ভুল-ত্ৰুটিৰ স্থান ইয়াত নাই।
গ্ৰাহকৰ কাণত অতি সাৱধানে মিহি বেজীটো সুমুৱাওতে অমনৰ চকুহাল সেই কামটোতে নিবদ্ধ হৈ থাকে। চোকা অংশটো ঢাকি ৰাখিবলৈ বেজীৰ আগটোত কপাহেৰে ঘুৰণীয়াকৈ মেৰিয়াই থোৱা থাকে। তেওঁ খুব লাহে লাহে কাম কৰে যাতে ছালত কোনো আঁচোৰ নপৰে বা কাণৰ পৰ্দাৰ ক্ষতি নহয়। “কেৱল কণামাকৰিখিনিহে আঁতৰাব লাগে,” তেওঁ কয়।
শাখা-প্ৰশাখা মেলি আৱৰি ধৰা এজোপা আঁহত গছৰ ছাঁত বহি তেওঁ পাৰিৰ সৈতে কথা পাতিছিল। কাষত আছিল ছিলাই (বেজীৰ দৰে সঁজুলি), চিমতি (চেপেনা) আৰু কপাহেৰে সৈতে তেওঁৰ সা-সৰঞ্জামবোৰ থকা এটা ক’লা মোনা। মোনাটোত জড়ি বুটী (বনৌষধি)ৰে প্ৰস্তুত কৰা ঔষধি তেলৰ এটা বটল আছে যিটো তেওঁলোকৰ পৰিয়ালৰ কাণ পৰিষ্কাৰৰ গোপন ফৰ্মুলা বুলি তেওঁ কয়।
“ছিলাইৰে ময়লা উলিওৱা হয় আৰু চেপেনাৰে টানি অনা হয় [ছিলাই কণামাকৰি চাফা কৰোঁতে ব্যৱহাৰ কৰা হয় আৰু চেপেনাৰে কণামাকৰিখিনি কাণৰপৰা বাহিৰলৈ টানি অনা হয়]।” কাৰোবাৰ কাণৰ ভিতৰত কণামাকৰি লদা বান্ধি থাকিলেহে ঔষধি তেলটো ব্যৱহাৰ কৰা হয়। “আমি সংক্ৰমণৰ চিকিৎসা নকৰোঁ, কেৱল কণামাকৰি আঁতৰাও আৰু কিবা খজুৱতি হ’লে ঠিক কৰোঁ।” মানুহে যদি কাণত আঘাত লগাকৈ কাণ বেয়াকৈ চাফা কৰে, তেতিয়া খজুৱতিয়েই সংক্ৰমণ হৈ পৰে, তেওঁ আকৌ কয়।










