মহত্যা কৰিছে নে সঁচাই সেয়া দূৰ্ঘটনাবশতঃ ঘটিছে, সেই কথা জনাৰ তেওঁৰ অৱকাশ নাই, খবৰ পোৱামাত্ৰকে তেওঁ লৱৰি আহে। সোহনে কয়, “কোনোবা পানীত পৰা বুলি খবৰ পালেই মই ততালিকে উপস্থিত হওঁ, পানীত জপিয়াই পৰো। জীয়াই জীয়াই মানুহক উদ্ধাৰৰ চেষ্টা কৰোঁ।” কাৰোবাক মৃত অৱস্থাত উদ্ধাৰ কৰিলেও “মই বিচাৰো যে আত্মীয়জনে অন্ততঃ মৃতকৰ মুখখন শেষবাৰলৈ চাবলৈ পাওক,” তেওঁ শান্ত-সমাহিত সুৰত কথাখিনি কয়, কিন্তু তাত যে হাজাৰজন মানুহৰ শোকগাথা লুকাই আছে।
সোহনে প্ৰতিমাহে অতিকমেও ২-৩ টা শৱ উদ্ধাৰ কৰে। জীৱনে দিয়া এই বাস্তৱ অভিজ্ঞতাৰ প্ৰসংগত তেওঁ দাৰ্শনিকৰ দৰে কৈ উঠে, “জীৱনটো এক পকনীয়াৰ দৰেই, মিনিটত এটা পাক শেষ হয় মানে আনটো আৰম্ভ হয়।”









