সেই নিশা গোটেই পাহাৰখন খহি পৰিছিল।
নিশা প্ৰায় ১১ বাজিছিল। চাৰি-পাঁচটা লগা-লগি ঘৰখনৰ অনীতা বাকাড়েৰ লগতে ১৭ জনীয়া যৌথ পৰিয়ালটো নিহপালি দিছিল। "কিবা এটা খহি পৰাৰ ডাঙৰ শব্দত সাৰ পাই উঠিলো, বুজিবলৈ বাকী নাথাকিল, কি হৈছে," তেওঁ কয়। "হুৱা-দুৱা লাগিল, আমি আন্ধাৰে-মুন্ধাৰে দৌৰিবলৈ ধৰিলো। তেতিয়ালৈকে আমাৰ কাষৰ ঘৰবোৰ খহি পৰিছিল।"
মহাৰাষ্ট্ৰৰ চাতাৰা জিলাৰ পাটান তালুকৰ সহয়াদ্ৰী গিৰিমালাৰ আশে-পাশে অৱস্থিত মিৰগাঁৱত এই বছৰ ২২ জুলাইৰ নিশাৰ সেই দুৰ্যোগত অনিতাৰ ঘৰটো ৰক্ষা পৰিল ঠিকেই, কিন্তু তেওঁলোকৰ যৌথ কৃষক পৰিয়ালটোৰ ১১ জন সদস্যই প্ৰাণ হেৰুৱালে। সেইসকলৰ মাজত আটাইতকৈ সৰু আছিল সাত বছৰীয়া ভতিজাক যুৱৰাজ। আটাইতকৈ ডাঙৰ আছিল দূৰ সম্পৰ্কীয় আত্মীয় চাৰি কুৰি বছৰ বয়সীয়া যশোদা বাকাড়ে।
পিছদিনা পুৱাভাগলৈ উদ্ধাৰকাৰী দল উপস্থিত হয়। দুপৰীয়াৰ ভিতৰত ৪৩ বছৰীয়া অনিতাকে ধৰি গাঁওখনৰ আন সদস্যসকলক প্ৰায় ছয় কিলোমিটাৰ দূৰত থকা কয়নানগৰ গাঁৱৰ জিলা পৰিষদ বিদ্যালয়লৈ স্থানান্তৰ কৰা হয় – মিৰগাঁও বিশাল কয়না বান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰত অৱস্থিত।










