গ্ৰামাঞ্চলত যাতায়তৰ এনে দৃশ্য তেনেই সুলভ। ট্ৰাক বা ল’ৰিৰে সামগ্ৰী যথাস্থানত ডেলিভাৰি কৰাৰ পাছত নাইবা গাড়ীখনত মাল নথকা অৱস্থাত চালকসকলে এনেদৰেই সামান্য পইচা ঘটে। যিকোনো মানুহে তাত যাব পাৰে। অৱশ্যে গাঁৱৰ সাপ্তাহিক বজাৰ সামৰি ঘৰ যাবলৈ উদগ্ৰীৱ হৈ থকা মানুহৰ ভীৰ ঠেলি ট্ৰাকখনত সোমাব পৰাটো ইমান সহজ নহয়। গ্ৰামীণ ভাৰতৰ ভিতৰুৱা অঞ্চলবোৰত মালিকৰ অনুপস্থিতিত প্ৰতিজন ট্ৰাকচালকেই ফ্ৰীলাঞ্চ কেব ড্ৰাইভাৰ হৈ পৰে। যাতায়তৰ সুব্যৱস্থা নথকা এনে ঠাইবোৰত তেওঁৰ এই সেৱা, যদিওবা কিছু পইচাৰ বিনিময়ত, অমূল্য হৈ পৰে।
প্ৰচ্ছদ ফটোৰ এই দৃশ্য ওড়িশাৰ ক’ৰাপুটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গাওঁ এখনৰ। সাঁজ লগাৰ আগেয়ে মানুহে ঘৰ যাবলৈ হেতা-ওপৰা লগাইছে। কষ্টৰে বগাই কোনোমতে ওলমি কিমানজন মানুহ গাড়ীখনত উঠিছে সেয়া হিচাপ কৰাটো কঠিন কাম। যাত্ৰীৰ পৰা পইচা সংগ্ৰহ কৰা চালকজনেহে কিবা এটা হিচাপ দিব পাৰিব। কিন্তু তেওঁৰ হিচাপটোও যে সঠিক হ’ব তেনে নহয়। কিয়নো তেওঁ বেলেগ বেলেগ মানুহৰ পৰা বেলেগ বেলেগ পৰিমাণৰ পইচা ল’ব পাৰে। এই ধৰক হাঁহ-মুৰ্গী-ছাগলী আদি অনা লোক নাইবা বেছি ডাঙৰ তালি-টোপোলা অনা লোকৰ পৰা পইচা অলপ বেছিকৈ লৈছে। তেওঁ হাইৱেৰ কেতবোৰ নিৰ্দিষ্ট ঠাইত যাত্ৰীবোৰক নমাই দিয়ে। তাৰপৰাই মানুহবোৰে হাবিতলীয়া আন্ধাৰ বাটেৰে ল’ৰালৰিকৈ নিজ নিজ ঘৰলৈ খোজ দিয়ে।
বহুতেই ৩০ৰো অধিক কিলোমিটাৰ বাট বাই হাটখনলৈ আহে। তেওঁলোকৰ ঘৰবোৰ প্ৰায়ে হাইৱেৰ পৰা বহুত ভিতৰত। ৰাস্তাৰ অৱস্থা আৰু কষ্টলৈ চাই দুইৰ পৰা পাঁচ টকা দি তেওঁলোকে এইখিনি বাটৰ ২০ কিলোমিটাৰমান এনেদৰে ট্ৰাক বা লৰিত আহিব পাৰে। কিমান পইচা দিব লাগিব সেয়া চালকজনৰ ওপৰত আৰু দুয়োপক্ষৰ মাজৰ হোৱা তাৎক্ষণিক দৰ-দামৰ ওপৰতো নিৰ্ভৰ কৰে। এনেদৰে ভ্ৰমণ কৰাত মোৰ অসুবিধা এটা আছে, যদিওবা মই হাজাৰ হাজাৰ কিলোমিটাৰ মই এনেকৈ ভ্ৰমণ কৰি পাইছো। সেয়া হৈছে সন্মুখৰ কেবিনটোত মানুহৰ সৈতে বহিবলৈ চালকজনক সৈমান কৰোৱা। কেতিয়াবা আকৌ ভিতৰত নাপালে কেবিনৰ ওপৰতো বহো।



