“মোৰ ডাঙৰ ল’ৰা দুটাই পাটিলৰ (পামৰ মালিক) লগত দুদিনৰ কাৰণে কাম কৰি ১৫০ টকাকৈ উপার্জন কৰিছিল। সিহঁতে সেইখিনি টকাৰে তেওঁৰ পৰা কান্যা কিনিছিল”, ৱনিতা ভ’ইৰে কয়। তেওঁ এটা প্লাষ্টিকৰ জাৰ খুলি হাতত অলপ চাউলৰ টুকুৰা লৈ মোক দেখুৱায়। এয়া খেতি চপোৱাৰ পাচত মৰণা মৰাৰ সময়ত গোটোৱা চাউলৰ টুকুৰা আৰু এইবোৰ চাউলতকৈ সস্তা। এই কান্যাবোৰৰ লগতে ৫২ বছৰীয়া ৱনিতাৰ খেৰী ঘৰটোত এসপ্তাহৰ জোখাৰে নিমখ, জলকীয়া আৰু হালধী গুড়ি, ৰন্ধন তেল আৰু কিছু আলু আছে। এই সামগ্রীসমূহো পৰিয়ালটোক স্থানীয় সমাজকর্মীসকলেহে যুগুত কৰি দিছে।
“যাৰ ৰেচন কার্ড আছে, চৰকাৰে তেওঁলোকক শস্যৰ বীজ দিয়ে। তেওঁলোকে চাউলো বিনামূলীয়াকৈ পায় (মার্চত লকডাউন আৰম্ভ হোৱাৰে পৰা প্রতি মাহে)। কিন্তু আমাৰ ৰেচন কার্ড নাই। এতিয়া আমাৰ পৰিয়ালটোৱে কি কৰা উচিত?”, ৱনিতাৰ ৫৫ বছৰীয়া স্বামী নৱসু ভ’ইৰে প্রশ্ন কৰে। তেওঁ আৰু কয়, “চৰকাৰে আমাক সহায় নকৰে। আমাৰ কামো বন্ধ হৈ থাকিল; আমি এতিয়া খাম কি?”
নৱসুৱে কেতিয়াও ৰেচন কার্ডৰ বাবে আবেদন কৰা নাছিল। কাৰণ, তেওঁ কোৱা মতে, “আমি প্রতি বছৰে কাম বিচাৰি বেলেগ ঠাইলৈ প্রব্রজন কৰো। ইয়াৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগে তাকো নাজানো”। তেওঁ নিজেও অশিক্ষিত আৰু ৱনিতা আৰু তেওঁৰ সন্তানসকলৰ তিনিটি সন্তান আনন্দ (১৮) আৰু শিৱ (১২) তৃতীয় শ্রেণীৰ পাছত তথা ৰামদাসে (১৬) চতুৰ্থ শ্রেণীৰ পাছত পঢ়া এৰে। তেওঁলোকৰ আন দুটি কনিষ্ঠ সন্তান কৃষ্ণা (৮) দ্বিতীয় শ্রেণীত আৰু আটাইতকৈ সৰু সঙ্গীতা স্থানীয় অংগনৱাড়ীত পঢ়ি আছে।
পালঘৰ গাঁৱৰ ৱড়া নগৰৰ পৰা প্রায় ২০ কিমি আঁতৰৰ বৰান্দা গাঁৱত ভ’ইৰ পৰিয়ালটো বাস কৰে। তেওঁলোক কাটকাৰী আদিবাসী সম্প্রদায়ৰ আঠটামান জুপুৰীৰ চুবুৰী এটাত থাকে।
যোৱা বছৰ নৱেম্বৰত এই শ্রমিক পৰিয়ালটোৱে ভিৱাণ্ডি তালুকলৈ ইটা ভাতীত কাম কৰিবলৈ প্রব্রজন কৰিছিল। ইটাৰ ভাতীৰ কাম মানে দিন-ৰাতিৰ খাটনি। সপ্তাহত এবাৰকৈ ভাতীৰ মালিকৰ পৰা হাত খৰচ হিচাপে পোৱা ৪০০-৫০০ টকাৰে তেওঁলোকে ৰেচন আৰু অন্যান্য প্রয়োজনীয় সামগ্রী কিনিছিল। কিন্তু ভাতীত কাম কৰা মাহ কেইটাৰ অন্তত যেতিয়া তেওঁলোকৰ মুঠ মাননি গণনা কৰা হ’ল, তেতিয়া তেওঁলোকৰ মুঠ উপার্জনৰ পৰা হাত খৰচখিনি বাদ দিয়া হৈছিল। যদিহে পৰিয়ালটোৰ কোনো ঋণ নাথাকে, তেন্তে নৱেম্বৰৰ পৰা মে’লৈ এই সাত মাহ কাম কৰাৰ বাবদ প্রায় ১০ৰ পৰা ১২ হাজাৰ টকা তেওঁলোকৰ হাতলৈ আহে।






