দেওবাৰে পুৱা ১০.৩০ বাজিছে আৰু হানী কামৰ বাবে সাজু হৈছে। ড্ৰেছিং টেবুলৰ সন্মুখত থিয় হৈ তেওঁ সাৱধানে উজ্জল ৰঙা লিপষ্টিক লগাইছে। “মোৰ পোছাকৰ লগত এই ৰং ধুনীয়াকৈ খাপ খাব,” সাত বছৰীয়া কন্যা সন্তানক খুৱাবলৈ লৰালৰি কৰা হানীয়ে কয়। ড্ৰেছিং টেবুলৰ ওপৰত কেইখনমান মাস্ক আৰু এজোৰ ইয়াৰফোন পৰি আছে। টেবুলৰ ওপৰত বিভিন্ন প্ৰসাধন সামগ্ৰী বিশৃংখল হৈ পৰি আছে, ইফালে ড্ৰেছিং আইনাখনত কোঠাৰ এটা চুকত থকা ভগৱান আৰু পৰিয়ালৰ লোকৰ আলোকচিত্ৰ প্ৰতিফলিত হৈছে।
নতুন দিল্লীৰ মঙলপুৰী এলেকাৰ বস্তিত এটা কোঠাৰ তেওঁৰ ভাড়াঘৰৰ পৰা ৭-৮ কিলোমিটাৰ দূৰত এখন হোটেলত এজন গ্ৰাহকক লগ ধৰিবলৈ হানী (নাম সলনি কৰা হৈছে) সাজু হৈছে। তেওঁ প্ৰায় ৩২ বছৰ বয়সীয়া আৰু পেছাত এগৰাকী যৌনকৰ্মী। ৰাজধানী দিল্লীৰ নাংলৈ জাঠ এলেকাৰ সমীপত তেওঁ কাম কৰে। তেওঁৰ আচল ঘৰ আছিল হাৰিয়ানাৰ গ্ৰামাঞ্চলত। “১০ বছৰৰ আগতে ইয়ালৈ আহিলো আৰু এতিয়া এই অঞ্চলৰ বাসিন্দা হৈ পৰিলো। দিল্লীলৈ অহাৰ পিছৰ পৰা ইটোৰ পিছত সিটো দুৰ্ভাগ্যই মোৰ লগ এৰা নাই।”
কেনে ধৰণৰ দুৰ্ভাগ্য?
“চাৰিবাৰ গৰ্ভপাত হোৱা বহুত ডাঙৰ কথা। মোৰ ক্ষেত্ৰত এইবিলাক হৈছে, মোক খুৱাবলৈ, যত্ন ল’বলৈ বা চিকিৎসালয়লৈ লৈ যাবলৈ কোনো নাছিল”, নিজেই নিজৰ মতে বহুদূৰ আগুৱাই আহিল বুলি এক কৃত্ৰিম হাঁহি মাৰি হানীয়ে কয়।
“মই এই বৃত্তিত ভৰি দিয়াৰ এইটোৱেই একমাত্ৰ কাৰণ। মই খাবলৈ বা মোৰ সন্তানক খুৱাবলৈ টকা নাই” এতিয়াও মোৰ গৰ্ভত এটি সন্তান আছে। পঞ্চমবাৰৰ বাবে মই গৰ্ভধাৰণ কৰিছো। মই দুমাহৰ অন্তঃসত্বা হৈ থকা অৱস্থাত স্বামীয়ে মোক এৰি থৈ গুছি গৈছিল। মোৰ ৰুগ্নতাৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, মোক মই কাম কৰা কাৰখানাৰ মালিকে কামৰ পৰা বাহিৰ কৰি দিলে, সেই কাৰখানাত প্লাষ্টিকৰ টেমা তৈয়াৰ কৰা হয়। কাৰখানাৰ কামৰ পৰা মই মাহে ১০,০০০ টকা উপাৰ্জন কৰিছিলো,” তেওঁ কয়।
১৬ বছৰ বয়সতে হানীৰ পিতৃ-মাতৃয়ে হাৰিনায়াত তেওঁৰ বিবাহ সম্পন্ন কৰিছিল। কেইবছৰমান হানী আৰু তেওঁৰ স্বামী হাৰিয়ানাতে আছিল। স্বামীয়ে গাড়ী চালকৰ কাম কৰিছিল। প্ৰায় ২২ বছৰমান বয়সত হানী আৰু তেওঁৰ স্বামী দিল্লীলৈ আহে। কিন্তু দিল্লীলৈ আহি পোৱাৰ পিছত সুৰাসক্ত স্বামী প্ৰায়ে অন্তৰ্ধান হোৱা আৰম্ভ কৰিলে। “কেতিয়াবা কেইবামাহৰ কাৰণে হানীক এৰি স্বামী নোহোৱা হয়। ক’লৈ যায়? মই নাজানো। এতিয়াও তেনেকুৱা কৰে আৰু মোক সেই বিষয়ে কেতিয়াও একো নকয়। মাত্ৰ আন মহিলাৰ সৈতে আঁতৰি যায় আৰু যেতিয়া হাতত টকা নোহোৱা হয়, তেতিয়া উভতি আহে। তেওঁ খাদ্য-সামগ্ৰী যোগনীয়াৰ এজেণ্ট হিচাপে কাম কৰে আৰু উপাৰ্জনৰ ধনৰ প্ৰায় গোটেইখিনি নিজৰ বাবে খৰছ কৰে। মোৰ চাৰিবাৰকৈ গৰ্ভপাত হোৱাৰ এয়ে মূল কাৰণ। মোৰ প্ৰয়োজন হোৱা ঔষধো তেওঁ আনি নিদিয়ে বা পুষ্টিকৰ খাদ্যৰ কথাও নাভাবে। মই ক্ৰমাৎ দুৰ্বল হৈ পৰিছিলো,” তেওঁ কৈ যায়।







